ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

জোতা উদ্যোগৰ প্ৰতিনিধিসকলক সৰ্বতোপ্ৰকাৰে সাহায্য প্ৰদানৰ আশ্বাস শ্ৰী নীতিন গাডকাৰীৰ

Posted On: 18 APR 2020 6:09PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ ফলত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা জোতা উদ্যোগৰ প্ৰতিনিধিসকলক কেন্দ্ৰীয় এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰে৷ মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জোতা উদ্যোগৰ সন্মিলনত ভিডিঅ’ কনফাৰেন্সযোগে প্ৰতিনিধিসকলক এই আশ্বাস প্ৰদান কৰে৷

মন্ত্ৰীগৰাকীয়ে উদ্যোগসমূহক এই পৰিস্থিতিৰ সুবিধা গ্ৰহণ কৰি ৰপ্তানিৰ দিশত মনোযোগ দিবলৈ আহ্বান জনায়৷ বৈঠকত প্ৰতিনিধিসকলে বিভিন্ন উদ্বেগৰ বিষয়ে উল্লেখ কৰাৰ লগতে চৰকাৰৰ দিশৰ পৰাও সাহায্যৰ বাবে আবেদন কৰে৷

শ্ৰী গাডকাৰীয়ে বৈঠকত চৰকাৰে কিছুমান বিশেষ ঔদ্যোগিক ক্ষেত্ৰৰ কাৰ্য আৰম্ভ কৰিবলৈ অনুমতি দিছে বুলি উল্লেখ কৰে৷ তেওঁ ব্যৱসায়িক কাৰ্যকলাপসমূহৰ সময়ত পিপিই আদি ব্যৱহাৰ কৰিবলৈও আহ্বান জনায়৷

শ্ৰী গাডকাৰীয়ে তেওঁলোকক এইবুলি নিশ্চিতি দিয়ে যে ব্যৱসায়ীসকলৰ উত্থাপিত উদ্বেগসমূহৰ বিষয়ে তেওঁ বিত্ত মন্ত্ৰীৰ সৈতে আলোচনা কৰিব৷

*****

RCJ/SKP/IA/MANN



(Release ID: 1615905) Visitor Counter : 137