আইন আৰু ন্যায় মন্ত্ৰালয়
প্ৰথমবাৰৰ বাবে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে শুনানী গ্ৰহণ কৰিলে আয় কৰ ন্যায়াধীকৰণ, আইটিএটি-য়ে
Posted On:
24 APR 2020 7:19PM by PIB Guwahati
তত্কালীন ভাবে স্থগিতাদেশ বিচাৰি কৰা এক আবেদনৰ শুনানী গ্ৰহণ কৰাৰ লগতে এই সন্দৰ্ভত ৰায়দান কৰাৰ বাবে অধ্যক্ষ-ন্যায়াধীশ পি পি ভট্টৰ নেতৃত্বাধীন আয়কৰ সৰ্বোচ্চ ন্যায়াধীকৰণ(আইটিএটি)ৰ এক খণ্ডপীঠে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ সহায় লয়। ন্যায়াধীকৰণৰ ৭৯ বছৰীয়া ইতিহাসত এনেধৰণৰ অভিজ্ঞতা এই প্ৰথমবাৰৰ বাবে হ’ল। ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত অব্যাহত থকা ‘লকডাউন’ৰ পৰিপ্ৰেক্ষিতত ৱে’ব-ভিত্তিক ব্যৱস্থা গ্ৰহণ কৰি এনেদৰে শুনানী গ্ৰহণ কৰা খণ্ড বিচাৰপীঠখনত ন্যায়াধীশ ভট্টৰ সৈতে ন্যায়াধীকৰণৰ উপাধ্যক্ষ ন্যায়াধীশ শ্ৰী প্ৰমোদ কুমাৰে বাসভৱনৰ কাৰ্যালয়ৰ পৰাই যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰে।
চোলাপুৰৰ ‘পান্ধেশ ইনফ্ৰাকণ প্ৰাইভেট লিমিটেড’-য়ে ২০১০-১১ সমীক্ষা-বৰ্ষৰ বাবে আয়কৰ বিভাগৰ মুম্বাই কাৰ্যালয়ে ২.৯১কোটি টকা পৰিমাণৰ কৰ আদায়ৰ বাবে দিয়া নিৰ্দেশৰ ক্ষেত্ৰত অতিকে জৰুৰী ভাবে ন্যায়াধীকৰণৰ হস্তক্ষেপ বিচাৰি এই আবেদন কৰিছিল। ইয়াৰ পূৰ্বে প্ৰতিষ্ঠানটোৱে মুম্বাই উচ্চ ন্যাযালয়ৰ শৰণাপন্ন হৈছিল যদিও উচ্চ ন্যায়ালয়খনে প্ৰতিষ্ঠানটোক ‘আইটিএটি’-ৰ ওচৰত আবেদন জনোৱাৰ পৰামৰ্শ দিছিল।
ন্যায়াধীকৰণে প্ৰতিষ্ঠানটোৰ পক্ষত সাময়িক স্থগিতাদেশ জাৰি কৰাৰ লগতে অহা ৮জুন, ২০২০ত পৰৱৰ্তী শুনানী গ্ৰহণৰ বাবে দিন ধাৰ্য কৰি দিছে।
প্ৰসংগতে প্ৰণিধানযোগ্য যে, এনেদৰে জৰুৰী শুনানী গ্ৰহণ কৰিব পৰাকৈ ইতিমধ্যে দেশৰ ভিন্ন প্ৰান্তত থকা ন্যায়াধীকৰণৰ ২৭ খন বিচাৰপীঠত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থা সংস্থাপিত কৰা হৈছে।
*****
APS/PK/KB
(Release ID: 1618178)
Visitor Counter : 231