গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

কেন্দ্ৰীয় পুলৰ অধীনত ঘেহু ক্ৰয় প্ৰক্ৰিয়াত ক্ষীপ্ৰতা

চলিত ছিজনত ৪০০ লাখ মেট্ৰিক টনৰ লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা

লকডাউনৰ সময়ছোৱাত খাদ্যসামগ্ৰীৰে লোড কৰা ২০০০ ৰো অধিক ৰে’ল প্ৰেৰণ এফচিআইৰ

সমগ্ৰ দেশতে ২০৮৭ খন ৰে’লৰ মাধ্যমেৰে প্ৰেৰণ কৰা হ’ল ৫৮.৪৪ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী

Posted On: 27 APR 2020 7:36PM by PIB Guwahati

দেশৰ আটাইবোৰ বৃহৎ শস্য ক্রেতা ৰাজ্যতে ঘেহু সংগ্রহৰ কাম ক্ষীপ্ৰতাৰে চলি আছে। ২৬ এপ্রিল পর্যন্ত কেন্দ্রীয় ভাণ্ডাৰৰ বাবে মুঠ ৮৮.৬১ লাখ মেট্রিক টন (এলএমটি) ঘেহু সংগ্রহ কৰা হৈছে। ইয়াৰ ভিতৰত পঞ্জাৱৰ পৰা ৪৮.২৭ লাখ মেট্রিক টন আৰু হাৰিয়ানাৰ পৰা ১৯.০৭ লাখ মেট্রিক টন ঘেহু সংগ্রহ কৰা হৈছে। বর্তমান ঘেহু সংগ্রহৰ ক্ষীপ্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি চলিত ছিজনত এই পৰিমাণে ৪০০ লাখ মেট্রিক টনৰ লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হ’ব বু্লি অনুমান কৰা হৈছে। ক’ভিড-১৯ ভাইৰাছৰ সংক্রমণজনিত পৰিস্থিতি বিবেচনা কৰি যথাযথ সামাজিক দূৰত্ব বজাই ৰাখি এই ঘেহু ক্ৰয়ৰ কাম চলিছে। কৃষকসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে সর্বাত্মক চেষ্টা কৰা হৈছে। লকডাউনৰ ভিতৰত ভাৰতীয় খাদ্য নিগম চমুকৈ এফচিআই-এ কেন্দ্রীয় চৰকাৰৰ বিভিন্ন প্রকল্পৰ অধীনত ২০৮৭ খন ৰে’লৰ দবাত প্রায় ৫৮.৪৪ লাখ মেট্রিক টন খাদ্য শস্য পৰিবহন কৰিছে। কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে লাহে লাহে লকডাউনৰ বাধা নিষেধবোৰ শিথিল কৰাৰ বাবে আগন্তুক দিনবোৰত খাদ্যশস্য প্ৰেৰণৰ কাম আৰু অধিক তৰান্বিত হৈ উঠিব বুলি আশা কৰা হৈছে। প্রধানমন্ত্রী গৰীৱ কল্যাণ অন্ন যোজনা (PMGKY) ৰ অধীনত লাডাখ আৰু লাক্ষাদ্বীপৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই সময়খিনিৰ ভিতৰতে ৩ মাহৰ (এপ্রিলৰ পৰা মে’ পর্যন্ত) বাবে প্ৰতিজন লোকলৈ বিনামূলীয়াকৈ ৫ কিলোগ্ৰামকৈ খাদ্য শস্য প্ৰদানৰো কাম আৰম্ভ হৈছে। প্রয়োজন পূৰণৰ বাবে এফচিআইয়ে আটাইবোৰ ৰাজ্যতে পর্যাপ্ত পৰিমাণৰ খাদ্য শস্য মজুতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। পশ্চিমবঙ্গৰ বাবে ইতিমধ্যেই তিনি মাহৰ বাবে প্রয়োজনীয় অতিৰিক্ত প্রায় ৯ লাখ মেট্রিক টন খাদ্যশস্য যোগানৰ ব্যৱস্থাও কৰা হৈছে

 

****

APS/PK/MS/RD



(Release ID: 1618847) Visitor Counter : 142