স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া স্থিতি

Posted On: 09 APR 2020 7:16PM by PIB Guwahati

দেশত অব্যাহত থকা কভিড-১৯ৰ ভয়াবহ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ লগতে আক্ৰান্তসকলৰ চিকত্সাৰ বাবে ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহৰ সৈতে ব্যাপক অভিযান চলোৱাৰ উপৰি কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পৰিস্থিতিৰ গুৰুত্বলৈ চাই এই অভিযানৰ প্ৰতিটো পদক্ষেপ নিয়মীয়া ভাবে সৰ্বোচ্চ পৰ্যায়ত নিৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই উদ্দেশ্য সাৰোগত কৰি আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনৰ অধ্যক্ষতাত নিৰ্মাণ ভৱনত মন্ত্ৰীগোটৰ এখন শীৰ্ষ পৰ্যায়ৰ সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰী মণ্ডলীয়ে কভিড-১৯ৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ লগতে ইয়াৰ প্ৰাদুৰ্ভাৱত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰবন্ধনৰ বিভিন্ন দিশ বিস্তৃত ভাবে পৰ্যালোচনা কৰে। সভাত ব্যক্তিগত সুৰক্ষা উপকৰণ(পিপিই), এন-৯৫ মাস্ক আৰু ভেণ্টিলেটৰ আদিৰ পৰ্যাপ্ততা সন্দৰ্ভতো চৰ্চা কৰা হয়। ইতিমধ্যে দেশত পিপিই-ৰ উত্পাদনৰ বাবে ৩০টা উত্পাদক গোট বিকশিত কৰাৰ উপৰি এইসমূহ গোটত ইতিমধ্যে ১.৭কোটি পিপিই-ৰ ফৰ্মাইচ দিয়াৰ বিপৰীতে গোটসমূহে ফৰ্মাইচ মতে উপকৰণসমূহৰ যোগান ধৰাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে বুলি মন্ত্ৰীমণ্ডলীক তথ্য অৱগত কৰা হয়। সেইদৰে ৪৯,০০০টা ভেণ্টিলেটৰৰো ফৰ্মাইচ ইতিমধ্যেই দিয়া হৈছে। আজিৰ সভাত ৰোগৰ সংক্ৰমণ নিণৰ্য় কৰাৰ বাবে অৱলম্বন কৰা কৌশল আৰু ৰোগৰ উপস্থিতি বিশ্লেষণৰ বাবে প্ৰয়োজন হোৱা পৰীক্ষণ কিটৰ উপলব্ধতাৰো সমীক্ষা কৰা হয়। সেই দৰে ৰোগাক্ৰান্তৰ বাহুল্য থকা দেশৰ বিভিন্ন স্থানসমূহত সংক্ৰমণ ৰোধ আৰু আনুষংগিক প্ৰবন্ধনৰ শেহতীয়া স্থিতিৰো আলোচনা কৰা হয় আজিৰ সভাত।

ইফালে, হাইড্ৰক্সিক্লৰোকুইন(এইচচিকিউ)ৰ ব্যৱহাৰ কেৱল বিশেষজ্ঞ চিকিত্সকৰ পৰামৰ্শৰ আধাৰতহে কৰাৰ বাবে সভাই নিৰ্দেশ দিয়ে। হৃদৰোগত আক্ৰান্ত ৰোগীসকলে হাইড্ৰক্সিক্লৰোকুইনৰ ব্যৱহাৰৰ পৰিহাৰ কৰাৰ বাবেও পৰামৰ্শ আগবঢ়োৱা হয়। দেশত হাইড্ৰক্সিক্লৰোকুইনৰ পৰ্যাপ্ততা বৰ্তাই ৰখা হব বুলিও সভাক অৱগত কৰোৱা হয়।

সংক্ৰমণৰ সামূহিক প্ৰতিৰোধৰ পৰিকল্পনা ৰূপায়ণৰ লগতে ৰাজ্যসমূহৰ হাস্পটাল(কভিড-১৯ আক্ৰান্তৰ বাবে আইচিইউ আৰু ভেণ্টিলেটৰৰ ব্যৱস্থাপনা)সমূহক সাজু কৰি তোলাত সহযোগিতা আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে উচ্চ পৰ্যায়ৰ একোটাকৈ দল নিয়োজিত কৰিছে। ইতিমধ্যে এনে দল নিয়োজিত হোৱা ৰাজ্যসমূহ হল—বিহাৰ, ৰাজস্থান, গুজৰাট, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, তেলেংগণা আৰু উত্তৰপ্ৰদেশ।

ইফালে, চেণ্টাৰ ফৰ ছায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্চ(চিএছআইআৰ), হায়দৰাবাদস্থিত চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ বায়জী(চিচিএমবি) আৰু নতুন দিল্লীৰ ইনষ্টিটিউট অব জিনমিক্স এণ্ড ইণ্টিগ্ৰেটিভ বায়জী(আইজিআইবি) গৱেষণা প্ৰতিষ্ঠানকেইটাই কৰোনাভাইৰাছৰ সামগ্ৰীক বংশানুক্ৰমিক তত্ব বিশ্লেষণত নিয়োজিত হৈছে।

আনহাতে, দেশৰ বহুকেইখন জিলাই কভিড-১৯ প্ৰবন্ধনৰ ক্ষেত্ৰত কেতবোৰ উদ্ভাৱনী পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে।

তলত তেনে কিছু পদক্ষেপৰ উল্লেখ কৰা হল-

কাৰ্ণাল জিলা :

এক পৰিয়ালকেন্দ্ৰীক কাৰ্যসূচী গ্ৰহণ কৰিছে। কাৰ্ণালৰ প্ৰতিটো পৰিয়ালে, প্ৰতিটো উদ্যোগ আৰু যিসকল বিদেশত আছে তেওঁলোক প্ৰত্যেকেই দৰিদ্ৰসকলৰ লগতে অন্যান্য সমস্যা-পীড়িতসকলক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে এটা সাহায্য নিধি গঠন কৰি ইতিমধ্যে ৬৪লাখ টকা সংগ্ৰহ কৰিছে। এই ধনৰাশি জিলাখনৰ ১৩,০০০দৰিদ্ৰ লোকৰ সহায়ৰ বাবে ব্যয় কৰা হব।

জিলাখনত প্ৰতি দিনে ৯০,০০০ ভোজন বিতৰণৰো প্ৰয়াস অব্যাহত ৰখা হৈছে।

সেইদৰে কাৰ্ণাল লাইভ ট্ৰেকাৰ নামৰ তথ্য প্ৰযুক্তিগত এপ-টোৰ জৰিয়তে হোম কোৱাৰেণ্টাইনত থকাসকলৰ সমীক্ষা কৰাৰ লগতে নীড অন হুইল(এনঅডব্লিউ) এপ-ৰ জৰিয়তে শাক-পাচলি, ফল-মূল আৰু দুগ্ধজাত সামগ্ৰীৰ সংগ্ৰহ আৰু বিতৰণৰো ব্যৱস্থা কৰিছে কাৰ্ণাল জিলা প্ৰাধিকৰণে।

সত্য তথ্যৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ৰ ৱে’ব ছাইট www.mohfw.gov.in, ভাৰতীয় চিকিত্সা গৱেষণা পৰিষদ’ৰ ৱেব ছাইট www.icmr.nic.in, পিআইবি’ৰ ৱে’ব ছাইট www.pib.gov.in অথবা ভাৰত চৰকাৰৰ অন্যান্য সূত্ৰসমূহৰ তথ্য সাৰোগত কৰা উচিত বুলি মন্তব্য কৰে। ইফালে ক’ভিড-১৯ সংক্ৰান্তীয় বিভিন্ন  কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in ৱেব ছাইটৰ ব্যৱহাৰতো তেওঁ গুৰুত্ব প্ৰদান কৰে।

ভিড-১৯ সংক্ৰান্তীয় যাৱতীয় তথ্যৰ বাবে সংশ্লিষ্টসকলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ হেল্পলাইন নম্বৰ-: +91-11-23978046 বা 1075 (বিনামূলীয়া) ৰে যোগাযোগ কৰিব পাৰিব। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্প লাইনসমূহৰ নম্বৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত উপলব্ধ হব।

 

*****

MV/KB



(Release ID: 1612816) Visitor Counter : 135