গৃহ মন্ত্ৰালয়

দেশত ক’ভিড-১৯ মহামাৰী প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউনৰ নিয়মসমূহ অহা ৩মে’,২০২০লৈ বলবৎ হৈ থাকিব

Posted On: 14 APR 2020 7:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক সম্বোধি আগবঢ়োৱা ভাষণত ঘোষণা কৰে যে ভাৰতত কভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ অহা ৩মে২০২০ পৰ্যন্ত লকডাউন অব্যাহত থাকিব৷

এই ঘোষণাৰ পাছত ভাৰত চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰালয়/বিভাগ, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কৰ্তৃপক্ষলৈ নিৰ্দেশ জাৰি কৰে যে দেশত কভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা লকডাউনৰ নীতি-নিৰ্দেশনাসমূহ অহা ৩মে’,২০২০লৈ বলবৎ হৈ থাকিব৷

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰিছে৷  নিৰ্দেশত কোৱা হৈছে যে লকডাউন বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন খণ্ড আৰু বিভিন্ন গতিবিধিত আৰোপ কৰা সকলো নিষেধাজ্ঞা বাহাল থাকিব৷ গৃহ মন্ত্ৰালয়ৰ এই সুস্পষ্ট নীতি-নিৰ্দেশনাসমূহ  কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰালয়/বিভাগ আৰু ৰাজ/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু কৰ্তৃপক্ষই কঠোৰভাৱে বলবৎ কৰিব লাগিব৷

Click here to see the Order to Extend Lockdown Measures

 

*****

VG/SNC/VM/MS



(Release ID: 1614626) Visitor Counter : 263