প্ৰতিৰক্ষা মন্ত্ৰালয়

সুৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ক’ভিড-১৯ নিৰ্মূলৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ সুৰক্ষা সংস্থাসমূহ আৰু অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কাৰখানা বোৰ্ডৰ বৰঙণি তথা লকডাউনৰ পিছৰ পৰ্যায়ত এইসমূহৰ কৰ্মআঁচনিৰ বুজ লয়

Posted On: 28 APR 2020 3:17PM by PIB Guwahati

সুৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজি এক ভিডিঅ’ কনফাৰেন্সযোগে ক’ভিড-১৯ নিৰ্মূলৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ সুৰক্ষা সংস্থা (ডি পি এচ ইউ)সমূহ আৰু অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কাৰখানা বোৰ্ড (অ’ এফ বি)ৰ বৰঙণি তথা লকডাউনৰ পিছৰ পৰ্যায়ত এইসমূহৰ কৰ্মআঁচনিৰ বুজ লয়।

শ্ৰী ৰাজনাথ সিঙে ডি পি এচ ইউসমূহক নানা উদ্ভাৱনী চিন্তাৰে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজাৰ বাবে বিভিন্ন সা-সঁজুলি নিৰ্মাণৰ লগতে বিভিন্নধৰণে স্থানীয় প্ৰশাসনক সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰশংসা কৰে।

সুৰক্ষা মন্ত্ৰীগৰাকীয়ে লকডাউনৰ পিছৰ পৰ্যায়ৰ কৰ্মআঁচনি এতিয়াই যুগুতাই লৈ ক্ষতি হোৱা দিনকেইটাৰ উপাদনশীলতা যতদূৰ সম্ভৱ পূৰণ কৰাৰ বাবে আহ্বান জনায়।

লকডাউনৰ পিছত অৰ্থনীতিৰ পুনঃনিৰ্মাণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আঁচনিৰ কথা উল্লেখ কৰি শ্ৰী ৰাজনাথ সিঙে কয় যে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সুৰক্ষা সংস্থাসমূহে একেলগ হৈ দেশৰ অৰ্থনীতিৰ পুনৰোদ্ধাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

সুৰক্ষা নিৰ্মাণ বিভাগ, সুৰক্ষা মন্ত্ৰালয়, ৰাজহুৱা খণ্ডৰ সুৰক্ষা সংস্থা আৰু অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কাৰখানা বোৰ্ডে নিজৰ নিজৰ চি এচ আৰ পুঁজি আৰু এদিনৰ দৰমহাৰপৰা পি এম কেয়াৰ্চ পুঁজিলৈ প্ৰায় ৭৭ কোটি টকাৰ বৰঙণি আগবঢ়োৱাৰ বাবে সুৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ শলাগ লয়। এপ্ৰিল ২০২০ৰ ভিতৰত ডি পি এচ ইউসমূহৰপৰা পি এম কেয়াৰ্চ পুঁজিলৈ অধিক বৰঙণি আগবঢ়োৱা হ’ব বুলি জানিব পৰা গৈছে। 

কনফাৰেন্সৰ সময়ত অ’ এফ বিয়ে জানিবলৈ দিয়ে যে তেওঁলোকৰ অধীনৰ ৪১ টা নিৰ্মাণ কৰাখানাত এজনো ক’ভিড-১৯ৰ পজিটিভ ওলোৱা নাই। ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজাৰ বাবে অ’ এফ বিয়ে ১০০ তকৈও অধিক ভেন্টিলেটৰ মেৰামতি কৰিছে, ১২,৮০০ কভাৰল নিৰ্মাণ কৰিছে পিপিই পৰীক্ষণৰ কাৰণে বিশেষ যন্ত্ৰ তৈয়াৰ কৰিছে, স্থানীয় প্ৰশাসনক ৬.৩৫ লাখ মাস্ক যোগান দিছে, ক’ভিড-১৯ ৰোগীৰ বাবে অৰুণাচল প্ৰদেশলৈ বিশেষ ধৰণে তৈয়াৰী ৩৪০ টা টম্বু পঠিয়াইছে, ১ লাখ লিটাৰ হেণ্ড চেনিটাইজাৰ বিতৰণ কৰিছে। দহখন ঠাইত থকা অ’ এফ বিৰ চিকিসালয়ত ২৮০ খন আচুতীয়া বিছনা যোগান দিয়াৰ উপৰিও হিন্দুস্তান এৰোনেটিক লিমিটেডে (এইচ এ এল) ক’ভিড-১৯ ৰোগীৰ বাবে বাঙ্গালোৰত ৯৩ খন আচুতীয়া বিছনা যোগান দিছে।

ভাৰত ইলেক্ট্ৰ’নিক্স লিমিটেড (বি ই এল)এ মে’ ২০২০ ৰ ভিতৰতে ১২,০০০ ভেন্টিলেটৰ নিৰ্মাণ কৰিছে আৰু জুন ২০২০ ৰ ভিতৰত আৰু ১৮,০০০ নিৰ্মাণ কৰি উলিওৱাৰ কথা। স্বাস্থ্যকৰ্মীসকলক ভেন্টিলেটৰসমূহ পৰিচালনা কৰাৰ বাবে প্ৰশিক্ষণ দিয়াৰ প্ৰক্ৰিয়াত প্ৰায় ৩০০০ অভিযন্তাই অংশ ল’ব। 

এইচ এ এলে ৩০০ এৰোজ’ল কেবিনেট নিৰ্মাণ কৰি বিভিন্ন চিকিসালয়লৈ যোগান দিছে। লগতে পৰিভ্ৰমী ৫৬,০০০ শ্ৰমিকক মাস্ক প্ৰদান কৰিছে। এতিয়ালৈকে এইচ এ এলৰ এজনো কৰ্মচাৰী ক’ভিড-১৯ৰ পজিটিভ ওলোৱা নাই।

ভাৰত ডাইনেমিক্স লিমিটেডে (বি ডি এল)বিশিষ্ট বিজ্ঞানীৰ লগত লগহৈ ভেন্টিলেটৰ নিৰ্মাণৰ প্ৰচেষ্টা হাতত লৈছে আৰু ইতিমধ্যে আৰ্হি চূড়ান্ত কৰিছে।

মাজাগণ ডক শ্বিপবিল্ডাৰ্ছ লিমিটেডে (এম ডি এল) মুম্বাইৰ নৌ বিভাগৰ কোৱাৰেন্টাইন কেন্দ্ৰলৈ ৫ লাখ পি পি ই পঠাইছে আৰু ৪০০০ লিটাৰ চেনিটাইজাৰ বিতৰণ কৰিছে। 

ৰে’ড জ’নত নথকা কেইবাটাও ৰাজহুৱা খণ্ডৰ সুৰক্ষা সংস্থা আৰু অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কাৰখানা বোৰ্ডৰ কেন্দ্ৰই কাম-কাজ আৰম্ভ কৰিছে। প্ৰায় সকলো ৰাজহুৱা খণ্ডৰ সুৰক্ষা সংস্থাই লকডাউনৰ পিছৰ পৰ্যায়ত উপাদনৰ মাত্ৰা বঢ়াব পৰাকৈ তিনিটা শ্বিফ্টত কাম কৰাৰ লগতে পাঁচৰ ঠাইত ছদীনিয়া কৰ্মসপ্তাহ কৰা আদি কৰ্মআঁচনি প্ৰস্তুত কৰি উলিয়াইছে।  সকলো কাম সামাজিক দূৰত্ব বৰ্তাই ৰাখি আৰু প্ৰয়োজনীয় স্বাস্থ্য সুৰক্ষা বিধিসমূহ মানি আগবঢ়াই নিয়া হ’ব।

সুৰক্ষা নিৰ্মাণ বিভাগৰ সচীৱ শ্ৰী ৰাজ কুমাৰ, সুৰক্ষা নিৰ্মাণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল, অ’ এফ বি, এইচ এ এল, বি ই এল, বি ডি এল, এম ডি এল, বি ই এম এল, জি আৰ এচ চি, এইচ এচ এল, মিধানি আৰু গোৱা শ্বিপৱাৰ্ড লিমিটেডে এই ভিডিঅ’ কনফাৰেন্সত অংশ গ্ৰহণ কৰে।   

https://static.pib.gov.in/WriteReadData/userfiles/image/PIC3KIUK.JPG

ABB/SS/Nampi/KA/DK/Savvy/ADA/PRK



(Release ID: 1619131) Visitor Counter : 125