প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘মন কী বাত ২.০’ৰ ১১তম খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান‘মন কী বাত ২.০’ৰ ১১তম খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

ক’ৰোনাৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধ জনসাধাৰণৰ দ্বাৰা পৰিচালিতঃ প্ৰধানমন্ত্ৰী

ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱা অভ্যাস পৰিত্যাগ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

Posted On: 26 APR 2020 4:49PM by PIB Guwahati

মন কী বাত ২.০’ৰ ১১তম খণ্ডত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰী মোদীয়ে ক’ৰোনাৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধখনক জনসাধাৰণৰ দ্বাৰা পৰিচালিত বুলি উল্লেখ কৰে৷ তেওঁ কয় যে এই যুদ্ধত দেশৰ প্ৰতিজন নাগৰিকেই সৈন্যৰ ভূমিকাত অৱতীৰ্ণ হৈছে আৰু প্ৰত্যেকেই যুদ্ধখনক নেতৃত্ব প্ৰদান কৰিছে৷ জনসাধাৰণে পৰস্পৰে পৰস্পৰক যিদৰে সদায় কৰিছে, তাকে লৈ সন্তুষ্টি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে অভাৱী, ক্ষুধাৰ্তজনৰ বাবে খাদ্যৰ যোগান, লকডাউনৰ অনুপালন, চিকিৎসালয়ৰ ব্যৱস্থা,  স্থানীয় পৰ্যায়ত চিকিৎসা সামগ্ৰীৰ নিৰ্মাণ আদিৰ জৰিয়তে সমগ্ৰ দেশবাসী ঐক্যৱদ্ধভাৱে আগুৱাই গৈছে৷ তেওঁ জনসাধাৰণক অধিক আত্মবিশ্বাসী নহৈ ক’ৰোনাক লঘূ জ্ঞান নকৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে দুগজৰ দূৰত্ব বৰ্তাই ৰখাটো অধিক আৱশ্যক৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ কাম কৰাৰ পদ্ধতি, আমাৰ জীৱন শৈলী আৰু আমাৰ স্বভাৱসমূহো কিছু ইতিবাচক দিশত পৰিৱৰ্তন হৈছে৷ ইয়াৰে ভিতৰত সবাতোকৈ দৰ্শনীয় প্ৰভাৱটো হ’ল মাস্ক পৰিধান আৰু মুখ মণ্ডল ঢাকি লোৱাটো৷ তেওঁ কয় যে অতি শীঘ্ৰেই মাস্ক সভ্য সমাজৰ এক পৰিচয় হৈ উঠিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ সমাজলৈ আন এক বৃহৎ সজাগতা এয়া আহিছে যে এতিয়া সকলো লোকে বুজা হৈ গৈছে যে ৰাজহুৱা স্থানত থু পেলোৱাটো ক্ষতিকাৰক হ’ব পাৰে৷ তেওঁ কয় যে য’তে-ত’তে যিকোনো স্থানতে থু পেলোৱাটো এক বেয়া অভ্যাসলৈ পৰিণত হৈছিল৷ ই স্বচ্ছতা আৰু স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছিল৷ থু-খেকাৰ পেলোৱাৰ অভ্যাস পৰিত্যাগৰ দ্বাৰা স্বাস্থ্যবিধিৰ উত্তৰণ হোৱাই নহয় বৰঞ্চ ক’ৰোনাৰ সংক্ৰমণো ৰোধ হ’ব বুলি তেওঁ উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই সংকটৰ সময়ছোৱাত দেশৰ জনসাধাৰণে প্ৰদৰ্শন কৰা সমাধানসূচক পদক্ষেপসমূহৰ দ্বাৰা ভাৰতত এক নৱজাগৰণৰ সৃষ্টি হৈছে৷ তেওঁ কয় যে দেশৰ ব্যৱসায়, কাৰ্যালয়, শৈক্ষিক প্ৰতিষ্ঠান আৰু চিকিৎসা খণ্ডই দ্ৰুত গৰিত নতুন কাৰ্যকৰী পৰিৱৰ্তনৰ দিশত ধাৱমান হৈছে৷ প্ৰযুক্তিৰ দিশৰ পৰা চাবলৈ গ’লে দেশৰ প্ৰতিজন উদ্ভাৱকে একোটা নতুন সমাধানৰ সৈতে উদ্ভাসিত হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, প্ৰতিটো বিভাগে আজি হাতে-হাত ধৰি সাহায্যৰ বাবে দ্ৰুতগতিত কাম কৰিবলৈ ধৰিছে৷ অসামৰিক বিমানখণ্ডৰ কৰ্মী, ৰে’লৱে কৰ্মীসকলে দিনে-ৰাতিয়ে দেশৰ জনতাৰ সমস্যা হ্ৰাস কৰাৰ দিশত ব্ৰতী হৈছে৷ এই ক্ষেত্ৰত তেওঁ লাইফলাইন উড়ানে দেশৰ প্ৰতিটো প্ৰান্তত ঔষধসমূহৰ যোগান নিশ্চিত কৰাৰ দিশত অগ্ৰসৰ হৈছে বুলি উল্লেখ কৰে৷

লকডাউনৰ সময়ছোৱাত ৰে’লৱেয়ে কিদৰে নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে৷ তেওঁ কয় যে ভাৰতীয় ৰে’লৱেয়ে ৬০ পথত ১০০খনত কৈও অধিক পাৰ্চেল ৰে’ল চলাই আছে৷ আনহাতে ডাকবিভাগেও চিকিৎসা সামগ্ৰীসমূহ যোগান ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ তেওঁ কয় যে এওঁলোক আটায়েই প্ৰকৃততেই ক’ৰোনা যোদ্ধা৷ দৰিদ্ৰ আৰু অভাৱী লোকসকলক চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজৰ অধীনত দৰিদ্ৰসকলৰ একাউণ্টলৈ প্ৰত্যক্ষভাৱে ধন স্থানান্তৰণ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই মহামাৰীৰ সৈতে যুঁজিবলৈ ৰাজ্য চৰকাৰে প্ৰধান ভূমিকা পালন কৰিছে৷ স্বাস্থ্যকৰ্মীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমদ্ৰ ভাৰতক ক’ৰোনা মুক্ত কৰিবলৈ এই কৰ্মীসকলে অহৰ্নিশে যুদ্ধত নামি পৰিছে৷ স্বাস্থ্যকৰ্মীসকলৰ নিৰাপত্তাৰ বাবে এক অধ্যাদেশ জাৰি কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই অধ্যাদেশৰ জৰিয়তে স্বাস্থ্যকৰ্মীসকলক হাৰাশাস্তি প্ৰদান কৰা লোকসকলৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা কৰা হৈছে৷

আমাৰ অত্যাৱশ্যকীয় সেৱাসমূহৰ সৈতে জড়িত কৰ্মীসকলৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি জনসাধাৰণে তেওঁলোকৰ গুৰুত্ব অনুধাৱন কৰিব পাৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে আজি আৰক্ষীৰ লোকসকলে দৰিদ্ৰ আৰু ক্ষুধাৰ্তজনক খাদ্য আৰু ঔষধ প্ৰদান কৰিছে৷ ইয়াৰ ফলত আৰক্ষী সম্পৰ্কে থকা জনসাধাৰণৰ পূৰ্বৰ ধাৰণাৰ পৰিৱৰ্তন হৈছে৷

শ্ৰী মোদীয়ে কয় যে চৰকাৰে covidwarriors.gov.in শীৰ্ষক এক ডিজিটেল প্লেটফ’ৰ্মৰ সৃষ্টি কৰিছে য’ত সামাজিক সংস্থাৰ স্বেচ্ছাসেৱীসকল, প্ৰতিনিধিসকল আৰু স্থানীয় প্ৰশাসনক সংযুক্ত কৰোৱা হৈছে৷ প’ৰ্টেলটোত চিকিৎসক, নাৰ্চৰ পৰা আৰম্ভ কৰি আমাৰ আশা, এএনএম ভগ্নীসকলে, আমাৰ এনচিচি, এনএছএছৰ সতীৰ্থসকলে, বিভিন্ন ক্ষেত্ৰৰ পেছাদাৰী লোকসকলে এই প্লেটফ’ৰ্মক নিজৰ প্লেটফ’ৰ্ম হিচাপে গঢ়ি তুলিছে৷ তেওঁ জনসাধাৰণক covidwarriors.gov.in ত নিজকে ক’ভিড-যোদ্ধা হিচাপে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে সংকটৰ সময়ত ভাৰতে কিদৰে বিশ্বৰ অন্য দেশসমূহক মানৱীয়তাৰ খাতিৰত ঔষধৰ যোগান ধৰিছে সেই সম্পৰ্কে উল্লেখ কৰে৷ তেওঁ কয় যে সমগ্ৰ বিশ্বৰ লোকে ভাৰতৰ আয়ুৰ্বেদ আৰু যোগৰ প্ৰতি দৃষ্টি নিৱদ্ধ  কৰিছে৷ শ্ৰী মোদীয়ে কয় যে এয়া আমাৰ দুৰ্ভাগ্য য়ে আমি আমাৰ নিজৰ শক্তি আৰু সমৃদ্ধ ইতিহাসক অৱজ্ঞা কৰি আহিছো৷ এই ক্ষেত্ৰত তেওঁ যুৱপ্ৰজন্মক প্ৰমাণভিত্তিক গৱেষণাৰ জৰিয়তে আমাৰ পৰম্পৰাগত আদৰ্শক বৈজ্ঞানিক ভাষাত উপস্থাপন কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে যিদৰে বিশ্বই আমাৰ যোগক আঁকোৱালি লৈছে ঠিক সেইদৰে শতিকা পুৰণি আয়ুৰ্বেদকো আঁকোৱালি ল’ব৷

প্ৰধানমন্ত্ৰীয়ে অক্ষয়-তৃতীয়া উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰি আমাৰ পৰিবেশ, বননি, নদী আৰু সমগ্ৰ পৰিবেশতন্ত্ৰৰ প্ৰতিও মনোযোগ দিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে জৈন পৰম্পৰা অনুসৰিও আজিৰ দিনটো অতিশয় পবিত্ৰ বুলি ভবা হয় কাৰণ প্ৰথম তীৰ্থাংকৰ ভগৱান ঋষভজেলৰ জীৱনৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ দিন৷ আনহাতে আজিৰ দিনটোতেই ভগৱান বশৱেশ্বৰজীৰো জয়ন্তী পালন কৰা হয় বুলি তেওঁ উল্লেখ কৰে৷ ৰমজান মাহ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ জনসাধাৰণক ঈদৰ পূৰ্বে ধৰিত্ৰীক ক’ৰোনা মুক্ত কৰিবলৈ প্ৰাৰ্থনা জনাবলৈ আহ্বান কৰে৷

শ্ৰী মোদীয়ে ৰমজানৰ মাহত জনসাধাৰণক স্থানীয় প্ৰশাসনে বান্ধি দিয়া নিৰ্দেশনাসমূহ পালন কৰিবলৈ আহ্বান জনায়৷ এই প্ৰসংগত তেওঁ ধৰ্মীয় নেতাসকলকো ধন্যবাদ জ্ঞাপন কৰে যিয়ে জনসাধাৰণক সামাজিক ব্যৱধানৰ বিষয়ে সজাগতা প্ৰদান কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ৰোনাই সমগ্ৰ বিশ্বতে আমাৰ উৎসৱ পালনৰ অভ্যাস পৰিৱৰ্তন কৰিছে৷’’  

***

VRRK/AK/MANN



(Release ID: 1618645) Visitor Counter : 177