প্ৰতিৰক্ষা মন্ত্ৰালয়

সাজু ভাৰতীয় নৌসেনাই ক’ভিড-১৯ লকডাউনৰ সময়ত বিমান পৰিচালনাত সহায় কৰাৰ বাবে ২৪ ঘণ্টাই কাম কৰিব পৰাকৈ সাজু কৰি তুলিছে বিশাখাপট্টনমৰ এয়াৰফিল্ড

Posted On: 14 APR 2020 12:41PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰী ৰোধৰ বাবে দেশজোৰা লকড়াউনৰ পৰিপ্ৰেক্ষিতত ইষ্টাৰ্ণ নেভেল কামাণ্ডৰ আইএনএছ ডেগাই যুটীয়াভাৱে কাম কৰিবলৈ বিশাখাপট্টনম এয়াৰফিল্ড ২৪ ঘণ্টাই ব্যৱহাৰৰ বাবে সাজু কৰি তুলিছে৷ এইটো সুনিশ্চিত কৰাৰ বাবে সকলো আৱশ্যকীয় সুৰক্ষা সেৱা আৰু এয়াৰফিল্ড সুবিধা অব্যাহত থকাৰ লক্ষ্যৰে এয়াৰফিল্ড কৰ্মচাৰীৰ আৱশ্যকীয় সংশোধন কৰা হৈছে৷ এই ব্যৱস্থাই এইটো সুনিশ্চিত কৰিছে যে সকলো বিশেষ বিমান তথা স্পাইচজেটৰ কাৰ্গ’ বিমানে নিৰ্ধাৰিত হিচাপত নিজৰ কাম কাজ অব্যাহত ৰাখিব৷ লকডাউন আৰম্ভ হোৱাৰে পৰা বৰ্তমানলৈকে ১৫বাৰ কাৰ্গ’ বিমান চলাচল কৰা হৈছে৷

তদুপৰি, ভাৰতীয় নৌসেনাই দিনে-ৰাতিয়ে নিয়মীয়াকৈ সামুদ্ৰিক নিৰীক্ষণ অভিযান জাৰি ৰাখিছে৷ বিমান বন্দৰৰ পৰা পৰিচালিত হ’বলগীয়া ইএনচি, আইএএনএছ ৩১১ৰ ড’নিয়াৰ স্ক্ৰোৱাড্ৰনে নিয়মীয়াকৈ সামুদ্ৰিক নিৰীক্ষণ অভিযান অব্যাহত ৰাখিছে৷ তদুপৰি, প্ৰয়োজনত তাক্ষণিকভাৱে কাম কৰিব পৰাকৈ অন্যান্য সকলো বিমান সঁজুলিও সাজু কৰি ৰখা গৈছে৷

 

****

VM/ MS/DB



(Release ID: 1614499) Visitor Counter : 187