ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

চৰকাৰী চাকৰিয়ালৰ অৱসৰৰ বয়স কমোৱাৰ কোনো পদক্ষেপ লোৱা নাই, এনেকুৱা কোনো প্ৰস্তাৱ বা বিষয়ৰ ওপৰত চৰকাৰৰ কোনো পৰ্যায়তে কোনোধৰণৰ আলোচনা হোৱা নাইঃ ড০ জিতেন্দ্ৰ সিং

Posted On: 26 APR 2020 7:02PM by PIB Guwahati

একাংশ সংবাদ মাধ্যমত চৰকাৰী চাকৰিয়ালৰ অৱসৰৰ বয়স ৫০ বছৰলৈকে কমোৱাৰ সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ পোৱাৰ ঘটনাক সম্পূৰ্ণৰূপে নস্যা কৰি উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন, পাৰমাণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ) ড০ জিতেন্দ্ৰ সিঙে কয় যে আজিৰ তাৰিখত অৱসৰৰ বয়স কমোৱাৰ এনে কোনো পদক্ষেপ লোৱা নাই, আনকি এনেকুৱা কোনো প্ৰস্তাৱ বা বিষয়ৰ ওপৰত চৰকাৰৰ কোনো পৰ্যায়তে কোনোধৰণৰ আলোচনাও হোৱা নাই।

ড০ জিতেন্দ্ৰ সিঙে কয় যে কোনো অপশক্তিয়ে যোৱা কেইদিনমানৰপৰা কেইবাবাৰো একাংশ সংবাদ মাধ্যমৰ যোগেদি কিছুমান অপপ্ৰচাৰ চলাই আহিছে। প্ৰতিবাৰেই লগে লগে স্পষ্টীকৰণ প্ৰকাশ কৰি বিষয়ৰ লগত জড়িত ব্যক্তিসকলৰ মনত হোৱা আশংকা বা সন্দেহ নিৰ্মূলৰ ব্যৱস্থা কৰা হৈছে। এইটো অতি দুখৰ বিষয় যে যি সময়ত ক’ৰোনাৰ বাবে সৃষ্টি হোৱা জটিল পৰিস্থিতিক অতি-সক্ৰিয়তাৰে নিয়ন্ত্ৰণৰ হকে যুঁজ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সমগ্ৰ বিশ্বই শলাগ লৈছে, সেই সময়তে একাংশ দুষ্কৃতিকাৰীয়ে চৰকাৰৰ বিৰুদ্ধে মনেসজা কাহিনীৰে চৰকাৰক বদনাম কৰিবলৈ অপচেষ্টা চলাই আছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0010F0H.jpg

আনহাতে দেশত ’ৰোনাৰ প্ৰত্যাহ্বান আৰম্ভ হোৱাৰেপৰা চৰকাৰে কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ (ডি অ’ পি টি)ৰ লগলাগি কৰ্মচাৰীৰ সকলো সমস্যা নোহোৱা কৰি তেওঁলোকক সুৰক্ষিত ৰাখিবৰ বাবে খৰতকীয়া প্ৰচেষ্টা হাতত লৈছে। উদাহৰণস্বৰূপে, লকডাউনৰ আনুষ্ঠানিক ঘোষণাৰ আগতেই  ডি অ’ পি টিয়ে কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতিৰ সংখ্যা যিমান সম্ভৱ কম কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। যদিও অত্যাৱশ্যকীয় সেৱাসমূহক লকডাউনৰ নিৰ্দেশনা অনুযায়ী ৰেহাই দিয়া হৈছিল ডি অ’ পি টিয়ে এই ক্ষেত্ৰতো দিব্যাঙ্গ কৰ্মচাৰীসকলক ৰেহাই দিয়াৰ নিৰ্দেশনা জাৰি কৰিছিল।

লকডাউনৰ বাবে হ’বপৰা অসুবিধালৈ লক্ষ্য ৰাখি ডি অ’ পি টিয়ে চৰকাৰী কৰ্মচাৰীৰ এনুৱেল পাৰ্ফৰ্মেন্স এপ্ৰেইজেল ৰিপোৰ্ট জমা কৰাৰ শেষ তাৰিখো পিছুৱাই দিছে।  

একে সময়তে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ মৌখিক পৰীক্ষাসমূহো পিছুৱাই দিছে। এচ এচ চিকে ধৰি এই সকলো পৰীক্ষা/ নিয়ুক্তি সম্পৰ্কীয় কাম কাজ ৩ মে’ৰ পিছতহে হাতত লোৱা হ’ব। 

ড০ জিতেন্দ্ৰ সিঙে কয় যে যোৱা সপ্তাহতো উৰাবাতৰি প্ৰচাৰ হৈছিল যে চৰকাৰে পেন্সনৰ নিৰিখ ৩০% হ্ৰাস কৰিছে আৰু ৮০ৰ উৰ্দ্ধৰ ব্যক্তিৰ পেন্সন বন্ধ কৰিছে। কিন্তু তাৰ বিপৰীতে সত্য কথাটো হৈছে, ৩১ মাৰ্চত এনে এজনো পেন্সনাৰ নোলাব য়াৰ বেংকৰ খাটাত পেন্সনৰ টকা জমা হোৱা নাই। কেৱল সেয়ে নহয়, কোনো কোনো ক্ষেত্ৰত প্ৰয়োজন অনুযায়ী ডাক বিভাগে ঘৰে ঘৰে গৈয়ো পেন্সনৰ টকা দি আহিছে।

কৰ্মচাৰী মন্ত্ৰালয়ে যোৱা চাৰি সপ্তাহত ২০ খন চহৰৰ পেন্সনাৰ তথা জ্যেষ্ঠ নাগৰিকক ভিডিঅ’ কনফাৰেন্সযোগে শ্বাসজনিত ৰোগৰ পৰা হাত সৰাৰ বাবে পৰামৰ্শদান অনুষ্ঠান আয়োজিত কৰিছে য’ত এইমছৰ সঞ্চালক ড০ ৰণদীপ গুলেৰিয়াই পৰামৰ্শ দান কৰিছে। একেদৰে অনলাইন অনুষ্ঠানৰ যোগেদি যোগভ্যাস আদিৰো পৰামৰ্শ দিয়া হৈছে।

<><><><><>

VG/SNC/PRK



(Release ID: 1618575) Visitor Counter : 227