গৃহ মন্ত্ৰালয়

চিকিৎসক, স্বাস্থ্য কৰ্মী আৰু অগ্ৰণী কৰ্মীসকলৰ বিৰুদ্ধে হোৱাৰ আক্ৰমণ ৰোধ কৰিবলৈ উপযুক্ত নিৰাপত্তা সুনিশ্চিত কৰা হ’বঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত যিসকল স্বাস্থ্যকর্মী বা অগ্ৰণী কর্মী এই ভাইৰাছত সংক্রমিত হৈ মৃত্যু হৈছে, তেওঁলোকৰ শেষকৃত্য সম্পন্ন অনুষ্ঠানত কোনোৱে বাধাৰ সৃষ্টি কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰকঃ ৰাজ্যসমূহলৈ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা

Posted On: 22 APR 2020 5:24PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক চিকিসক, স্বাস্থ্য কৰ্মী আৰু অগ্ৰণী কৰ্মীসকলৰ বিৰুদ্ধে হোৱা আক্ৰমণ ৰোধ কৰিবলৈ উপযুক্ত নিৰাপত্তা সুনিশ্চিত কৰাৰ নিৰ্দেশ জাৰি কৰিছে৷ ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়া সময় যিসকল স্বাস্থ্যকর্মী বা অগ্ৰণী কর্মী এই ভাইৰাছত সংক্রমিত হৈ মৃত্যু হৈছে, তেওঁলোকৰ শেষকৃত্য সম্পন্ন অনুষ্ঠানত কোনোৱে বাধাৰ সৃষ্টি কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো নিৰ্দেশ দিয়া হয়৷

গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ ২৪ মাৰ্চ, ৪ এপ্ৰিল আৰু ১১ এপ্ৰিলত চিকিসক, স্বাস্থ্য কৰ্মী আৰু অগ্ৰণী কৰ্মীসকলৰ বিৰুদ্ধে হোৱাৰ আক্ৰমণ ৰোধ কৰিবলৈ উপযুক্ত নিৰাপত্তা সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল৷ ইয়াৰ পাছতো দেশৰ বিভিন্ন প্ৰান্তত চিকিসা কৰ্মী আৰু অগ্ৰণী কৰ্মীসকলৰ বিৰুদ্ধে আক্ৰমণৰ তথ্য লাভ কৰা হৈছে৷ এই সময়ছোৱাত চিকিসা বৃত্তিৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে হোৱা প্ৰতিটো ঘটনাই সমগ্ৰ স্বা্স্থ্যকৰ্মীক অসুৰক্ষিত অনুভৱ কৰাব৷

উচ্চতম ন্যায়ালয়ে ০৮.০৪.২০২০ত জাৰি কৰা এক নিৰ্দেশনাত ভাৰতৰ চৰকাৰক সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে সংশ্লিষ্ট আৰক্ষী প্ৰশাসনক ভিড-১৯ত আক্ৰান্ত লোক ৰখা চিকিসালয় আৰু সন্দেহজনক ব্যক্তি থকা কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত প্ৰয়োজনীয় আৰক্ষীৰ নিয়োগেৰে নিৰাপত্তা দিবলৈ নিৰ্দেশ দিছিল৷ চিকিসকসকলে বিভিন্ন স্থানত গৈ লোকসকলৰ মাজত কৰা যিকোনো ধৰণ পৰীক্ষণৰ সময়তো উপযুক্ত নিৰাপত্তা দিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিছে৷

 

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে জিলা প্ৰশাসনক এই আইন কাৰ্যকৰী কৰি স্বাস্থ্যকৰ্মীক কৰা আক্ৰমণৰ অপৰাধৰ যিকোনো লোকক কঠোৰ শাস্তি দিবলৈ নিৰ্দেশ দিছে৷

স্বাস্থ্যকর্মীসকলৰ নিৰাপত্তাৰ বাবে মন্ত্রালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰত্যেকে জিলা পৰ্যায়ত ২৪ ঘন্টাই উপলব্ধ হোৱাকৈ এজন সমন্বয়ৰক্ষী বিষয়া নিয়োগ কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে যিকোনো ধৰণৰ আক্ৰমণৰ ঘটনা ঘটিলে তাক্ষণিকভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ স্থানীয় আইএমএ শাখাৰ সদস্য আৰু এলেকাৰ চিকিসকসকলে এই নিয়ম যথাযথ পালন কৰিছে নে নাই তাৰো খতিয়ান ব৷


ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা নির্দেশাৱলী চাবলৈ তলৰ লিংকত ক্লিক কৰক-
https://static.pib.gov.in/WriteReadData/userfiles/22.04.2020%20HS%20letter%20to%20Chief%20Secretaries%20reg.%20security%20to%20healthcare%20professionals.pdf

*****

VG/SNC/VM/DB



(Release ID: 1617417) Visitor Counter : 243