PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 12 APR 2020 7:00PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

কালিৰে পৰা দেশত ৯০৯টা ক’ভিড-১৯ৰ নিশ্চিত নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ ৭১৬জন ব্যক্তিক আৰোগ্য হোৱাৰ পিছত মুকলি কৰি দিয়াৰ বিপৰীতে ২৭৩টা মৃত্যুৰ পৰিঘটনা প্ৰতিবেদিত হৈছে৷চৰকাৰে প্ৰাথমিক চিকিৎসা আন্তঃগাঁথনিসমূহৰ সামৰ্থ বৃদ্ধিত গুৰুত্ব প্ৰদান কৰিছে য’ত উৎসৰ্গিত চিকিৎসা, আচুতীয়া বিচনা, আইচিইউ বিচনা আৰু কোৱাৰেণ্টাইন সুবিধা অন্তৰ্ভুক্ত থাকিব৷ সমগ্ৰ দেশতে ক’ভিড-১৯ৰ ৰোগীৰ ব্যৱস্থাপনাৰ বাবে উৎসৰ্গিত চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷ চৰকাৰী চিকিৎসালয়সমূহৰ লগতে ব্যক্তিগতখণ্ডৰ চিকিৎসালয়, ৰাজহুৱা খণ্ড, সেনা বিভাগ, ভাৰতীয় ৰে’লৱেৰ চিকিৎসালয়সমূহেও এই প্ৰয়াসত হাত উজান দিছে৷

অধিক বিৱৰণৰ বাবে

সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা প্ৰব্ৰজিত কৰ্মীসকলৰ সুবিধাৰ বাবে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশনাসমূহৰ অনুপালনৰ নিশ্চিতিৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ গৃহ মন্ত্ৰালয়ৰ পত্ৰ প্ৰেৰণ

দেশৰ বিভিন্ন প্ৰান্তত সাহায্য শিবিৰসমূহত আশ্ৰয় গ্ৰহণ কৰি থকা প্ৰব্ৰজিত কৰ্মীসকলৰ সুবিধাৰ বাবে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশনাসমূহৰ অনুপালনৰ নিশ্চিতিৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে গৃহ মন্ত্ৰালয়ে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ বিৰোধী যুঁজৰ চিকিৎসাত জড়িত চিকিৎসক আৰু চিকিৎসা কর্মীসকলৰ নিৰাপত্তাৰ বাবে আৰক্ষী নিয়োগ কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক নির্দেশ গৃহ মন্ত্ৰালয়ৰ

ভিড-১৯ বিৰোধী যুঁজৰ চিকিৎসাৰ সৈতে জড়িত চিকিৎসক আৰু চিকিৎসা কর্মীসকলৰ ওপৰত হোৱা অত্যাচাৰৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক পর্যাপ্ত নিৰাপত্তা প্ৰদানৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল তথা সংশ্লিষ্ট আৰক্ষী প্ৰশাসনক আৰক্ষী নিয়োগ কৰিবলৈ নির্দেশ দিছে কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে৷

অধিক বিৱৰণৰ বাবে

এই মাহত প্ৰায় ৮৫ লাখ পিএমইউৱাই হিতাধিকাৰীয়ে লাভ কৰিছে এলপিজি চিলিণ্ডাৰ; ক’ভিড-১৯ক পৰাভূত কৰাৰ বাবে নিৰলস প্ৰচেষ্টাত ব্ৰতী হৈছে চিলিণ্ডাৰৰ যোগান শৃংখল কৰ্মীসকল

ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত দুখীয় লোকসকলৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই যোজনা অনুসৰি উজ্বলা হিতাধিকাৰীসকললৈ ৩ মাহৰ বাবে বিনামূলীয়া এলপিজি চিলিণ্ডাৰ যোগান ধৰা হৈছে৷ আজিৰ তাৰিখ পৰ্যন্ত হিতাধিকাৰীসকলে ১.২৬ কোটি চিলিণ্ডাৰ বুক কৰিছে আৰু তাৰে প্ৰায় ৮৫ লাখ চিলিণ্ডাৰ পিএমইউৱাই হিতাধিকাৰীলৈ যোগান ধৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত কৃষি আৰু কৃষি সম্বন্ধীয় অন্যান্য ক্ষেত্ৰসমূহৰ বিকাশৰ বাবে কৃষি, সহযোগিতা আৰু কৃষক কল্যাণ বিভাগৰ পদক্ষেপসমূহ

কৃষি, সহযোগিতা আৰু কৃষক কল্যাণ বিভাগে লকডাউনৰ সময়ত কৃষক আৰু কৃষি সম্পৰ্কীয় গতিবিধিসমূহ সুচল কৰি তোলাৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰিছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ সম্পৰ্কীয় কাৰ্যকলাপসমূহৰ বাবে চিএছআৰ ব্যয়ৰ যোগ্যতা সন্দৰ্ভত ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰা সঘনাই সোধা প্ৰশ্নসমূহ

অধিক বিৱৰণৰ বাবে

ৰোনা ভাইৰাছ বিৰোধী যুঁজত ভাৰতীয় বায়ুসেনা বাহিনীৰ সহযোগিতা

ভেল ৰোনা ভাইৰাছ প্ৰতিৰোধ কৰাৰ লগতে সৃষ্টি কৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ভাৰত চৰকাৰে অব্যাহত ৰখা অভিযানত দিনটোৰ ২৪ঘণ্টাই সষ্টম হৈ আছে ভাৰতীয় বায়ুসেনা বাহিনী। এইখিনি সময়ত অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী, উপকৰণৰ লগতে খাদ্য-দ্ৰব্য তথা জৰুৰী তথ্য-পাতি আদি মূল কেন্দ্ৰস্থলসমূহৰ পৰা দেশৰ বিভিন্ন ৰাজ্যলৈ কঢ়িয়াই নি আক্ৰান্তসকলক সময়মতে চিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে বাহিনীটোৱে৷

অধিক বিৱৰণৰ বাবে

ৰ্টব্লেয়াৰত ভিড-১৯ৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছে ভাৰতীয় নৌসেনা বিভাগ

ক’ভিড-১৯ৰ সংকটৰ সময়ছোৱাত নৌবাহিনীৰ বায়ু ষ্টেচন (এনএএছ) উৎক্ৰোশ আৰু মেটেৰিয়েল অৰ্গ’নাইজেছনে (প’ৰ্টব্লেয়াৰ) প’ৰ্টব্লেয়াৰত খাদ্য যোগান ধৰিছে৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ মুকলি কৰিলে ‘যুক্তি’ শীৰ্ষক এক ৱেব প’ৰ্টেল

এই প’ৰ্টেলটোৰ জৰিয়তে ক’ভিড-১৯ৰ বিৰুদ্ধে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ নিৰীক্ষণ আৰু তথ্যায়িত কৰিব পৰা হ’ব৷ এই প’ৰ্টেলটোত মন্ত্ৰালয় আৰু অনুষ্ঠানসমূহৰ মাজত এক দ্বি-মুখী যোগাযোগ চেনেলৰ ব্যৱস্থা কৰা হ’ব যাতে মন্ত্ৰালয়ে প্ৰতিষ্ঠানসমূহক আৱশ্যকীয় সমৰ্থন প্ৰদান কৰিব পাৰে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ সৃষ্টি কৰা এই পৰিস্থিতিত কেন্দ্ৰীয় বিদ্যালয় সংগঠন-দিল্লী অঞ্চলে ছাত্ৰ-ছাত্ৰীক পাঠদান প্ৰদান কৰাৰ বিভিন্ন পদক্ষেপ হাতত লৈছে

সোমবাৰৰপৰা ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈকে অনলাইনযোগে পোনপটীয়া শ্ৰেণী আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় বিদ্যালয় সংগঠন-দিল্লী অঞ্চল সম্পূৰ্ণ সাজু হৈছে আৰু নৱমৰ পৰা আৰু দ্বাদশ শ্ৰেণীলৈকে অনলাইনযোগে ফে’চবুক, ইউটিউৱ আদিত পোনপটীয়া শ্ৰেণী ইতিমধ্যে চলি আছে।

অধিক বিৱৰণৰ বাবে

দুটা প্ৰলেপযুক্ত খাদী মাস্ক প্ৰস্তুত কৰিলে কেভিআইচিয়ে

খাদী আৰু গ্ৰামীণ উদ্যোগ আয়োগে দুটা প্ৰলেপযুক্ত খাদী মাস্ক প্ৰস্তুত কৰি উলিয়াইছে আৰু ইয়াৰ যোগান আৰম্ভ কৰিবলৈ অৰ্ডাৰো লাভ কৰিছে৷ শেহতীয়াকৈ কেভিআইচিয়ে জম্মু-কাশ্মীৰলৈ ৭.৫ লাখ খাদী মাস্ক প্ৰেৰণৰ অৰ্ডাৰ লাভ কৰিছে৷

অধিক বিৱৰণৰ বাবে

দেশত ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ ক্ষেত্ৰত সৈনিকৰ ভূমিকাত অৱতীৰ্ণ হৈছে এনআৰএলএমৰ আত্মসহায়ক গোটৰ মহিলাসকল

২৭টা ৰাজ্যিক আজীৱিকা অভিযান (এছআৰএলএম) প্ৰায় ৭৮,০০০ গৰাকী আত্মসহায়ক গোটৰ সদস্যই প্ৰস্তুত কৰিছে প্ৰায় কোটি মাস্ক৷ বিভিন্ন ৰাজ্যত আত্মসহায়ক গোটৰ দ্বাৰা প্ৰস্তুত হৈছে ৫০০০ত কৈও অধিক পিপিই কিট৷ ৯খন ৰাজ্যৰ প্ৰায় ৯০০টা আত্মসহায়ক গোটে প্ৰস্তুত কৰিছে ১ লাখ লিটাৰতকৈও অধিক হেণ্ড ছেনিটাইজাৰ, হাতৰ স্বাস্থ্যবিধি সুনিশ্চিত কৰিবলৈ কিছুমান আত্মসহায়ক গোটে প্ৰস্তুত কৰিছে তৰল চাবোন৷

অধিক বিৱৰণৰ বাবে

দেশৰ ক’ভিড-১৯ৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ উদ্ভাসিত হৈছে এনআৰএলএমৰ আত্মসহায়ক গোটৰ নেটৱৰ্ক

চলিত সংকটৰ সময়ছোৱাত আত্মসহায়ক গোটৰ সদস্যসকলে সৈনিকৰ ভূমিকাত ক’ভিড-১৯ৰ প্ৰত্যাহ্বান ৰোধ কৰিবলৈ যথাসম্ভৱ প্ৰয়াস কৰিছে৷ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনত দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰামীণ আজীৱিকা অভিযানৰ দ্বাৰা সমগ্ৰ দেশত ৬৩ লাখ আত্মসহায়ক গোটত প্ৰায় ৬৯০ লাখ মহিলা জড়িত হৈ আছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ অগ্ৰসৰ হৈছে চিএছআইআৰৰ কেন্দ্ৰ চেলুলাৰ এণ্ড ম’লেকিউলাৰ বায়’ল’জী (চিচিএমবি), হায়দৰাবাদ

চিএছআইআৰৰ অধীনস্থ জীৱবিজ্ঞান গৱেষণাগাৰ, হায়দৰাবাদস্থিত চিচিএমবিয়ে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ বিভিন্ন সঁজুলি প্ৰস্তুত আৰু পদক্ষেপ গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • কেৰালাঃ কাছাগড়ত ২৬জন ক’ভিড ৰোগী আৰোগ্য হৈছে আৰু তেওঁলোকক মুকলি কৰি দিয়া হৈছে; ৬০জন ইতিমধ্যেই আৰোগ্য লাভ কৰিছে আৰু জিলাখনত ১০৫টা সক্ৰিয় পৰিঘটনা প্ৰতিবেদিত হৈছে৷ কেন্দ্ৰই বিত্তীয় সাহায্য প্ৰদান নকৰাত ৰাজ্যিক বিত্ত মন্ত্ৰীৰ সমালোচনা৷ তামিলনাডুৰ সংস্পৰ্শত থকা সকলো পথ ছীল কৰা হৈছে৷
  • তামিলনাডুঃ ১২টা মৃত্যুৰ প্ৰতিবেদন৷ ৮জন চিকিৎসক ধনাত্মক চিহ্নিত হৈছে৷ এই পৰ্যন্ত মুঠ নিশ্চিত পৰিঘটনা ৯৬৯টা৷ দিল্লীৰ ঘটনাৰ সৈতে জড়িত বিল্লুপুৰমৰ পৰা নিৰুদ্দেশ হোৱা ব্যক্তিৰ বিৰুদ্ধে ৰাষ্ট্ৰজুৰি এলাৰ্ট জাৰি কৰা হৈছে৷ লকডাউনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ১০,০০০ কোটি টকাৰ ৰাজহ ঘাটি৷
  • কৰ্ণাটকঃ ১১টা নতুন পৰিঘটনাৰ সৈতে মুঠ পৰিঘটনা ২২৬৷ বেলাগাভিত চাৰিটা নিশ্চিত পৰিঘটনা৷ বিজয়াপুৰা ক’ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত ১৯তম জিলা৷ বেংগালুৰু মহানগৰত আজিৰে পৰা আৰম্ভ হৈছে ঘৰে ঘৰে ক’ভিড সৰ্বেক্ষণ৷
  • অন্ধ্ৰ প্ৰদেশ- আজি ১২টা নতুন পৰিঘটনা প্ৰতিবেদিত; মুঠ পৰিঘটনা ৪১৭৷ ৰাজহুৱা স্থানত পাণ, ধঁপাত অথবা ধঁপাহবিহীন সামগ্ৰীৰ সৈতে থুওৱা কাৰ্যক শাস্তিযোগ্য অপৰাধ হিচাপে ঘোষণা৷ প্ৰতিজন ব্যক্তিৰ বাবে ৩খনকৈ মাস্ক বিতৰণৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ ৰাজ্যখনত তৃতীয় পৰ্যায়ৰ সৰ্বেক্ষণ সমাপ্ত৷
  • তেলেংগানাঃ তেলেংগানাৰ নিৰ্মলৰ পৰা ২টা ধনাত্মক পৰিঘটনা প্ৰতিবেদিত৷ মুঠ ধনাত্মক পৰিঘটনা ৫০৫টা৷ ৰাজহুৱা স্থানসমূহত ড্ৰোণৰ জৰিয়তে বীজাণুনাশকৰণৰ ব্যৱস্থা৷
  • অৰুণাচল প্ৰদেশঃ জেএন মহাবিদ্যালয়ৰ এনএছএছ স্বেচ্ছাসেৱীসকলে আৰক্ষী, স্বাস্থ্যকৰ্মীসকলক মাস্ক বিতৰণ কৰে৷
  • অসমঃ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত এখন ৈনিক বাতৰি কাকতত প্ৰকাশ পোৱাৰ দৰে  ক’ভিড-১৯ আক্ৰান্ত কোনো ৰোগী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত মৃত্যু হোৱা  নাই বুলি প্ৰকাশ কৰিছে৷
  • মণিপুৰঃ মুখ্য সচিবে স্বাস্থ্য বিভাগত ৰাজ্যখনত অক্সিজেন যোগান উপলব্ধ আছে নে নাই নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে৷
  • মিজোৰামঃ মিজোৰামত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ পৰিবহণৰ সৈতে জড়িত চালক আৰু অন্যান্য কৰ্মীসকলৰ সুৰক্ষা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি পৰিবহণ মন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷
  • মেঘালয়ঃ পূব আৰু পশ্চিম জয়ন্তীয়া পাহাৰীয়া জিলাৰ উপায়ুক্তই বাহিৰৰ সকলো এনজিঅ’, এজেন্সী আৰু ব্যক্তিবিশেষ যিয়ে জিলাখনৰ লোকক সহায় কৰিবলৈ বিচাৰে তেওঁলোকক সংশ্লিষ্ট প্ৰাধিকৰণৰ সৈতে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়৷
  • নাগালেণ্ডঃ ডিমাপুৰত ৩৬৩জন ব্যক্তিক আশ্ৰয় প্ৰদান কৰিব পৰা ৩টা সাহায্য শিবিৰ কাৰ্যকৰী কৰা হৈছে বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ৷ জিলা প্ৰশাসন আৰু এনজিঅ’ৰ তৰফৰ পৰা ২০০০ জন ব্যক্তিক খাদ্য-সামগ্ৰী যোগান ধৰা হৈছে৷
  • ছিক্কিমঃ ক’ভিড-১৯ৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ আগন্তুক পদক্ষেপসমূহৰ বিষয়ে আলোচনা  কৰিবলৈ ১৫ এপ্ৰিল ২০২০ তাৰিখে কেবিনেটৰ বৈঠক অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা৷
  • ত্ৰিপুৰাঃ  ইটা নিৰ্মাণ কৰা ২১,৮৯৯ প্ৰব্ৰজিত কৰ্মীৰ বাবে ৩.৫৮ কোটি টকাৰ সাহায্যৰ ঘোষণা চৰকাৰৰ৷ প্ৰতিজন প্ৰব্ৰজিত কৰ্মীয়ে ১০০০ টকাকৈ আৰু ২০ দিনৰ খাদ্য লাভ কৰিব৷
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰ আৰক্ষীয়ে লকডাউন উলংঘা কৰা বিভিন্ন ঘটনাৰ বাবে ৩৫,০০০ৰো অধিক গোচৰ ৰুজু কৰিছে৷ তাৰোপৰি ১৩৪টা নতুন ধনাত্মক পৰিঘটনা প্ৰতিবেদিত হৈছে৷ মুঠ পৰিঘটনা ১,৮৯৫টা৷
  • মধ্য প্ৰদেশঃ ভাৰতত মহাৰাষ্ট্ৰৰ পিছতে মধ্য প্ৰদেশত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা প্ৰতিবেদিত হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি মহাৰাষ্ট্ৰত ১২৭জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মধ্য প্ৰদেশত ৩৬জন লোকৰ মৃত্যু হৈছে৷
  • ৰাজস্থানঃ ১৫১টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে মুঠ পৰিঘটনাৰ সংখ্যা হ’ল ৭৫১টা৷ ইয়াৰে ২১জন আৰোগ্য হৈছে আৰু ৩জনৰ মৃত্যু হৈছে৷
  • গুজৰাটঃ ৬৭টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে মুঠ পৰিঘটনাৰ সংখ্যা হ’ল ৩০৮টা৷ ইয়াৰে ৩১জন আৰোগ্য হৈছে আৰু ১৯জনৰ মৃত্যু হৈছে৷
  • জম্মু আৰু কাশ্মীৰঃ ২১টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ মুঠ ধনাত্মক পৰিঘটনাৰ সংখ্যা হ’ল ২৪৫টা৷

#ক’ভিড-১৯ৰ ফেক্ট চেক

 



(Release ID: 1613738) Visitor Counter : 315