স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

Posted On: 30 APR 2020 5:37PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷

নন-ক’ভিড ৰোগীসকলৰ বাবে স্বাস্থ্য সেৱাৰ নিশ্চিতি প্ৰদানৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰীসকললৈ ৰক্তদাতাৰ পৰা ৰক্ত সংগ্ৰহৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰে৷ বহু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে তেওঁলোকৰ নিয়মীয়া ৰোগীসকলক কিছুমান গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াবলৈ অসন্মতি হোৱা পৰিলক্ষিত হৈছে৷ এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহক ১৫ এপ্ৰিল ২০২০ তাৰিখে গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনাৱলী অনুসৰি লকডাউনৰ সময়ছোৱাতো সকলো স্বাস্থ্য সেৱা কাৰ্যকৰী হৈ থাকিব বুলি উল্লেখ কৰে৷ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহক ১৭ এপ্ৰিল ২০২০ তাৰিখে আইচিএমআৰে জাৰি কৰা ক’ভিড-১৯ পৰীক্ষণ সংক্ৰান্তীয় নিৰ্দেশাৱলী পালন কৰিবলৈ পৰামৰ্শ দিয়া হয়৷

এই পৰ্যন্ত ৮,৩২৪জন লোক আৰোগ্য হৈছে৷ মুঠ আৰোগ্য হাৰ ২৫.১৯%৷ এই পৰ্যন্ত দেশত মুঠ নিশ্চিত পৰিঘটনা ৩৩,০৫০টা৷  কালিলৈকে ১৭১৮টা নতুন নিশ্চিত পৰিঘটনা প্ৰতিবেদিত হৈছে৷

মৃত্যুৰ পৰিঘটনাসমূহৰ ওপৰত হোৱা বিশ্লেষণ অনুসৰি মৃত্যুৰ হাৰ ৩.২% বুলি প্ৰতিবেদিত হৈছে৷ ইয়াৰে ৬৫% পুৰুষ আৰু ৩৫% মহিলা৷ দ্বিগুণ হাৰৰ বিশ্লেষণৰ দ্বাৰা দেশত ৰাষ্ট্ৰীয় গড় বৰ্তমানে ১১ দিন বুলি প্ৰকাশিত হৈছে, লকডাউনৰ পূৰ্বে ই ৩.৪ দিন আছিল৷

ৰাষ্ট্ৰীয় গড়ৰ তুলনাত যিবোৰ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ দ্বিগুণ হাৰ উন্নত, সেইসমূহ হ’লঃ

১১ দিনৰ পৰা ২০ দিনৰ ভিতৰত দ্বিগুণ হাৰৰ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশঃ দিল্লী, উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰ, উৰিষ্যা, ৰাজস্থান, তামিলনাডু আৰু পাঞ্জাৱ৷

২০ দিনৰ পৰা ৪০ দিনৰ ভিতৰত দ্বিগুণ হাৰৰ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশঃ কৰ্ণাটক, লাডাখ, হাৰিয়ানা, উত্তৰাখণ্ড আৰু কেৰেলা৷

৪০ দিনতকৈ অধিক দ্বিগুণ হাৰৰ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশঃ অসম, তেলেংগানা, চট্টিশগড় আৰু হিমাচল প্ৰদেশ৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

*****

MV/SG/MANN



(Release ID: 1619656) Visitor Counter : 202