প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ বীজানুমক্ত প্ৰক্রিয়াৰ বাবে দুটা নতুন যন্ত্ৰ উদঘাটন কৰিলে ডিআৰডিঅ’ই

Posted On: 17 APR 2020 3:07PM by PIB Guwahati

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা(ডিআৰডিঅ’) প্ৰযুক্তি আৰু অভিজ্ঞতাক কামত ব্যৱহাৰ কৰি ভিড-১৯ৰ বিৰুদ্ধে যুঁজত নিত্য নতুন সমাধান সূত্ৰ সন্ধানত প্ৰতিমুহূৰ্তত প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ সাধাৰণ লোকৰ প্ৰয়োজনৰ উপযোগীকৈ এইবোৰ অভিনৱ উদ্ভাৱনসমূহ কৰা হৈছে৷ আজি ডিআৰডিঅ দুটা যন্ত্রৰ উদ্ঘাটন কৰে, যিটোৱে মহামাৰী ৰোধত ৰাজহুৱা স্থানত জনসাধাৰণে ব্যৱহাৰ কৰিব পাৰিব৷

 

স্বয়ংক্রিয় ধোঁৱা নিৰ্গমণ চেনিটাইজাৰ যন্ত্ৰ

দিল্লীৰ পৰিৱেশ সুৰক্ষা আৰু অগ্নিনির্বাপণ কেন্দ্ৰই এইচপি-১ৰ সৈতে ধোঁৱা নিৰ্গমণ প্ৰযুক্তিৰ অভিজ্ঞতা ব্যৱহাৰ কৰি স্বয়ংক্রিয় ধোঁয়া নিৰ্গমণ হাত ধোৱা ৰাসায়নিক পদাৰ্থ মিশ্রিত এই চেনিটাইজাৰ যন্ত্ৰ নিৰ্মাণ কৰিছে৷ যিকোনো স্থান এইটো স্থাপন কৰি পৰা যাব৷ কোনো ব্যক্তিয়ে ৰবাত প্ৰৱেশ কৰাৰ সময়ত স্বয়ংক্রিয় এই যন্ত্রত হাত ৰাখিলে যন্ত্রৰ ভেতৰ পৰা এক নির্দিষ্ট মাত্রাত -৬মিলিলিটাৰ চেনিটাইজাৰ মিশ্রিত ধোঁৱা ১২ চেকেণ্ড ধৰি হাতৰ তলুৱাত পৰিব আৰু হাত বীজাণুমুক্ত ব৷ ডিআৰডিঅ ভৱনতো এই যন্ত্ৰ স্থাপন কৰা হৈছে।

 

ইউভি চেনিটাইজেচন বক্স আৰু হাতেৰে বহনযোগ্য ইউভি সঁজুলি

প্ৰতিৰক্ষা ইনষ্টিটিউট অফ ফিজিঅলজী এণ্ড এলাইড ছায়েন্সেছ(ডিআইপিএএছ) আৰু ইনষ্টিটিউট অফ নিউক্লিয়েৰ মেডিচিন এণ্ড এলাইড ছায়েন্সেছে দিল্লীৰ ডিআৰডিঅ পৰীক্ষাগাৰত অতি বেঙুনীয়া-চি লাইটভিত্তিক চেনিটাইজেচন বক্স আৰু হাতেৰে বহনযোগ্য ইউভি-চি(২৫৪ নেনোমিটাৰ তৰংগদৈর্ঘ্যসহ অতিবেঙুনীয়া পোহৰ চলাচল সক্ষম) যন্ত্ৰ নিৰ্মাণ কৰিছে৷ এইটোৱে ভিড-১৯এ জিনভিত্তিক উপাদানসমূহ ধ্বংস কৰাত বিশেষভাৱে সক্ষম। ইউভি-চিয়ে দ্রুতগতি জীবাণুবোৰ মাৰি পেলায়৷ ইউভি-চি বক্সে ব্যক্তিগত সামগ্ৰী যেনে-বাইল ফোন, টেবলেট, পাৰ্চ, মুদ্রা, অফিচৰ ফাইলবোৰো বীজানুমক্ত কৰিব পাৰে৷ এই যন্ত্ৰটো এনেকৈ ডিজাইন কৰা হৈছে যাতে সেই বক্সৰ ভিতৰত এক মিনিটৰ বাবে কোনো সামগ্ৰী ৰাখিলে ইউভি-চি লেম্প ব্যৱহাৰ কৰি ভিড-১৯ ভাইৰাছক নিষ্ক্রিয় কৰিব পাৰে৷ আঠ ৱাটৰ ইউভি-চি লেম্পযুক্ত হাতেৰে বহনযোগ্য এই সঁজুলিৰ সহায়ত কাৰ্যালয় আৰু ঘৰখনক বীজানুমক্ত কৰিব পাৰিব৷ আনকি চকী, ফাইল, ডাকত অহা সামগ্রী আৰু খাদ্য-সামগ্ৰীৰ পেকেটৰ বীজানুনাশ কৰাৰ বাবেও এই যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰি৷ এই যন্ত্ৰটোৱে কাৰ্যালয় আৰু সাধাৰণ পৰিৱেশত ৰোনা ভাইৰাছৰ সংক্ৰমণ দূৰ কৰিব পাৰিব৷

***

ABB/SS/Nampi/KA/DK/Savvy/ADA/DB



(Release ID: 1615641) Visitor Counter : 202