মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ এনআইঅ’এছে কাৰ্যকৰী পাঠ্যক্ৰম নিশ্চিতিৰ বাবে গ্ৰহণ কৰিছে এক অনন্য পদ্ধতি

ক’ভিড-১৯ৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ এনআইঅ’এছৰ উদ্ভাৱনসমূহ কেভিএছ, এনভিএছ আৰু চিবিএছই তথা এনচিইআৰটিৰৰ সহযোগত স্কাইপ আৰু স্বয়ম প্ৰভা ডিটিএইচ চেনেলৰ জৰিয়তে লাইভ সম্প্ৰচাৰ


ঘৰত ইণ্টাৰনেটৰ সুবিধা নথকা লোকসকলৰ বাবে স্বয়ম প্ৰভা শিক্ষণ প্ৰদানৰ এক কাৰ্যকৰী সঁজুলিঃ শ্ৰী ৰমেশ পখৰিয়াল নিশাংক


ঘৰতে বহি শিক্ষাৰ্থীসকলে লাভ কৰিছে জেইই/এনইইটি পৰীক্ষাৰ প্ৰস্তুতিৰ সুবিধা

Posted On: 14 APR 2020 3:06PM by PIB Guwahati

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত শিক্ষা ব্যৱস্থাত যাতে কোনো ব্যাঘাতৰ সৃষ্টি নহয় সেয়া নিশ্চিত কৰাৰ বাবে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি এনআইঅ’এছে পোনে পোনে দুৱাৰমুখত কাৰ্যকৰী পাঠ্যক্ৰম আগবঢ়োৱাৰ বাবে অনন্য পদক্ষেপ গ্ৰহণ কৰিছে৷ ‘স্বয়ম’ শীৰ্ষক অনলাইন প্লেটফ’ৰ্মৰ জৰিয়তে নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিভিন্ন বিষয়ৰ পাঠ্যক্ৰমৰ সুবিধা আগবঢ়োৱা হৈছে৷ স্ব-শিক্ষণ সামগ্ৰীৰ বাহিৰেও ইয়াত ভিডিঅ’ শ্ৰেণীকোঠা আৰু স্ব-পৰীক্ষণৰ ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হৈছে৷ প্ৰশ্ন আৰু জিজ্ঞাসমূহ আলোচনাভিত্তিক ফ’ৰামৰ জৰিয়তে সমাধান কৰা হৈছে৷

তাৰোপৰি যিসকলৰ ইণ্টাৰনেট ব্যৱস্থা নাই তেওঁলোকে মন্ত্ৰালয়ৰ স্বয়মপ্ৰভা টিভি চেনেলৰ জৰিয়তে শিক্ষক আৰু বিষয় বিশেষজ্ঞৰ জৰিয়তে লাইভ পাঠ্যক্ৰম লাভ কৰিছে৷

যিসকল শিক্ষাৰ্থীয়ে জেইই আৰু এনইইটিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকেও এই পদক্ষেপৰ জৰিয়তে ঘৰতে বহি উপকৃত হৈছে৷

ইয়াৰ উপৰিও এনআইঅ’এছে কেভিএছ, এনভিএছৰ সহযোগত স্কাইপেৰে আৰু চিবিএছই তথা এনচিইআৰটিৰ সহযোগত স্বয়মপ্ৰভা ডিটিএইচ চেনেলৰ জৰিয়তে পাঠদানৰ সেৱা আগবঢ়াইছে৷

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰ আৰু কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংক’ৰ অনুৰোধত টাটা স্কাই আৰু এয়াৰটেল ডিটিএইচে তেওঁলোকৰ ডিটিএইচ প্লেটফ’ৰ্মত তিনিটা স্বয়মপ্ৰভা চেনেল সম্প্ৰচাৰ কৰিবলৈ সন্মত হৈছে৷ এতিয়া এই তিনিটা স্বয়মপ্ৰভ চেনেল সকলো ডিটিএইচ প্লেটফ’ৰ্মৰ লগতে জিঅ’ টিভি এপতো উপলব্ধ হৈছে৷

স্বয়মপ্ৰভা চেনেলসমূহৰ বিষয়ে অধিক বিৱৰণৰ বাবে অনুগ্ৰহ কৰি নিম্নোক্ত লিংকটো ক্লিক কৰক

https://www.swayamprabha.gov.in/index.php/ch_allocation

 

*****

 

NB/AKJ/AK/MANN



(Release ID: 1614506) Visitor Counter : 222