স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া স্থিতি

प्रविष्टि तिथि: 26 APR 2020 5:13PM by PIB Guwahati

ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ আৰু ব্যৱস্থাপনাৰ বাবে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে লগলাগি ভাৰত চৰকাৰে ধাৰাবাহিকভাৱে আগ্ৰাসী মনোভাৱেৰে বিভিন্ন বহুমুখী পদক্ষেপ গ্ৰহণ কৰি আহিছে। আৰু এই পদক্ষেপসমূহ নিয়মিতভাৱে উচ্চ পৰ্যায়ত পৰ্যালোচনা আৰু নিৰীক্ষণ কৰি থকা হৈছে।

ক’ভিড-১৯ প্ৰতিহত কৰিবৰ বাবে কেনেধৰণৰ প্ৰস্তুতি চলোৱা হৈছে তাৰ বুজ ল’বৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড. হৰ্ষবৰ্ধনে আজি নতুন দিল্লীস্থ এইমছৰ ট্ৰ’মা চেণ্টাৰটো পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে এই পৰিদৰ্শনকালতে ট্ৰ’মা চেণ্টাৰটো থকা অত্যাধুনিক অট্টালিকাটোৰ বিভিন্ন ৱাৰ্ডলৈও যায়, যিবোৰত ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীসকলৰ বাবে আইছ’লেশ্যনৰ সুবিধা উপলব্ধ আছে। এই পৰিদৰ্শনকালতে মন্ত্ৰীগৰাকীয়ে কিছুসংখ্যক ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ সৈতে ফোনযোগে ভিডিঅ’ কলেৰে বাৰ্তালাপো কৰে আৰু তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। উল্লেখ্য যে এই বাৰ্তালাপ কালত ৰোগীৰ দিশত ৰ’বটে এই ভিডিঅ’ কল সম্পন্ন কৰিছিল।

সবিশেষ পৰ্যালোচনাৰ পিছত মন্ত্ৰী ড. হৰ্ষবৰ্ধনে বিভিন্ন গোটৰ কাম কাজবোৰত সন্তুষ্টি প্ৰকাশ কৰে। ভিডিঅ’ কল তথা অন্যান্য প্ৰযুক্তিৰ সহায়ত ক’ভিড-১৯ পজিটিভ তথা সন্দেহজনক ৰোগীসকলৰ স্বাস্থ্যৰ উন্নতিৰ বাবে প্ৰতি মুহুৰ্ত্ততে তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবেও এইমছ কৰ্তৃপক্ষৰ শলাগ লয় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে দেশবাসীক এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ লকডাউনৰ এই দ্বিতীয়টো পৰ্যায় কঠোৰভাৱে পালন কৰাৰ বাবেও অনুৰোধ জনায়। তেওঁ কয় যে ভাৰতৰ বিভিন্ন হটস্পট জিলা এতিয়া নন-হটস্পট জিলালৈ পৰ্যবসিত হৈছে আৰু এনেদৰেই ভাৰতৰ পৰিস্থিতিও যথেষ্ট উন্নত হৈছে।

এই পৰ্যন্ত ২.৯০% আৰোগ্য হাৰেৰে ৫,৮০৪ গৰাকী লোক আৰোগ্য হৈছে৷ ইয়াৰ উপৰি এতিয়ালৈ ভাৰতত মুঠ ২৬, ৪৯৬ গৰাকী লোকৰ দেহত ক’ভিড ১৯ পজিটিভ থকাটো নিশ্চিত হৈছে। ইয়াৰ ভিতৰত ৮২৪ গৰাকী লোকৰ মৃত্যু হৈছে।

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু শেহতীয়া তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো তথ্য জানিবৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷ https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

*****

MV/RD


(रिलीज़ आईडी: 1618576) आगंतुक पटल : 213
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam