স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        ক’ভিড-১৯ৰ শেহতীয়া তথ্য
                    
                    
                        
                    
                
                
                    Posted On:
                27 APR 2020 6:25PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰিবলৈ তথা সংকটময় পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ আজি ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হয়৷ তেওঁ কয় যে ৰাজ্যসমূহে ৰঙা মণ্ডলসমূহ অৰ্থাৎ হটস্পটসমূহৰ বাবে প্ৰযোজ্য নিৰ্দেশনাৱলী কঠোৰভাৱে পালন কৰা আৱশ্যক৷ এই ক্ষেত্ৰত ৰাজ্যসমূহে ৰঙা মণ্ডলসমূহ কমলা মণ্ডললৈ আৰু তাৰ পিছত সেউজীয়া মণ্ডললৈ পৰিৱৰ্তিত কৰিবলৈ প্ৰয়াস কৰা আৱশ্যক বুলি উল্লেখ কৰে৷ তেওঁ পৰম্পৰাগত ঔষধ প্ৰণালীৰ ওপৰতো নিৰন্তৰে কাম কৰিবলৈ আহ্বান জনায়৷
বিগত ২৮ দিনৰ পৰা ১৬ খন জিলাই কোনো নতুন পৰিঘটনা প্ৰতিবেদন কৰা নাই৷ এই তালিকাত ৩ খন নতুন জিলা সংযোজিত হৈছে (২৪ এপ্ৰিল)-
	- মহাৰাষ্ট্ৰৰ গণ্ডিয়া
 
	- কৰ্ণাটকৰ দেৱাংগিৰী
 
	- বিহাৰৰ লক্ষীচৰাই
 
বিগত ২৮ দিনত কোনো নতুন পৰিঘটনা প্ৰদৰ্শিত নকৰা পিলিভিট আৰু শ্বহীদ ভগৎ সিং নগৰে এতিয়া নতুনকৈ পৰিঘটনা প্ৰদৰ্শিত কৰিছে৷ তাৰোপৰি ২৫ খন জিলা/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ পৰা বিগত ১৪টা দিনত মুঠ ৮৫ খন জিলাই কোনো নতুন পৰিঘটনা প্ৰদৰ্শিত কৰা নাই৷
ভাৰত চৰকাৰৰ বিশেষ ক্ষমতাপ্ৰাপ্ত গোট ৫ (ইজি ৫)এ আজি দেশৰ যোগান শৃংখলা আৰু লজিষ্টিক ব্যৱস্থাপনাৰ শেহতীয়া তথ্যসমূহ বিনিময় কৰে৷ তেওঁলোকে চৰকাৰে কৃষি, নিৰ্মাণ, লজিষ্টিক আৰু অসুৰক্ষিত লোকসকলক খাদ্য যোগানৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে৷
এই পৰ্যন্ত ২২.১৭% আৰোগ্য হাৰেৰে ৬,১৮৪ জন লোক আৰোগ্য হৈছে৷ কালিৰে পৰা ১,৩৯৬ টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ এই পৰ্যন্ত ভাৰতত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ২৭,৮৯২ জন৷ বিগত ২৪ ঘণ্টাত ৪৮জন লোকৰ মৃত্যু হোৱাৰ জৰিয়তে মুঠ মৃত্যুৰ সংখ্যা ৮৭২ জনলৈ বৃদ্ধি পাইছে৷
ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.
technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷
ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷
https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷
*****
MV/MANN
                
                
                
                
                
                (Release ID: 1618760)
                Visitor Counter : 278
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam