ৰেচম মন্ত্ৰালয়

ক’ভিড-১৯ৰ চিকিৎসাত ব্যস্ত স্বাস্থ্যকৰ্মীসকলৰ বাবে প্ৰয়োজনীয় ক’ভাৰঅলৰ উৎপাদন হৈছে দিনে ১ লাখকৈ; আজি পৰ্যন্ত ১ মিলিয়ন ক’ভাৰঅল উৎপাদন হৈছে

ক’ভিড-১৯ৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধত স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে এয়া বৃহৎ সকাহ হিচাপে বিবেচিত হৈছে

পিপিই ক’ভাৰঅল উৎপাদনত শীৰ্ষত আছে বেংগালুৰু; পিপিই ক’ভাৰঅল উৎপাদনৰ কেন্দ্ৰস্থলীলৈ পৰিণত হৈছে চেন্নাই, তিৰুপুৰ, ফাগৱাৰা, লুধিয়ানা, গুৰুগ্ৰাম, নয়ডা

যোগান শৃংখল শ্ৰেণীৱদ্ধ কৰাৰ বাবে চৰকাৰে বিভিন্ন ঔদ্যোগিক সংস্থাৰ সৈতে কাম কৰি আছে, আতৰোৱা হৈছে প্ৰতিবন্ধকসমূহ

Posted On: 26 APR 2020 3:57PM by PIB Guwahati

দেশত প্ৰতিদিনে ১ লাখকৈ ক’ভাৰঅল উৎপাদন হ’বলৈ ধৰিছে যি ক’ভিড-১৯ৰ বিৰুদ্ধে মোকাবিলা কৰা স্বাস্থ্যকৰ্মীসকলৰ বাবে অতিশয় প্ৰয়োজনীয়৷ বেংগালুৰুয়ে এইক্ষেত্ৰত ক’ভাৰঅল উৎপাদনৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰিছে৷ দেশৰ প্ৰায় ৫০ শতাংশ ক’ভাৰঅল বেংগালুৰুত উৎপাদন হৈছে৷ বেংগালুৰুৰ বাদেও তিৰুপুৰ, চেন্নাই, কইম্বাটুৰ, আহমেদাবাদ, বদোডৰা, ফাগৱাৰা, লুধিয়ানা, কুসুমনগৰ, ভিৱান্দি, ডুংগৰপুৰ, কলকাতা, দিল্লী, নয়ডা, গুৰুগ্ৰাম আদি অঞ্চলসমূহেও পিপিই নিৰ্মাণত অগ্ৰগতি লাভ কৰিছে৷ এই পৰ্যন্ত মুঠ এক মিলিয়ন ক’ভাৰঅল উৎপাদন কৰা হৈছে৷

এই পৰ্যন্ত দেশত চাৰিটা গৱেষণাগাৰ আছে য’ত কৃত্ৰিম ৰক্ত প্ৰৱেশ ৰোধক পৰীক্ষণ সুবিধাৰ লগতে ক’ভিড-১৯ৰ বাবে প্ৰয়োজনীয় ক’ভাৰঅল (পিপিই) নিৰ্মাণৰ অনুমোদন আছে৷

পিপিই কিটসমূহ ৰাজ্যসমূহলৈ স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা প্ৰয়োজনুসাৰে প্ৰেৰণ কৰা হৈছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ফাৰ্মাচিউটিকেল বিভাগ আৰু বয়ন মন্ত্ৰালয়ে বিভিন্ন উদ্যোগ, ষ্টেকহ’ল্ডাৰ আৰু নিৰ্মাতাসকলৰ সৈতে ২৪x৭ যোগান শৃংখল অব্যাহত ৰখাৰ বাবে তথা সুচল যোগানৰ প্ৰতিৱন্ধকসমূহ আঁতৰাবলৈ নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে৷ 

***

SG/SB/MANN



(Release ID: 1618422) Visitor Counter : 252