মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
ক’ভিড-১৯ৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত সমগ্ৰ দেশৰ একাংশ পিতৃ-মাতৃৰ সৈতে ৱেবিনাৰযোগে মত বিনিময় কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীৰ
শিক্ষাৰ্থীসকলৰ উজ্বল ভৱিষ্যতৰ বাবে গুণগত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় প্ৰতিশ্ৰুতিবদ্ধঃ ৰমেশ পোখৰিয়াল ‘নিশংক’
২৮ এপ্ৰিল, ২০২০ত সকলো ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু শিক্ষা সচিবৰ সৈতে মত বিনিময় কৰিব কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে
Posted On:
27 APR 2020 6:46PM by PIB Guwahati
ক’ভিড-১৯ৰ বাবে সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত সমগ্ৰ দেশৰ একাংশ পিতৃ-মাতৃৰ সৈতে ৱেবিনাৰযোগে মত বিনিময় কৰে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল ‘নিশংকে’৷ বাৰ্তালাপৰ সময়ত মন্ত্ৰীগৰাকীয়ে সকলো পিতৃ-মাতৃক মন্ত্ৰালয়ে চলাই থকা বিভিন্ন অভিযান আৰু অনলাইন শিক্ষাৰ সম্পৰ্কে অৱগত কৰে৷ তেওঁ কয় যে শিক্ষাৰ্থীসকলৰ শৈক্ষিক কাম-কাজৰ সন্দৰ্ভত মন্ত্ৰালয় জ্ঞাত, সেয়েহে এক যুদ্ধোত্তৰ প্ৰচেষ্টাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে, যাৰদ্বাৰা দেশৰ প্ৰায় ৩৩ কোটি শিক্ষাৰ্থী উপকৃত হৈছে৷
পিতৃ-মাতৃ তথা অভিভাৱকসকলক ধন্যবাদ জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান দেশ এক অভূতপূৰ্ব সংকটৰ মাজেৰে অগ্ৰসৰ হৈছে৷ পিতৃ-মাতৃসকলৰ বাবে এই সময়ছোৱা অধিক জটিল হৈছে, কাৰণ তেওঁলোকে নিজৰ সন্তানৰ অধ্যয়ন আৰু ভৱিষ্যতক লৈ উদ্বিগ্ন৷ মন্ত্ৰী পোখৰিয়ালে পিতৃ-মাতৃসকলক আশ্বাস দিয়ে যে শিক্ষাৰ্থীসকলৰ উজ্বল ভৱিষ্যতৰ বাবে গুণগত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় প্ৰতিশ্ৰুতিবদ্ধ৷ এই প্ৰসংগত তেওঁ মন্ত্ৰালয়ে ই-পাঠশালা, এনআৰঅ’ইআৰ, স্বয়ম, ডিটিএইচ চেনেল স্বয়মপ্ৰভা ইত্যাদিৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ শিক্ষাদান অব্যাহত ৰখা বুলি কয়৷
মন্ত্ৰী পোখৰিয়ালে কয় যে অনলাইন শিক্ষা নীতি শক্তিশালী কৰাৰ বাবে মন্ত্ৰালয়ে ‘ভাৰত পঢ়ে’ অনলাইন অভিযান আৰম্ভ কৰা হৈছে, য’ত সমগ্ৰ দেশজুৰি শিক্ষাৰ্থী, পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰা পৰামৰ্শ বিচৰা হৈছে৷ মন্ত্ৰালয়ে ইতিমধ্যে ১০হাজাৰোধিক পৰামৰ্শ লাভ কৰিছে, যাৰ ভিত্তিত কেতবোৰ নিৰ্দেশনা প্ৰস্তুত কৰাৰ কাম চলি আছে৷
বিদ্যাদান ২.০ৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই অভিযানৰ অংশ হিচাপে মন্ত্ৰালয়ে দেশৰ শিক্ষাবিদ আৰু শৈক্ষিক সংস্থাসমূহক পাঠ্যক্ৰমৰ ভিত্তিত ই-শিক্ষা মঞ্চসমূহত বিভিন্ন বিষয়ৰ বিকাশ সাধন কৰা তথা বৰঙণি যোগাবলৈ আহ্বান জনাইছে৷ ইয়াৰ অধীনত শিক্ষাৰ্থীসকলে যথেষ্ট পৰিমানে পাঠ্যক্ৰমৰ অধ্যয়ন সামগ্ৰী লাভ কৰিব বুলি আশা প্ৰকাশ কৰে৷
মত বিনিময় অনুষ্ঠানত একাংশ পিতৃ-মাতৃয়ে সন্মুখীন কেতবোৰ গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে অৱগত কৰে৷ এনচিইআৰটিৰ গ্ৰন্থসমূহত থকা প্ৰশ্নৰ সমাধানৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে প্ৰায় সকলো ৰাজ্যলৈ এনচিইআৰটিৰ গ্ৰন্থ প্ৰেৰণ কৰা হৈছে আৰু অতি কম সময়ৰ ভিতৰতে শিক্ষাৰ্থীসকলে সেইবোৰ লাভ কৰিব৷
চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বাকী থকা পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সুবিধা অনুযায়ী ২৯টা মুল বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷
মন্ত্ৰীগৰাকীয়ে লকডাউন সময়ত শিক্ষাৰ্থীসকলৰ ক্ষতি বিভিন্ন অনলাইন মঞ্চৰ জৰিয়তে পুৰণ কৰা হ’ব বুলি অৱগত কৰে৷ তেওঁ মন্ত্ৰালয়ৰ দীক্ষা মঞ্চত ৮০,০০০তকৈ অধিক পাঠ্যক্ৰম উপলব্ধ বুলি সদৰি কৰে৷ বিগত সপ্তাহসমূহত অনলাইনযোগে বহু শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰি থকা বুলিও লগতে কয় মন্ত্ৰী পোখৰিয়ালে৷ ইফালে, এনচিইআৰটিয়ে ইতিমধ্যে বিকল্প কেলেণ্ডাৰ প্ৰস্তত কৰাৰ বিপৰীতে চিবিএছইকো নতুন শৈক্ষিক কেলেণ্ডাৰ প্ৰস্তুত কৰা নিৰ্দেশ দিয়া বুলি এক প্ৰশ্নৰ উত্তৰত কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷
ৱেবিনাৰত তেওঁ সকলো ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু শিক্ষা সচিবসকলৰ সৈতে একেৰাহে পৰিস্থিতি বুজ লৈ থকা বুলি সদৰি কৰি কাইলৈ(২৮ এপ্ৰিল) পুনৰ ক’ভিড-১৯, মধ্যাহ্ন ভোজন, সমগ্ৰ শিক্ষা ইত্যাদি সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সযোগে আলোচনা কৰিব বুলি অৱগত কৰে৷ আজিৰ অনু্ঠানত যোগ দিয়াৰ বাবে পিতৃ-মাতৃসকলক ধন্যবাদ জ্ঞাপন কৰি অহা সপ্তাহত একাংশ শিক্ষাৰ্থীৰ সৈতে ৱেবিনাৰযোগে যোগাযোগ কৰিব বুলি সদৰি কৰে মন্ত্ৰী পোখৰিয়ালে৷
******
NB/AKJ/AK/DB
(Release ID: 1618825)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam