কৃষি মন্ত্ৰালয়

লকডাউনৰ মাজতো সমগ্ৰ দেশত তৎপৰতাতে অব্যাহত ৰখা হৈছে ঘেঁহু চপোৱাৰ কাম

২০২০-২১ ৰবি বৰ্ষৰ মাঁহজাতীয় শস্য আৰু তৈজবীজ সংগ্ৰহৰ কামৰো অগ্ৰগতি

Posted On: 28 APR 2020 1:34PM by PIB Guwahati

লকডাউনৰ মাজতো সমগ্ৰ দেশত পৰতাতে অব্যাহত ৰখা হৈছে ঘেঁহু চপোৱাৰ কাম৷ কৃষক আৰু শ্ৰমিসকলে খাৰিফ ২০২০ৰ সময়ত শস্য চপোৱাৰ ক্ষেত্ৰত বিশেষ পৰিচালন পদ্ধতিৰ সহায় লৈছে৷ ভাৰত চৰকাৰৰ কৃষি, সহযোগিতা আৰু কৃষক কল্যান বিভাগে ৰাজস্যসমূহৰ কৃষক আৰু কৃষি শ্ৰমিকসকলৰ স্বাস্থ্য সুৰক্ষাৰ স্বাৰ্থত তথা ৰোনা ভাইৰাছ প্ৰতিৰোধৰ লক্ষ্যৰে বিশেষ পৰিচালন পদ্ধতিৰ ব্যাপক প্ৰচলন কৰিছে৷

ৰাজ্যসমূহৰ পৰা পোৱা তথ্যমতে মধ্যপ্ৰদেশত ৯৮-৯৯%, ৰাজস্থানত ৯২-৯৫%, উত্তৰপ্ৰদেশত ৮৫-৮৮%, হাৰিয়ানাত ৫৫-৬০%, পাঞ্জাৱত ৬০-৬৫% আৰু অন্যান্য ৰাজ্যসমূহত ৮৭-৮৮% ঘেঁহু চপোৱাৰ কাম সম্পন্ন হৈছে৷

ইফালে, ২০২০-২১ ৰবি বৰ্ষত মুল্য সমৰ্থিত আঁচনিৰ অধীনত কৃষকৰ পৰা ন্যূনতম সমৰ্থিত মুল্যত মাঁহজাতীয় আৰু তৈলবীজ সংগ্ৰহৰ কাম কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, ৰাজস্থান, মহাৰাষ্ট্ৰ, উত্তৰপ্ৰদেশ আৰু হাৰিয়ানাত চলি আছে৷ সেই হিচাপে ৫খন ৰাজ্য ক্ৰমে- অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু উত্তৰপ্ৰদেশত ৭২,৪১৫.৮২ মেট্ৰিক টন বুট সংগ্ৰহ কৰা হৈছে৷ একেদৰে, ৭খন ৰাজ্য ক্ৰমে-তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আৰু ওডিশাত ১,২০,০২৩.২৯ মেট্ৰিক টন ৰহৰ দাইল সংগ্ৰহ কৰা হৈছে৷ ৩খন ৰাজ্য ক্ৰমে ৰাজস্থান, উত্তৰপ্ৰদেশ আৰু হাৰিয়ানাত ১৮৩,৪০০.৮৭ মেট্ৰিক সৰিয়হৰ সংগ্ৰহ কৰা হৈছে৷

ৰাষ্ট্ৰীয় উদ্যানশস্য পৰিষদে(এনএইচবি)ও দেশৰ স্বীকৃতিপ্ৰাপ্ত ৬১৮খন নাৰ্ছাৰীৰ পৰা ফলমুল আৰু শাক-পাচলিৰ পুলি সংগ্ৰহ কৰি ভাৰতীয় উদ্যানশস্য সংঘ, সামগ্ৰীভিত্তিক খেতিয়ক সংস্থা, ৰাজ্যিক উদ্যান অভিযান, এনএইচবিৰ ৰাজ্যিক কাৰ্যালয় আৰু সকলো অংশীদাৰলৈ ৰোপণ কৰাৰ বাবে প্ৰেৰণ কৰিছে৷ এই সম্পৰ্কে এনএইচবিৰ ৱেবছাইটত (www.nhb.gov.in) সকলো তথ্য আপলোড কৰা হৈছে৷

*****

APS/PK/MS/BA/DB



(Release ID: 1618907) Visitor Counter : 118