ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়
‘লকডাউন’ৰ সময়চোৱাত সাৰ বিক্ৰীৰ অভিলেখ
Posted On:
28 APR 2020 5:08PM by PIB Guwahati
দেশজুৰি বলবত্ কৰা ‘লকডাউন’ৰ সময়চোৱাত দেশত সাৰ বিক্ৰীয়ে এক অভিলেখ ৰচনা কৰিছে। এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় ৰসায়ণ আৰু সাৰ মন্ত্ৰালয়ৰ সাৰ বিভাগে।
বিভাগটোৱে দাঙি ধৰা তথ্য অনুসৰি, যোৱা ১এপ্ৰিলৰ পৰা ২২এপ্ৰিল, ২০২০ৰ মাজৰ দিনকেইটাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে কৃষকসকলক বিক্ৰী কৰা সাৰৰ পৰিমাণ হ’ল ১০.৬৩লাখ মেট্ৰিক টন। এই পৰিমাণ যোৱাটো বছৰৰ এই একেচোৱা সময়ত হোৱা ৮.৩২লাখ মেট্ৰিক টন সাৰৰ হিচাপত ৩২শতাংশ অধিক।
সেইদৰে, যোৱা ১এপ্ৰিলৰ পৰা ২২এপ্ৰিল,২০২০ৰ মাজৰ দিনকেইটাত সাৰৰ বিক্ৰেতাসকলে ক্ৰয় কৰা সাৰৰ পৰিমাণ হ’ল ১৫.৭৭লাখ মেট্ৰিক টন। এই পৰিমাণ যোৱাটো বছৰৰ এই একেচোৱা সময়ত হোৱা ১০.৭৯লাখ মেট্ৰিক টন সাৰৰ হিচাপত ৪৬শতাংশ অধিক।
‘লকডাউন’ৰ সময়চোৱাত দেশত প্ৰযোজ্য হোৱা বিভিন্ন বাধা-নিষেধ স্বত্বেও সাৰ বিভাগ, ৰে’ল বিভাগ, ৰাজ্য চৰকাৰ আৰু বিভিন্ন বন্দৰসমূহৰ সমন্বিত প্ৰয়াসৰ ফলত বিশেষ অসুবিধাৰ সন্মুখীন নোহোৱাকৈয়ে এইখিনি সময়ত দেশত সাৰৰ উত্পাদন আৰু যোগান অব্যাহত থাকে।
যোৱা ১৭ এপ্ৰিলত ৪১ ‘ৰেক’ সাৰ উত্পাদন প্ৰকল্পৰ পৰা বন্দৰলৈ প্ৰেৰণ কৰা হৈছিল। ‘লকডাউন’ৰ সময়চোৱাত এটা দিনত হোৱা সাৰৰ এয়া আছিল আটাইতকৈ বৃহত্ স্থানান্তৰণ। উল্লেখ্য যে, এটা ‘ৰেক’ত এবাৰত ৩০০০মেট্ৰিক টন পৰিমাণৰ সাৰ কঢ়িয়াব পাৰি।
প্ৰণিধানযোগ্য যে, ভাৰত চৰকাৰে ‘লকডাউনে’ সৃষ্টি কৰা অসুবিধাত যাতে দেশৰ কৃষিখণ্ডই সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়, সেয়া নিশ্চিত কৰাৰ লক্ষ্যৰে ‘অত্যাৱশ্যকীয় সামগ্ৰী আইন’ৰ অধীনত সাৰ প্ৰকল্পসমূহৰ কাম-কাজ অব্যহত ৰখাৰ অনুমতি প্ৰদান কৰিছিল।
***
RCJ/RKM/KB
(Release ID: 1619133)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam