প্ৰতিৰক্ষা মন্ত্ৰালয়

কৰৱাৰত ক’ভিড-১৯ৰে সমুখ সমৰত ব্যস্ত ভাৰতীয় নৌ সেনাৰ চিকিত্সা-জাহাজ ‘পতঞ্জলি’

Posted On: 19 APR 2020 1:23PM by PIB Guwahati

কাৰৱাৰত কভিড-১৯ৰে সমুখ সমৰত ব্যস্ত হৈ থকা ভাৰতীয় নৌ সেনা বাহিনীৰ চিকিত্সা-জাহাজ পতঞ্জলিয়ে উত্তৰ কানাড়া জিলাৰ কৰোনা-আক্ৰান্তক সেৱা আগবঢ়াই আহিছে।

যোৱা ২৫ মাৰ্চ, ২০২০ত ৰাষ্ট্ৰ জুৰি লকডাউন ঘোষণাৰ পিছত কাৰৱাৰ জিলা প্ৰশাসনে জনোৱা অনুৰোধ গ্ৰহণ কৰি আইএনএইচএছ পতঞ্জলি-য়ে ২৪ঘণ্টাৰ ভিতৰতে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি ২৮ মাৰ্চ, ২০২০ত কভিড-১৯ আক্ৰান্তৰ প্ৰথমটো দলক চিকিত্সা আগবঢ়াব পৰাকৈ নিজকে সষ্টম কৰি তুলিছিল। তিনিগৰাকী চিকিত্সক, ৯ গৰাকী স্বাস্থ্য-কৰ্মী আৰু ৯ গৰাকী সহযোগী কৰ্মীৰে পতঞ্জলিৰ এই চিকিত্সা গোটে এই পৰ্যন্ত ৯গৰাকী কভিড-১৯ আক্ৰান্তক ২৪x হিচাপত সেৱা আগবঢ়াই আহিছে।

এইসকল আক্ৰান্তৰ ভিতৰৰ ৮গৰাকী ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতিবলৈ সক্ষম হৈছে। এই মুহূৰ্তত চিকিত্সা জাহাজখনত যোৱা ১৬এপ্ৰিলত ভৰ্তি কৰোৱা এগৰাকী ৰোগীক চিকিত্সা প্ৰদান কৰি থকা হৈছে আৰু ৰোগীগৰাকীয়ে সুস্থ হৈ উঠাৰ সকলো লক্ষণ প্ৰদৰ্শন কৰিছে।

ইয়াৰ উপৰি, আইএনএইচএছ পতঞ্জলিয়ে নিজৰ দায়িত্বত থকা সংশ্লিষ্ট জোৱানসকলৰ নিয়মীয়া চিকিত্সা সেৱা অব্যাহত ৰখাৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰি নিয়মীয়াকৈ সেৱা আগবঢ়াই আহিছে।   

 

*************

VM/ MS/KB



(Release ID: 1616195) Visitor Counter : 126