প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 29 APR 2020 8:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ আৰু ভাৰতৰ জনসাধাৰণৰ তৰফৰ পৰা বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ বাবে সৃষ্টি হোৱা আঞ্চলিক পৰিস্থিতিসমূহৰ বিষয়ে আলোচনা কৰি পৰস্পৰৰ দেশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উভয়ে উভয়ক অৱগত কৰে৷ দুয়োগৰাকী নেতাই ছাৰ্ক দেশসমূহৰ মাজত ১৫ মাৰ্চ তাৰিখে সম্পন্ন হোৱা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ প্ৰণয়নত সন্তোষ ব্যক্ত কৰে৷ ছাৰ্ক ক’ভিড-১৯ জৰুৰীকালীন পুঁজিলৈ বাংলাদেশে ১.৫ মিলিয়ন আমেৰিকান ডলাৰৰ বৰঙণি আগবঢ়োৱা কাৰ্যত প্ৰধানমন্ত্ৰী মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে৷ অঞ্চলটোত ক’ভিড-১৯ক পৰাভূত কৰিবলৈ তথা বাংলাদেশলৈ চিকিৎসা সামগ্ৰী প্ৰেৰণ আৰু সামৰ্থ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ভূমিকাক বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে৷ দুয়োগৰাকী নেতাই অত্যাৱশ্যকীয় সামগ্ৰীসমূহ পথ, ৰে’ল, আন্তঃদেশীয় জলপথ আৰু বায়ু পথেৰে সীমাৰ সিপাৰে নিৰৱচ্ছিন্নভাৱে যোগান ধৰা কাৰ্যত সন্তোষ ব্যক্ত কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা তথা বাংলাদেশৰ জনসাধাৰণক ঐতিহাসিক মুজিব বাৰ্শ্ব’ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সুস্বাস্থ্যও কামনা কৰে৷

*****

VRRK/KP/MANN



(Release ID: 1619420) Visitor Counter : 186