ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণৰ প্ৰেছ বিবৃতি

Posted On: 11 APR 2020 11:04AM by PIB Guwahati

কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণৰ মুখ্য বিচাৰপীঠৰ লগতে অন্যান্য বিচাৰপীঠসমূহে সমগ্ৰ দেশতে পাৰ্যমানে গোচৰ নিস্পত্তিৰ প্ৰয়াস কৰি আহিছে, তাৰ লগতে এই বিচাৰপীঠৰ কাষ চপা প্ৰতিগৰাকী ব্যক্তিকেই ন্যায়িক দিশেৰে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰি আহিছে। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত এই ন্যায়াধিকৰণে নিস্পত্তি কৰা গোচৰৰ হাৰ অনবদ্য।

ক’ৰোনা ভাইৰাছৰ ব্যাপক সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই বিচাৰপীঠৰ বিচাৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সামাজিক ব্যৱধান কঠোৰভাৱে সুনিশ্চিত কৰা হৈছে যদিও ২২ মাৰ্চৰ পিছৰ পৰাই চৰকাৰে গ্ৰহণ কৰা কেতবোৰ সিদ্ধান্তৰ বাবে বিচাৰ প্ৰক্ৰিয়া সম্পাদন কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। লকডাউন আহ্বান কৰাৰ পিছৰে পৰাই এই বিচাৰপীঠসমূহে স্বাভাৱিকভাৱে কাৰ্য সম্পাদন কৰিব পৰা নাই, কিয়নো অধিবক্তা তথা ন্যায়াধিকৰণৰ কৰ্মচাৰী কোনোৱেই কৰ্মক্ষেত্ৰত উপস্থিত থাকিব পৰা নাই। প্ৰথম কথা, বিভিন্ন কাৰিকৰী অসুবিধাৰ বাবে ভিডিঅ’ কনফাৰেন্সযোগে শুনানি প্ৰদান কৰাৰ সুবিধা নাছিল, আৰু দ্বিতীয়তে এই কাৰিকৰী সা-সজুঁলিবোৰ লক-ডাউনৰ বাবে ক্ৰয় কৰা বা আহৰণ কৰাৰ সুবিধা নাছিল। ইফালে মুখ্য বিচাৰপীঠ ২ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ এক হ্ৰস্ব চুটিৰ বাবে বন্ধ থাকে।

১৫ এপ্ৰিল, ২০২০ তাৰিখৰ পিছত চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে তাৰ ওপৰতই নিৰ্ভৰ কৰিব পৰৱৰ্তী পদক্ষেপ।

*********

VG/SNC/RD



(Release ID: 1613245) Visitor Counter : 212