PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 21 APR 2020 6:53PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

দেশত এই পৰ্যন্ত মুঠ নিশ্চিত পৰিঘটনা হ’ল ১৮,৬০১টা৷ ইয়াৰে ৩২৫২জন ৰোগী অৰ্থাৎ ১৭.৪৮% আৰোগ্য হৈছে৷ মুঠ ৫৯০জন লোকৰ মৃত্যু হৈছে৷বিগত ১৪ দিনৰ পৰা ২৩খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৬১খন অতিৰিক্ত জিলা অন্তৰ্ভুক্ত হৈছে যিয়ে কোনো নতুন পৰিঘটনা প্ৰতিবেদন কৰা নাই৷চিএছআইআৰে ক’ভিড-১৯ ৰোগীৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ যাদৃচ্ছিকীকৃত, ব্লাইণ্ডেড, টু-আৰ্মছ, সক্ৰিয় সন্তুলক-নিয়ন্ত্ৰিত ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষৱৰ্ধনে সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ স্বাস্থ্য বিভাগসমূহলৈ তেওঁলোকৰ ৰক্ত বেংকসমূহত পৰ্যাপ্ত পৰিমাণৰ ৰক্ত উপলব্ধ ৰাখিবলৈ পত্ৰ প্ৰেৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ সম্পৰ্কীয় বিভিন্ন কথা-বতৰা পৰাকৈ জনসাধাৰণৰ বাবেভিড ইণ্ডিয়া সেৱাশীৰ্ষক এক মঞ্চ মুকলি কৰিলে ডাঃ হৰ্ষ বৰ্দ্ধনে

নাগৰিকসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ তত্কালীন ভাবে প্ৰদান কৰি ভিড-১৯ৰ দৰে মহামাৰীৰ সময়ত স্বচ্ছ -গভাৰ্নেন্স সেৱা প্ৰদান কৰাৰ লক্ষ্যৰেই এই মঞ্চ মুকলি কৰা হৈছে। ইচ্ছুক ৰাইজে তেওঁলোকৰ প্ৰশ্নাৱলী @CovidIndiaSeva উত্থাপন কৰিলে এই মঞ্চই যথা সম্ভৱ তাৎক্ষণিক ভাবে নিৰ্দিষ্ট প্ৰশ্নসমূহৰ সূচী তৈয়াৰ কৰি এইসমূহৰ সমাধান দিব পৰা সংশ্লিষ্ট কৰ্তৃপক্ষসমূহলৈ প্ৰেৰণ কৰিব আৰু উত্তৰ লাভৰ দিহা কৰি দিব৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰ চৰকাৰে পশ্চিমবংগক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্যত লকডাউনৰ উপায়সমূহৰ প্ৰণয়নৰ সমীক্ষা আৰু স্থানভিত্তিক মূল্যায়ন সম্বন্ধীয় কাৰ্যত কেন্দ্ৰীয় দলক বাধা প্ৰদান নকৰিবলৈ নিৰ্দেশ দিছে

কেন্দ্ৰ চৰকাৰে পশ্চিমবংগক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্যত লকডাউনৰ উপায়সমূহৰ প্ৰণয়নৰ সমীক্ষা আৰু স্থানভিত্তিক মূল্যায়ন সম্বন্ধীয় কাৰ্যত কেন্দ্ৰীয় দলক বাধা প্ৰদান নকৰিবলৈ নিৰ্দেশ দিছে৷ কলকাতা আৰু জলপাইগুড়িত আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দলক ৰাজ্য আৰু স্থানীয় প্ৰশাসনে কোনো তথ্য প্ৰদান নকৰাটো গৃহ মন্ত্ৰালয়ৰ দৃষ্টি গোচৰ হৈছে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী-কিষাণ আঁচনিৰ অধীনত .৮৯কোটি কৃষক পৰিয়ালৰ বাবে ১৭,৭৯৩ কোটি টকা মুকলি কৰি দিয়া হৈছে

ভাৰত চৰকাৰৰ কৃষি, ৰ্পোৰেচন আৰু কৃষক কল্যাণ বিভাগে লকডাউনৰ সময়ছোৱাত কৃষকৰ সুবিধা আগবঢ়োৱা আৰু কৃষিকাৰ্যৰ সৈতে জড়িত গতিবিধি অব্যাহত ৰাখিবলৈ তৃণমূল পৰ্যায়ত কেইবাটাও পদক্ষেপ হাতত লৈছে৷ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত লকডাউনৰ সময়ত অৰ্থাৎ যোৱা ২৪ মাৰ্চৰ পৰা আজিলৈ প্ৰায় ৮.৮৯ কোটি কৃষকৰ পৰিয়াল উপকৃত হৈছে আৰু ১৭,৭৯৩ কোটি টকা এইপৰ্যন্ত মোকলাই দিয়া হৈছে৷ক’ভিড-১৯ মহামাৰীৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ সময়ছোৱাত চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত উপযুক্ত পৰিয়ালৰ মাজত দাইল বিতৰণ কৰিছে৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এতিয়ালৈকে প্ৰায় ১০৭,০৭৭.৮৫ মেট্ৰিক টন দাইল আগবঢ়োৱা হৈছে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত ভৱিষ্যত নিধিৰ আঁওতাত নপৰা ৪০,৮২৬ জন সদস্যলৈ ৪৮১.৬৩ কোটি টকা মুকলি

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত ভিড-১৯ সৃষ্টি কৰা জটিল পৰিস্থিতিত সাধাৰণ জনতাই যাতে দুৰ্ভোগ ভূগিবলগা নহয় তাৰবাবে পি এফৰ পৰা বিশেষ ধন উলিয়াবপৰা ব্যৱস্থাৰ বিষয়ে  চৰকাৰে এখন জৰুৰী নিৰ্দেশনা জাৰি কৰিছিলক’ভিড-১৯ ৰে যুঁজাৰ বাবে ভৱিষ্যতনিধিৰ আঁওতাত নপৰা ৪০,৮২৬ জন সদস্যলৈ ১৭.০৪.২০২০ তাৰিখৰপৰা ৪৮১.৬৩ কোটি টকা মুকলি কৰি দিয়া হৈছে।

অধিক বিৱৰণৰ বাবে

অসামৰিক সেৱা দিৱস উপলক্ষে চৰ্দাৰ পেটেললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসামৰিক সেৱা দিৱস উপলক্ষে এইদৰে কয়, ‘‘আজি অসামৰিক সেৱা দিৱসৰ দিনা মই সকলো অসামৰিক সেৱাৰ সৈতে জড়িত লোক তথা তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জনাইছো৷ ক’ভিড-১৯ক পৰাভূত কৰিবলৈ তেওঁলোকে আগবঢ়োৱা সেৱাক মই প্ৰশংসা কৰিছো৷ তেওঁলোকে দিনটোৰ চৌবিশ ঘণ্টাই কাম কৰি প্ৰত্যেকৰে সুস্বাস্থ্য নিশ্চিতিৰ দিশত নামি পৰিছে৷’’

অধিক বিৱৰণৰ বাবে

জিতেন্দ্ৰ সিঙে অসামৰিক সেৱা দিৱস উপলক্ষে ভাৰতৰ ক’ভিড-১৯ যুদ্ধত অসামৰিক সেৱাৰ সৈতে জড়িত লোকসকলে প্ৰদান কৰা উৎকৃষ্ট সেৱাক প্ৰশংসা কৰিলে

জিতেন্দ্ৰ সিঙে ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি অনুষ্ঠিত হোৱা এক বৈঠকত চৰকাৰৰ ক’ভিড-১৯ সাহায্য গতিবিধিত অসামৰিক সেৱা খণ্ডৰ সৈতে জড়িত লোকসকলে আগবঢ়োৱা কাৰ্যক প্ৰশংসা কৰে৷ তেওঁ কয় যে জিলা উপায়ুক্তসকলে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজক নেতৃত্ব প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ বিৰুদ্ধে ঐক্যৱদ্ধ হৈ যুঁজিব ভাৰত আৰু আফগানিস্তানেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে ভিড-১৯ৰ বিৰুদ্ধে ভাৰত আৰু আফগানিস্তান, দুয়োখন দেশে ঐক্যৱদ্ধভাৱে যুঁজিব৷ আফগানিস্তানৰ ৰাষ্ট্ৰপতি ড০ আশ্ৰফ ঘানিয়ে ভাৰতে আফগানিস্তানলৈ প্ৰেৰণ কৰা হাইড্ৰক্সিক্লকুইন, পেৰাচিটামল তথা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে কৃতজ্ঞতা জনাই টুইটাৰত প্ৰকাশ কৰা এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে মন্তব্য দিয়ে৷

অধিক বিৱৰণৰ বাবে

ভিডিঅকনফাৰেন্সযোগে অনুষ্ঠিত নতুন উন্নয়ন বেংকৰ বোৰ্ড অৱ গভৰ্নৰ্চৰ পঞ্চম বাৰ্ষিক অধিৱেশনত শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ উপস্থিতি

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি ভিডিঅকনফাৰেন্সযোগে অনুষ্ঠিত নতুন উন্নয়ন বেংকৰ বোৰ্ড অৱ গভৰ্নৰ্চৰ পঞ্চম বাৰ্ষিক অধিৱেশনত নতুন দিল্লীৰপৰা অংশ গ্ৰহণ কৰে৷ ক’ভিড-১৯ ৰ ক্ষেত্ৰত ভাৰতৰ বাবে ১ বিলিয়ন মাৰ্কিন ডলাৰৰ জৰুৰী সাহাৰ্যকে ধৰি ব্ৰিকছ দেশসমূহৰ বাবে এন বি ডিয়ে তাততৈয়াকৈ ৫ বিলিয়ন মাৰ্কিন ডলাৰ মুকলি কৰি দিয়াৰ বাবে শ্ৰীমতী নিৰ্মলা সীতাৰমণে এন বি ডিৰ শলাগ লয়। তেওঁ লগতে এই সাহাৰ্য ১০ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰিবলৈও আহ্বান জনায়।

অধিক বিৱৰণৰ বাবে

এলকহল ভিত্তিকহেণ্ড ছেনিটাইজাৰতৈয়াৰ কৰা আৰু পেট্ৰলত মিহলাব পৰাকৈইথানলপ্ৰস্তুত কৰাৰ বাবেএফচিআই’- হাতত ৰাহি থকা চাউল মোকলাই দিয়াৰ সিদ্ধান্ত

আজি কেন্দ্ৰীয়পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সভাপতিত্বত অনুষ্ঠিতএনবিচিচি’- এখন সভাতএফচিআই’- হাতত সম্প্ৰতি ৰাহি হৈ থকা চাউলখিনি এলকহল ভিত্তিকহেণ্ড ছেনিটাইজাৰতৈয়াৰ কৰা আৰু পেট্ৰলত মিহলাব পৰাকৈইথানলপ্ৰস্তুত কৰিব পৰাকৈ মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

অধিক বিৱৰণৰ বাবে

৩০.০৯.২০২০ তাৰিখলৈ বৃদ্ধি কৰা হৈছে সৌৰ পিভি মডিউল আৰু সৌৰ পিভি বেটেৰীসমূহৰ মডেলৰ অনুমোদিত তালিকাৰ প্ৰণয়নৰ কাৰ্যকৰী তাৰিখ

নতুন আৰু পুনৰ নৱীকৰণ শক্তি (এমএনআৰই)মন্ত্ৰালয়ে শেহতীয়ৈকৈ সৌৰ পিভি মডিউল আৰু সৌৰ পিভি বেটেৰীসমূহৰ মডেলৰ অনুমোদিত তালিকাৰ প্ৰণয়নৰ কাৰ্যকৰী তাৰিখ ৩০.০৯.২০২০ তাৰিখলৈ ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বৃদ্ধি কৰিছে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ ফলত ব্যাহত হোৱা আৰই প্ৰকল্পসমূহৰ কাম লকডাউনৰ পিছলৈ ৩০ দিনলৈ বৃদ্ধি কৰা হৈছে  

নতুন আৰু পুনৰ নৱীকৰণ শক্তি মন্ত্ৰালয়ে কয় যে লকডাউনৰ ফলত ব্যাহত হোৱা আৰই প্ৰকল্পসমূহৰ কাম লকডাউনৰ পিছত পুনৰ ৩০ দিনলৈ অতিৰিক্তভাৱে বৃদ্ধি কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

০৩.০৫.২০২০ তাৰিখলৈ স্থগিত ৰখা হৈছে কেন্দ্ৰীয় প্ৰশাসনীয় ন্যায়পীঠৰ কামকাজ

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি লাইফলাইনৰ বিমানে সমগ্ৰ দেশতে ৫৪১ টন চিকিৎসা সামগ্ৰী পৰিবহণ কৰিছে

লাইফলাইন উড়ানৰ অধীনত ৩১৬খন বিমানে ক’ভিড-১৯ৰ লকডাউনৰ সময়ছোৱাত প্ৰায় ৫৪১.২২ টন সামগ্ৰী কঢ়িয়াই আছে৷ এই পৰ্যন্ত লাইফলাইন উড়ান বিমানে ৩,১৪,৯৬৫ কিলোমিটাৰ পথ অতিক্ৰম কৰিছে৷ পৱনহংসকে আৰম্ভ কৰি হেলিকপ্টাৰ সেৱাই জম্মু-কাশ্মীৰ, লাডাখ আৰু উত্তৰ পূৰ্বাঞ্চলত চিকিৎসা সামগ্ৰী যোগান ধৰি আছে৷ ২০ এপ্ৰিল ২০২০ তাৰিখ পৰ্যন্ত এই সেৱাই ৬৫৩৭ কিলোমিটাৰ দূৰত্ব সামৰি লৈছে আৰু ১.৯০ টন কাৰ্গ’ পৰিবহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ত্বৰিৎ ৰিফাণ্ড সম্বন্ধীয় ই-মেইলক হাৰাশাস্তিৰ ৰূপত ভুল বুজিব নোৱাৰিঃ চিবিডিটি

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ড (চিবিডিটি)য়ে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা ভ্ৰান্ত তথ্যসমূহক নস্যাৎ কৰিছে৷ ছ’চিয়েল মিডিয়াত এইদৰে আৰোপ লগোৱা হৈছে যে আয়কৰ বিভাগে ধন দাবী কৰা আৰম্ভ কৰিছে আৰু ষ্টাৰ্ট-আপসমূহক বকেয়া ধনসমূহ সামঞ্জস্য কৰিবলৈ দি তেওঁলোকক বিতত কৰি তুলিছে৷

অধিক বিৱৰণৰ বাবে

দেশত ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জিলা আৰু গাঁও পৰ্যায়ত স্থানীয় প্ৰশাসনে বিভিন্ন পদক্ষেপ অব্যাহত ৰাখিছে

স্থানীয় লোকৰ প্ৰাথমিক পৰীক্ষা; কোনো স্থানৰ পৰা অহা-যোৱা কৰাৰ লোকৰ চিকিৎসাজনিত পৰীক্ষণৰ বাবে তালাচী চকী স্থাপন; ৰাজহুৱা স্থানৰ নিয়মীয়া ছেনিটাইজেশ্যন আৰু কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন; সংগ্ৰহ কেন্দ্ৰৰ নিয়মীয়া পৰিদৰ্শন ইত্যাদি পদক্ষেপ হাতত লৈছে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত খাদ্য সামগ্ৰীৰ যোগান অব্যাহত ৰাখিবলৈ এফচিআইয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ ২খন জাহাজ আৰু লক্ষদ্বীপলৈ ৭খন সৰু জাহাজ প্ৰেৰণ কৰিছে

এফচিআইয়ে ৰাষ্ট্ৰজোৰা লকডাউনৰ যোৱা ২৭ দিনত আন্দামান নিকোবৰলৈ ২খন জাহাজ আৰু লক্ষদ্বীপলৈ ৭খন সৰু জাহাজ সঞ্চালিত কৰিছে৷ এয়া দ্বীপপুঞ্জ দুটালৈ জাহাজ চলাচলৰ মাহিলী গড় পৰিমাণৰ দুগুণতকৈও অধিক৷ লকডাউনৰ ২৭ দিনৰ সমছোৱাত প্ৰায় ১৭৫০ মেট্ৰিক টন খাদ্য সামগ্ৰী মাংগালোৰ বন্দৰৰ পৰা লক্ষদ্বীপলৈ সঞ্চালিত কৰা হৈছে৷ এয়া হ’ল স্বাভাৱিক মাহিলী গড় পৰিমাণ ৬০০ মেট্ৰিক টনতকৈ প্ৰায় তিনিগুণ অধিক৷ একেদৰে, প্ৰায় ৬৫০০ মেট্ৰিক টন খাদ্য সামগ্ৰী কাকিনাড়া বন্দৰৰ পৰা প’ৰ্ট ব্লেয়াৰ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত বিভিন্ন বন্দৰলৈ সঞ্চালিত কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে গ্ৰহণ কৰিছে বিভিন্ন সক্ৰিয় পদক্ষেপ

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ক’ভিড-১৯ মহামাৰীৰ পৰা জনজাতীয় লোকসকলক ৰক্ষা কৰিবলৈ তথা লকডাউনৰ পিছত অৰ্থনীতি পুনৰুজ্জীৱিত কৰিবলৈ বিভিন্ন সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

স্বয়ম আৰু স্বয়মপ্ৰভাৰ সন্দৰ্ভত নতুন দিল্লীত পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীৰ

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালনিশাংকে’ আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় অলনাইন শিক্ষা মঞ্চ স্বয়ম আৰু ৩২ ডিটিএইচ দূৰদৰ্শন শিক্ষা চেনেল স্বয়মপ্ৰভাৰ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে৷ ১৯০২টা পাঠ্যক্ৰম উপলব্ধ এই আঁচনিয়ে শুভাৰম্ভণিৰে পৰা ১.৫৬ কোটি শিক্ষাৰ্থীক উপকৃত কৰিছে৷ বৰ্তমান ২৬লাখতকৈ অধিক শিক্ষাৰ্থীয়ে ৫৭৪টা পাঠ্যক্ৰম গ্ৰহণ কৰি আছে৷য

অধিক বিৱৰণৰ বাবে

পিআইবি ফেক্টচেকে আজি টুইট কৰিছে চৰকাৰী তথ্যৰ পাঁচটা দফা

চিয়েল মিডিয়াত বহুল প্ৰচাৰিত ভ্ৰান্ত খবৰৰ পৰীক্ষণ তথা উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা উদ্বিগ্নতাৰ ভিত্তিত পিআইবিয়ে এই ভ্ৰান্ত খবৰসমূহৰ প্ৰচাৰ ৰোধ কৰিবলৈ এটা গোট গঠন কৰিছে৷ টুইটাৰতপিআইবি ফেক্টচেকশীৰ্ষক এক বৈধ হেণ্ডেল সৃষ্টি কৰা হৈছে যিয়ে নিৰৱচ্ছিন্নভাৱে চিয়েল মিডিয়াত প্ৰচাৰিত ভ্ৰান্ত খবৰসমূহ নিৰীক্ষণ কৰি থাকে৷

অধিক বিৱৰণৰ বাবে

‘‘ক’ভিড-১৯ৰ বিৰুদ্ধে অধিক সংখ্যক লোকক জড়িত কৰোৱাৰ বাবে সহায় কৰিবলৈ ৰোটাৰিয়ানসকল আগবাঢ়ি আহক’’ –ডাঃ হৰ্ষৱৰ্ধন

‘‘ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ৰোটাৰিয়ানসকলে যি ভূমিকা পালন কৰিছে, তাৰবাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো’’, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এইদৰে কয়৷ মন্ত্ৰীগৰাকীয়ে এক ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি অনুষ্ঠিত হোৱা বৈঠকত ৰোটাৰিয়ানসকলৰ সৈতে বাৰ্তালাপ কৰে৷

অধিক বিৱৰণৰ বাবে

এপ্ৰিলৰ পৰা এই পৰ্যন্ত ৰ্টেলত ভিড-১৯ সংক্ৰান্তীয় ২৫০০০ৰৰো অধিক ৰাজহুৱা অভিযোগৰ মীমাংসাঃ ড জিতেন্দ্ৰ সিং

ভিড-১৯ সংক্ৰান্তীয় ৰাজহুৱা অভিযোগ-আপত্তি আদিৰ সমাধান বিচৰাৰ ক্ষেত্ৰত নেশ্যনেল মণিটৰিং ডাটাবেছ(https://darpg.gov.in) -ৰ দিহা এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।

অধিক বিৱৰণৰ বাবে

ৰে’লৱেয়ে ক’ভিড-১৯ৰ বাবে কৰ্তব্যত নিয়োজিত দিল্লী আৰক্ষীক প্ৰতিদিনে যোগান ধৰিছে ১০০০০ খোৱা পানীৰ বটল 

উৎকট গৰমৰ মাজতে ক’ভিড-১৯ৰ বাবে কৰ্তব্যত নিয়োজিত দিল্লীৰ আৰক্ষীৰ আইআৰচিটিচিৰ সহযোগত ভাৰতীয় ৰে’লৱেয়ে ৰে’ল নীড় পানীৰ বটল যোগান ধৰিছে৷ এই পৰ্যন্ত ৫০০০০ টা বটল বিতৰণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

পুণেৰ বাইল এপসংযম অনুসৰণ কৰা হৈছে গৃহ কোৱাৰেণ্টাইনড্ নাগৰিকসকলক

ঘৰতে আৱদ্ধ হৈ থকা কোৰাৱেণ্টাইনড্ নাগৰিকসকলে প্ৰকৃততে ঘৰতে আছে নে নাই সেয়া অনুসৰণ কৰাৰ বাবে স্মাৰ্ট চিটী অভিযান (এছচিএম) অধীনত পুণে পৌৰ নিগমেসংযমশীৰ্ষক এক বাইল এপ্লিকেচন নিৰ্মাণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ মহামাৰীক নিয়ন্ত্ৰণৰ বাবে বলৱৎ কৰা লকডাউনৰ মাজতে শক্তি মন্ত্ৰালয়ৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান REC সাহায্যমূলক কাম-কাজ বৃদ্ধি কৰিছে

শক্তি মন্ত্ৰালয়ৰ অধীনত আৰইচি লিমিটেডৰ ঔদ্যোগিক সামাজিক দায়ৱদ্ধতা কাৰ্যসূচীৰ আৰইচি ফাউণ্ডেচন শীৰ্ষক গোটটোৱে আজি পৰ্যন্ত ৭৬,০০০ জন দৈনিক শ্ৰম কৰি খোৱা লোকক ৰন্ধন খাদ্য, মাস্ক, ছেনিটাইজাৰ আৰু আশ্ৰয় প্ৰদান কৰিছে৷ আৰইচি ফাউণ্ডেচনে ইতিমধ্যেই কোটি টকা এনে ধৰণৰ কামৰ বাবে আৱণ্টিত কৰি ৰাখিছে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে ৬৬৭০ পঞ্জীকৃত নিৰ্মাণখণ্ডৰ কৰ্মীক ৩০০০ টকাকৈ সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সংবাদ মাধ্যৰ লোকসকলৰ পৰীক্ষণৰ বাবে বিশেষ শিবিৰৰ স্থাপন কৰিবলৈ চণ্ডীগড় প্ৰশাসনে নিৰ্দেশ দিছে৷
  • পাঞ্জাৱঃ জনসাধাৰণক ক’ভিড-১৯ৰ বিৰুদ্ধে সজাগতা প্ৰদান কৰিবলৈ পাঞ্জাৱৰ তথ্য আৰু জনসংযোগ বিভাগে হোৱাটছএপ আৰু ফেচবুকত চাটবট মুকলি কৰিছে৷
  • হাৰিয়ানাঃ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰলালে কয় যে ৰাজ্যৰ প্ৰতিজন হিতাধিকাৰীয়ে যাতে চৰকাৰৰ কল্যাণমূলক আঁচনিৰ অধীনৰ সেৱাসমূহ লাভ কৰিব পাৰে সেয়া নিশ্চিত কৰাই হ’ল ৰাজ্য চৰকাৰখনৰ লক্ষ্য৷
  • হিমাচল প্ৰদেশঃ ৰাজ্যখনে ‘ই সঞ্জীৱনী অ’পিডি’ শীৰ্ষক এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে যাৰ অধীনত জনসাধাৰণে ঘৰত বহিয়েই চিকিৎসকসকলৰ পৰা স্বাস্থ্য সম্বন্ধীয় তথ্যসমূহ লাভ কৰিব পাৰিব৷ এই প’ৰ্টেলৰ ইউআৰএলটো হ’ল- “esanjeevaniopd.in”.  
  • কেৰালাঃ কান্নুৰত (ৰঙা মণ্ডলত) আজিৰে পৰা প্ৰণয়ন কৰা কৰা হৈছে তিনিগুণ লকডাউন৷ পাঠানামথিট্টাৰ এজন ৬২ বৰ্ষীয় লোক ৪২ দিনৰ পিছতো আৰোগ্য হোৱা নাই৷
  • তামিলনাডুঃ ক’ভিড-১৯ত আক্ৰান্ত সাংবাদিক এজনৰ ২৬জন সহকৰ্মীৰ ফলাফল ধনাত্মক ওলাইছে৷ কালি পৰ্যন্ত মুঠ পৰিঘটনা ১৫২০টা; মৃত্যু ১৭; মুকলি কৰি দিয়া হৈছে ৪৫৭জনক৷ সক্ৰিয় পৰিঘটনাঃ ১০৪৩টা৷
  • কৰ্ণাটকঃ আজি ৭টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ মুঠ নিশ্চিত পৰিঘটনা ৪১৫টা; মৃত্যু ১৭টা আৰু আৰোগ্য হৈছে ১১৭টা৷
  • অন্ধ্ৰ প্ৰদেশঃ বিগত ২৪ ঘণ্টাত ৩৫টা নতুন পৰিঘটনা; মুঠ পৰিঘটনা ৭৫৭টা৷ মুঠ মৃত্যু ২২; আৰোগ্য হৈছে ৯৬জন৷ সক্ৰিয় পৰিঘটনা ৬৩৯টা৷
  • তেলেংগানাঃ তেলেংগানাৰ দুজন ৰহিংগীয়া শৰণাৰ্থী যিয়ে দিল্লীৰ তবলিগী জামাতত অংশগ্ৰহণ কৰিছিল, তেওঁলোকৰ ফলাফল ধনাত্মক পোৱা হৈছে৷ মুঠ পৰিঘটনা ৮৭৪টা৷
  • অৰুণাচল প্ৰদেশ-  ৰাজ্যখনত ৰঙা আৰু কমলা মণ্ডলৰ পৰা শাক-পাচলি ক্ৰয়-বিক্ৰয় বন্ধ কৰিছে ইটানগৰ প্ৰশাসনে৷
  • অসমঃ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত ৰাজ্য চৰকাৰে গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ পৰা দ্ৰুত এণ্টিব’ডী পৰীক্ষণ 22 এপ্ৰিলৰ পৰা আৰম্ভ কৰিব বুলি প্ৰকাশ কৰিছে৷
  • মণিপুৰঃ চৰকাৰে সচিবালয়ত সৰ্বাধিক ৩৩ শতাংশ লোকৰ উপস্থিতিৰ নিৰ্দেশ জাৰি কৰিছে৷
  • মিজোৰামঃ মিজোৰাম বিল্ডিং এণ্ড আডাৰ কনষ্টিটিউচন ৱৰ্কাৰ ৱেলফেয়াৰ ব’ৰ্ডৰ ৪০,০০০ত কৈও অধিক হিতাধিকাৰীয়ে লকডাউনৰ সময়ছোৱাত ডিবিটি ব্যৱস্থাৰ জৰিয়তে ৩০০০ টকাকৈ লাভ কৰিছে৷
  • নাগালেণ্ডঃ ৱখা জিলাৰ দৈয়াং গাঁৱত অভাৱী লোকসকলক চিআইএছএফে বিতৰণ কৰিছে খাদ্য-সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰী৷
  • ছিক্কিমঃ ঘৰে ঘৰে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ এছআইএমএফইডিয়ে গেংটকত মুকলি কৰিছে ম’বাইল ৰেচন ভ্যান৷
  • ত্ৰিপুৰাঃ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বহী মূল্যায়নৰ কাম আৰম্ভ হ’ব ২৪ এপ্ৰিলৰ পৰা৷
  • মহাৰাষ্ট্ৰঃ ৪৭২টা নতুন পৰিঘটনাৰ সৈতে মুঠ পৰিঘটনা হৈছে ৪,৬৭৬টা৷ মুম্বাইত ৫৩জন সাংবাদিক দেহত পোৱা গৈছে ক’ৰোনা ভাইৰাছৰ উপস্থিতি৷
  • গুজৰাটঃ আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল ইন্সটিটিউটে আইচিএমআৰৰ সৈতে ৰোগীৰ ক’ৰোনা ভাইৰাছ সম্বন্ধীয় জটিলতাসমূহ হ্ৰাস কৰিবলৈ কনভালছেণ্ট প্লাজমাৰ সুৰক্ষা আৰু দক্ষতা অধ্যয়ন কৰাৰ বাবে এক বুজাবুজিৰ পত্ৰত স্বাক্ষৰ কৰে৷
  • ৰাজস্থানঃ ভুল ফলাফল ওলোৱাৰ পিছত ৰাজস্থান চৰকাৰে বন্ধ কৰিলে চীনত নিৰ্মিত দ্ৰুত পৰীক্ষণ কিট৷ আজি ৮৩টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে মুঠ পৰিঘটনাৰ সংখ্যা হৈছে ১৬৫৯টা৷


#ক’ভিড-১৯ৰ ফেক্ট চেক



(Release ID: 1616867) Visitor Counter : 172