পোষ্ট কৰা হৈছে:
11 APR 2020 4:39PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰাৰ কার্যনীতি প্ৰস্তুত কৰাৰ বাবে ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হয়৷ এয়া হ’ল তৃতীয় সংখ্যক বৈঠক৷ ইয়াৰ পূৰ্বে ২ এপ্ৰিল আৰু ২০ মাৰ্চ ২০২০ তাৰিখে এনে ধৰণৰ বৈঠক অনুষ্ঠিত কৰা হৈছিল৷
প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ঐক্যৱদ্ধ প্ৰচেষ্টাৰ দ্বাৰা ক’ভিড-১৯ৰ প্ৰভাৱ হ্ৰাস কৰাত নিশ্চিত ধৰণে সহায়ক হৈছে কিন্তু স্থিতি এতিয়া দ্ৰুত গতিত পৰিৱৰ্তিত হৈছে৷ সেয়ে নিৰন্তৰ সতৰ্কতা সৰ্বোপৰি হৈ পৰিছে৷ প্ৰধানমন্ত্ৰীয়ে ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰভাৱৰ বিষয়ে জানিবলৈ আগন্তুক ২-৩ সপ্তাহ অতিশয় গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে৷
প্ৰধানমন্ত্ৰীয়ে স্পষ্ট ভাষাত দেশত অত্যাৱশ্যকীয় ঔষধসমূহ মজুত আছে বুলি নিশ্চিতি প্ৰদান কৰে৷ তেওঁ ক’লা বজাৰ আৰু চোৰাং জমাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে ঘোষণা কৰে৷ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ ওপৰত আক্ৰমণ তথা উত্তৰ পূৰ্বাঞ্চল আৰু কাশ্মীৰৰ শিক্ষাৰ্থীসকলক কৰা দুৰ্ব্যৱহাৰৰ ঘটনাত তেওঁ গৰিহণা দি এইসমূহ ঘটনাৰ উচিত তদন্ত হ’ব লাগে বুলি মন্তব্য কৰে৷
লকডাউন সমাপ্ত কৰাৰ যোজনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে লকডাউন দুসপ্তাহলৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্যসকলে সহমত প্ৰকাশ কৰা দেখা গৈছে। তেওঁ কয় যে পূৰ্বে চৰকাৰৰ এয়া মন্ত্ৰ আছিল যে ‘‘প্ৰাণ থাকিলে বিশ্ব’’ কিন্তু এতিয়াৰ মন্ত্ৰ হ’ল ‘‘প্ৰাণো থাকিব আৰু বিশ্বও থাকিব’’৷
প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্যসেৱাৰ সৈতে জড়িত বুনিয়াদী আন্তঃগাথঁনি শক্তিশালী কৰা আৰু টেলিমেডিচিনৰ জৰিয়তে ৰোগীসমূহক সুবিধা প্ৰদান কৰাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে৷ তেওঁ কয় যে বজাৰসমূহৰ ভীৰ কম কৰিবলৈ কৃষিজাত সামগ্ৰীৰ প্ৰত্যক্ষ বিপণক প্ৰোৎসাহিত কৰিব পাৰি আৰু ইয়াৰ বাবে এপিএমচি আইনৰ দ্ৰুত সংশোধন হোৱাতো আৱশ্যক৷
প্ৰধানমন্ত্ৰীয়ে ‘আৰোগ্য সেতু’ এপক জনপ্ৰিয় কৰি তুলিবলৈ আহ্বান জনাই কয় ইয়াক পিছলৈ যাত্ৰাৰ বাবে আৱশ্যকীয় ‘ই-পাছ’ হিচাপে বিবেচনা কৰিব পৰাৰ সম্ভাৱনা আছে৷
আৰ্থিক প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সংকটে আমাক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ আৰু ৰাষ্ট্ৰক এক আৰ্থিক মহাশক্তিলৈ ৰূপান্তৰিত কৰিবলৈ অৱকাশ প্ৰদান কৰিছে৷
বৈঠকত মুখ্যমন্ত্ৰীসকলে নিজৰ নিজৰ ৰাজ্যৰ ক’ভিডৰ বৰ্তমানৰ স্থিতি, সামাজিক ব্যৱধান পালন কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ, স্বাস্থ্যসেৱাৰ সৈতে জড়িত আন্তঃগাঁথনি শক্তিশালী কৰা তথা প্ৰয়োজনীয় সামগ্রী যোগানৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীসকলে লকডাউন দুসপ্তাহলৈ বৃদ্ধি কৰাৰ বাবে প্ৰস্তাৱ দিয়ে আৰু মহামাৰীৰ বিৰুদ্ধে এই যুঁজত প্ৰয়োজনীয় সম্পদ বৃদ্ধিৰ বাবে কেন্দ্ৰৰ পৰা বিত্তীয় সাহায্য বিচাৰে৷
আজিৰ বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী, মুখ্য সচিব, কেবিনেট সচিব আৰু ভাৰত চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে৷
******
VRRK/KP/MANN