গৃহ মন্ত্ৰালয়

সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা প্ৰব্ৰজিত শ্ৰমিকসকলৰ কল্যাণৰ বাবে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশনাসমূহৰ পালনৰ নিশ্চিতিৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ গৃহ মন্ত্ৰালয়ৰ পত্ৰ প্ৰেৰণ

Posted On: 12 APR 2020 5:03PM by PIB Guwahati

দেশৰ বিভিন্ন প্ৰান্তত সাহায্য শিবিৰসমূহত আশ্ৰয় গ্ৰহণ কৰি থকা প্ৰব্ৰজিত শ্ৰমিকসকলৰ কল্যাণৰ বাবে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশনাসমূহৰ পালনৰ নিশ্চিতিৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে গৃহ মন্ত্ৰালয়ে৷

উচ্চতম ন্যায়ালয়ে শ্ৰমিকসকলৰ বাবে খাদ্য, ঔষধ আৰু অনাময়ৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে৷ তাৰোপৰি বিভিন্ন ধৰ্মৰ দলীয় নেতাসকলকো শ্ৰমিকসকলৰ মানসিক অৱস্থা অনুধাৱন কৰাৰ বাবে শিবিৰসমূহ ভ্ৰমণ কৰিবলৈ আহ্বান জনোৱা হৈছে৷

উচ্চতম ন্যায়ালয়ে কৈছে যে আৰক্ষী আৰু অন্যান্য প্ৰশাসনিক প্ৰাধিকৰণে প্ৰব্ৰজিত শ্ৰমিকসকলৰ মনত উদয় হোৱা ভয় আৰু শংকাসমূহ অনুধাৱন কৰা উচিত৷ তাৰোপৰি ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ প্ৰশাসনক আৰক্ষীৰ সৈতে স্বেচ্ছাসেৱী নিযুক্ত কৰি প্ৰব্ৰজিত শ্ৰমিকসকলৰ কল্যাণৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনোৱা হৈছে৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহক প্ৰদান কৰা নিৰ্দেশনাসমূহো পালন কৰিবলৈ গৃহ মন্ত্ৰালয়ে উল্লেখ কৰে৷ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰব্ৰজিত শ্ৰমিকসকলৰ মানসিক সমস্যাসমূহৰ সৈতে মোকাবিলা কৰাৰ বাবে জাৰি কৰা নিৰ্দেশনাসমূহ

https://www.mohfw.gov.in/pdf/RevisedPsychosocialissuesofmigrantsCOVID19.pdf ত দিয়া হৈছে৷

 

 

*****

VG/SNC/VM/MANN



(Release ID: 1613667) Visitor Counter : 222