PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 09 APR 2020 7:20PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা ভিড-১৯ সন্দৰ্ভত আপডেট

 

এই পৰ্যন্ত দেশত ৫৭৩৪টা ক’ভিড-১৯ৰ নিশ্চিত পৰিঘটনা আৰু ১৬৬টা মৃত্যুৰ পৰিঘটনা প্ৰতিবেদিত হৈছে৷ ৪৭৩ জনক সুস্থ হোৱাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হৈছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাজ্য আৰু ৰাজ্যিক স্বাস্থ্য বিভাগসমূহৰ সাহায্যাৰ্থে উচ্চস্তৰীয় কেন্দ্ৰীয় দল নিয়োজিত কৰিছে আৰু তেওঁলোকে ক্লাষ্টাৰ পৰিকল্পনা তথা চিকিৎসালয় প্ৰস্তুতি (ক’ভিড-১৯ৰ বাবে আইচিইউ আৰু ভেণ্টিলেটৰ ব্যৱস্থাপনা) প্ৰত্যক্ষ কৰিব৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ জৰুৰীকালীন প্ৰবন্ধন আৰু স্বাস্থ্যসেৱাৰ যাৱতীয় প্ৰস্তুতিৰ বাবে ভাৰত চৰকাৰৰ ১৫০০০কোটি টকাৰ পেকেজ

ক’ভিড-১৯ৰ বিৰুদ্ধে অব্যাহত থকা অভিযানটোৰ যাৱতীয় ব্যয়ৰ জোৰা মৰাৰ লগতে আগন্তুক সময়ছোৱাত বিভিন্ন পৰ্যায়ত প্ৰয়োজন হ’বলগীয়া অৰ্থনৈতিক সহযোগিতাৰ বাবে ভাৰত চৰকাৰে ‘ভাৰত ক’ভিড-১৯ জৰুৰীকালীন প্ৰৱন্ধন আৰু স্বাস্থ্যসেৱাৰ যাৱতীয় প্ৰস্তুতি পেকেজ ঘোষণা কৰিছে। সেই অনুসৰি ভাৰত চৰকাৰে ১৫০০০ কোটি টকাৰ এক বৃহত্ পুঁজি মোকলাই দিব। অনুমোদিত এই পুঁজি ক’ভিড-১৯ বিৰোধী কাৰ্যক্ৰমৰ বাবে তৎকালীন ভাবে প্ৰয়োজন হোৱা খা-খৰছত(৭,৭৭৪কোটি টকা) ব্যৱহাৰ কৰাৰ উপৰি বাকী ধনৰাশি মধ্যকালীন(১ৰ পৰা ৪বছৰ) সহযোগিতা পুঁজি হিচাপে বিশেষ তৎপৰতাৰে যোগান ধৰাৰ ব্যৱস্থা কৰিব।

অধিক বিৱৰণৰ বাবে

মন্ত্ৰীমণ্ডলে পুনৰীক্ষণ কৰিছে ক’ভিড-১৯ৰ শেহতীয়া স্থিতি আৰু ব্যৱস্থাপনাৰ পদক্ষেপ

মন্ত্ৰীমণ্ডলে ক’ভিড-১৯ৰ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ খতিয়ান লৈছে৷ এই সন্দৰ্ভত তেওঁলোকে সামাজিক ব্যৱধানৰ শেহতীয়া স্থিতি আৰু ৰাজ্য তথা কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰো বুজ লয়৷

অধিক বিৱৰণৰ বাবে 

ভাৰত-মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সহযোগিতা আগতকৈও শক্তিশালী হৈছে বুলি লে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে ভাৰত-মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সহযোগিতা আগতকৈও শক্তিশালী হৈছে৷ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ বাবে হাইড্ৰক্সিক্ল’ৰকুইনৰ যোগান ধৰাৰ বাবে ভাৰতৰ সিদ্ধান্তৰ প্ৰতি কৃতজ্ঞতা জনাই মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ টুইটৰ প্ৰত্যুত্তৰত শ্ৰী মোদীয়ে এইদৰে কয়৷

অধিক বিৱৰণৰ বাবে

সাহায্য কাৰ্যসূচীৰ বাবে এফচিআইৰ পৰা প্ৰত্যক্ষভাৱে খাদ্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব এনজিঅসমূহে

সমগ্ৰ দেশজুৰি চলি থকা লকডাউনৰ সময়ছোৱাত অভাৱী আৰু দৰিদ্ৰ লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত দেশৰ এজিঅ’ তথা স্বেচ্ছাসেৱী সংস্থাসমূহে ব্যাপক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে। এইসমূহ সংস্থাই যাতে এনেদৰে খাদ্য সামগ্ৰী যোগান ধৰি থাকিব পাৰে, তাৰ বাবে এনে সংস্থাসমূহলৈ খাদ্যসামগ্ৰীৰ যোগান ব্যাহত নহ’বৰ বাবে চৰকাৰে ভাৰতীয় খাদ্য নিগমক মুকলি বজা বিক্ৰী আঁচনি চমুকৈ OMSS ৰ দৰত আটা আৰু চাউল প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। এই ক্ষেত্ৰত কোনো ই-বিক্ৰী প্ৰক্ৰিয়া অৱলম্বন কৰিব নালাগে বুলিও নিৰ্দেশ দিছে।

অধিক বিৱৰণৰ বাবে

পঞ্জীকৃত ইমেইলৰ জৰিয়তে -ভোটিং/সৰলীকৃত ভোটিং ব্যৱস্থাৰ সৈতে ভিডিঅকনফাৰেন্স অথবা এভিএমযোগে ব্যতিক্ৰমী সাধাৰণ সভা(ইজিএম) অনুষ্ঠিত কৰিবলৈ কোম্পানীসমূহক অনুমতি দিলে কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে

এমচিএই জাৰি কৰা সাধাৰণ চাৰ্কোলাৰ নং-১৪/২০২০ দিনাংক ০৮.০৪.২০২০ মতে ১,০০০ বা ততোধিক অংশীদাৰ থকা তালিকাভুক্ত কোম্পানীয়ে প্ৰয়োজন অনুসৰি কোম্পানী আইন, ২০১৩ৰ অধীনত ই-ভোটিং ব্যৱস্থাৰ অনুমোদন লাভ কৰিছে, সেই কোম্পানীসমূহে ভিচি/অ’এভিএম আৰু ই-ভোটিং ব্যৱস্থাৰে ব্যতিক্ৰমী সাধাৰণ সভা অনুষ্ঠিত কৰিব পাৰিব৷ অন্যান্য কোম্পানীসমূহৰ ক্ষেত্ৰত কেৱল পঞ্জীকৃত ইমেইলৰ জৰিয়তে সৰলীকৃত ভোটিং ব্যৱস্থা মানি চলিবলৈ কোৱা হৈছে৷

অধিক বিৱৰণৰ বাবে

কৃষকসকললৈ সাহায্য প্ৰদান প্ৰক্ৰিয়াৰ পুনৰীক্ষণ কৰিবলৈ ৰাজ্যিক কৃষি মন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিল শ্ৰী নৰেন্দ্ৰ সিং টোমৰ

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা পদক্ষেপক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে৷ৰাজ্যসমূহক কৃষি সম্বন্ধীয় গতিবিধিত শিথিলতা প্ৰদান কৰা সন্দৰ্ভত ক্ষেত্ৰীয় সংস্থাসমূহক সংবেদনশীল কৰা তথা কৃষি উৎপাদন, উৰ্বৰক আৰু কৃষি উপকৰণ তথা যন্ত্ৰাদিৰ সঞ্চালনৰ অনুমতি প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰা হয়৷

অধিক বিৱৰণৰ বাবে

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীয়ে সাক্ষাৎ কৰিলে ব্যৱসায়ী সংস্থাক; তেওঁলোকৰ সমস্যা সমাধানৰ বাবে মন্ত্ৰালয়ে কাম কৰি আছে বুলি নিশ্চিতি প্ৰদান

শ্ৰী পীয়ুষ গোৱেলে আজি বিভিন্ন উদ্যোগ তথা ব্যৱসায়ী সংস্থাৰ সৈতে তেওঁলোকে লকডাউনৰ পৰিপ্ৰেক্ষিতত সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে৷ তেওঁ কয় যে মন্ত্ৰালয়ে ইতিমধ্যেই লজিষ্টিক আৰু আমদানি-ৰপ্তানি বিষয়ক সমস্যাসমূহ সমাধান কৰাৰ দিশত অগ্ৰসৰ হৈছে আৰু এই সন্দৰ্ভত বিভিন্ন মন্ত্ৰালয়ৰ সৈতে বাৰ্তালাপো হৈছে৷

অধিক বিৱৰণৰ বাবে

ভিডৰ পিছৰ সময়ছোৱাত নিজৰ সম্ভাৱনীয়তাক সঠিক দিশেৰে পৰিচালনা কৰিবলৈ সাজু হোৱাৰ উদ্দেশ্যে বহল পৰিসৰত চিন্তা কৰিবলৈ  শ্ৰী পিয়ুষ গোৱেলে ৰপ্তানি বাণিজ্যৰ লগত জড়িতসকলক সাক্ষাৎ কৰে আৰু কয় যে আমি বিশ্বৰ বাবে দায়িত্বশীল নাগৰিক

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পিয়ুষ গোৱেলে আজি এক ভিডিঅ’ কনফাৰেন্সযোগে ৰপ্তানি বাণিজ্যৰ লগত জড়িত দেশৰ বিভিন্ন সংস্থাৰ প্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰে আৰু ক’ভিড-১৯ তথা ইয়াৰ ফলত হোৱা লকডাউনে ৰপ্তানি বাণিজ্যৰ ক্ষেত্ৰখনত সৃষ্টি কৰা সমস্যাৰ বুজ লয়।

অধিক বিৱৰণৰ বাবে

ডাক জীৱন বীমা আৰু গ্ৰামীণ ডাক জীৱন বীমাৰ প্ৰিমিয়াম পৰিশোধৰ তাৰিখ ৩০ জুন ২০২০ তাৰিখলৈ বৃদ্ধি কৰা হৈছে

পিএলআই/আৰপিএলআই গ্ৰাহকসকলৰ সুবিধাৰ্থে ডাক জীৱন বীমাৰ সঞ্চালকালয়ে গ্ৰাহকসকলৰ মাৰ্চ ২০২০, এপ্ৰিল ২০২০ আৰু মে’ ২০২০ৰ প্ৰিমিয়াম পৰিশোধৰ তাৰিখ ৩০ জুন ২০২০ তাৰিখলৈ কোনো ধৰণৰ জৰিমণা নোহোৱাকৈ বৃদ্ধি কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ বিষয়ে নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰৰ বাবে আৱাস আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰদ্বাৰা সংশোধিত স্বচ্ছতা এপ মুকলি

দেশৰ নগৰাঞ্চলত বাস কৰা ১.৭ কোটিতকৈও অধিক লোকে ব্যৱহাৰ কৰা আৰু নাগৰিকৰ অভিযোগসমূহৰ সমাধান আগবঢ়োৱা স্বচ্ছ ভাৰত অভিযানৰ অংশ এই এপটো অতি জনপ্ৰিয় আৰু বৰ্তমান ইয়াক ক’ভিড-১৯ৰ বিষয়ে নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰৰ বাবে উপলব্ধ কৰি অধিক শক্তিশালী কৰি তোলা হৈছে।

অধিক বিৱৰণৰ বাবে

মহামাৰীক প্ৰতিৰোধ কৰিবলৈ ভাৰতীয় ৰেলেৱেয়ে প্ৰস্তুত কৰিছে লাখ পুনৰ ব্যৱহৃত মাস্ক আৰু ৪০০০০ লিটাৰত কৈও অধিক হেণ্ড ছেনিটাইজাৰ

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ গ্ৰহণ কৰা ভাৰত চৰকাৰৰ বিভিন্ন পদক্ষেপত ভাৰতীয় ৰে’লৱেয়ে সৰ্বোতোপ্ৰকাৰে সহায় কৰিছে৷ এই ক্ষেত্ৰত ভাৰতীয় ৰে’লৱেয়ে তেওঁলোকৰ সকলো মণ্ডল, উৎপাদন ইউনিট আৰু পিএছইউসমূহত পুনৰ ব্যৱহৃত মাস্ক আৰু ছেনিটাইজাৰ উৎপাদনৰ দিশত অগ্ৰসৰ হৈছে৷

অধিক বিৱৰণৰ বাবে

সামাজিক সেৱাক দায়ৱদ্ধতা হিচাপে ২৮ মাৰ্চৰ পৰা ৰে’লৱেয়ে অভাৱী লোকক বিতৰণ কৰিছে ৮.৫ লাখতকৈও অধিক ৰন্ধন খাদ্য

ক’ভিড-১৯ প্ৰতিহত কৰাৰ অংশ হিচাপে সমগ্ৰ দেশতে লকডাউন আহ্বান কৰাৰ পিছৰে পৰাই দেশৰ অভাৱী আৰু দৰিদ্ৰ লোকসকলক ভাৰতীয় ৰে’লৱেই ৰন্ধা খাদ্য প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিছে। ভাৰতীয় ৰে’লৱেই ইয়াৰ সমাজ সেৱাৰ অংশ হিচাপে আইৰআৰচিটিচিৰ ৰান্ধনীশাল, আৰপিএফৰ নিজস্ব উৎস আৰু বিভিন্ন এনজিঅ’ৰ বৰঙণিৰ যোগেদি বৃহৎ পৰিমাণত দুপৰীয়া আৰু নিশাৰ আহাৰ যোগান ধৰি আহিছে। এই খাদ্য বিতৰণ কাৰ্যসূচীৰ ভিতৰত সামৰি লোৱা হৈছে দৰিদ্ৰ, গৃহহীন, মগনীয়া, শিশু, কুলী, প্ৰব্ৰজনকাৰী শ্ৰমিক, আবদ্ধ হৈ থকা লোকসকলক। অৱশ্যে ৰে’লৱে ষ্টেশ্যনৰ কাষলৈ খাদ্য বিচাৰি অহা লোকসকলৰ মাজতো এই খাদ্য বিতৰণ কৰা হৈছে।

অধিক বিৱৰণৰ বাবে

কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আদি কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মুন-জা-ইনৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ভিড-১৯ মহামাৰীৰ বিষয়ে তথা ইয়াৰ পৰা উদ্ভৱ বিশ্বজনীন স্বাস্থ্য আৰু অৰ্থনৈতিক সংকটৰ বিষয়ে আলোচনা কৰে৷ তেওঁলোকে পৰস্পৰৰ দেশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ তথ্য বিনিময় কৰে৷

অধিক বিৱৰণৰ বাবে

উগাণ্ডাৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উগাণ্ডাৰ ৰাষ্ট্ৰপতি য়ুৱেৰি কাগুটা মুছেভিনিৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ বিষয়ে তথা ইয়াৰ পৰা উদ্ভৱ বিশ্বজনীন স্বাস্থ্য আৰু অৰ্থনৈতিক সংকটৰ বিষয়ে আলোচনা কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিগৰাকীক কয় যে এই সংকটৰ সময়ছোৱাত ভাৰতে আফ্ৰিকাক যথাসম্ভৱ সহযোগিতা কৰিব৷

অধিক বিৱৰণৰ বাবে
ৰাজহুৱা আৰু ব্যক্তিগতখণ্ডৰ বিমান সংস্থা তথা ইয়াৰ সম্পৰ্কীয় সংস্থাসমূহে ক’ভিড-১৯ক পৰাভূত কৰিবলৈ অহৰ্নিশে ব্ৰতী হৈছে

ক’ভিড-১৯ৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকী চিকিৎসা সামগ্ৰীসমূহ সমগ্ৰ দেশতে পৰিবাহিত হৈ আছে৷ এইক্ষেত্ৰত ঘৰুৱা ৰাজহুৱা তথা ব্যক্তিগতখণ্ডৰ বিমান সংস্থা যেনে এয়াৰ ইণ্ডিয়া, আইএএফ, পৱনহংস, ইণ্ডিগ’ আৰু ব্লুডাৰ্টে ঔষধ, আইচিএমআৰ সামগ্ৰী, এইচএলএল সামগ্ৰীসমূহ শ্ৰীনগৰ, কলকাতা, চেন্নাই, বেংগালুৰু, ভূৱনেশ্বৰ তথা দেশৰ অন্য প্ৰান্তলৈ পৰিবাহিত কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯: বীজাণুমুক্ত কৰা হৈছে স্মাৰ্ট চিটীসমূহৰ ৰাজহুৱা স্থানসমূহ

আমাৰ সামাজিক জীৱনত ৰাষ্টা-পথ, বজাৰ, ৰাজহুৱা স্থান, উদ্যান, খেলপথাৰ আদি স্থানসমূহে বিশেষ গুৰুত্ব বহন কৰে৷ ভিড-১৯ক বিশ্বজনীন মহামাৰী হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় মহানগৰসমূহৰ ৰাজহুৱা স্থানসমূহ ছেনিটাইজিং কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে৷ ২৫ মাৰ্চ ২০২০ তাৰিখৰ পৰা ঘোষণা কৰা ৰাষ্ট্ৰজোৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত মহানগৰসমূহৰ বাছ/ৰে ষ্টেচন, পথ, বজাৰ, চিকিৎসালয় প্ৰাংগন, বেংক আদিকে ধৰি ৰাজহুৱা স্থানসমূহত ছেনিটাইজিঙৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

জেইই (মেইন) ২০২০ৰ অনলাইন আবেদনত কেন্দ্ৰ চহৰসমূহৰ বাচনিৰ শুধৰণিৰ সময়সীমা সম্প্ৰসাৰণ কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই

ভিড-১৯ৰ বাবে চৌদিশে সৃষ্টি হোৱা জটিলতাসমূহৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীয়ে জেইই (মেইন) ২০২০ৰ প্ৰাৰ্থীসকলৰ বাবে অনলাইন আবেদনত কেন্দ্ৰ চহৰসমূহৰ বাচনিৰ শুধৰণি ব্যৱস্থাৰ সময়সীমা সম্প্ৰসাৰিত কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক পৰামৰ্শ আগবঢ়াইছে৷  আজি সংস্থাটোৱে আবেদনত অন্যান্য সংশোধনীৰ ভিতৰত কেন্দ্ৰ চহৰসমূহৰ বাচনিৰ শুধৰণিৰ প্ৰক্ৰিয়াও অন্তৰ্ভুক্ত কৰাৰ বিষয়ে জানিবলৈ দিয়ে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ প্ৰবন্ধন সম্পৰ্কে প্ৰশিক্ষণ দিব পৰাকৈ দীক্ষা প্লেটফ’ৰ্মতইণ্টিগ্ৰেটেড গভ’(IGOT) শীৰ্ষক এলানি পাঠ্যক্ৰম মুকলি কৰিছে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে

iGOT ত চিকিৎসক, নাৰ্ছ, পেৰামেডিক্স, স্বাস্থ্যবিধিৰ তদাৰকীৰে জড়িত স্বাস্থ্য কৰ্মী, টেকনিচিয়ান, এএনএম নাৰ্ছ, ৰাজ্য চৰকাৰৰ বিষয়া-বৰ্গ, অসামৰিক প্ৰতিৰক্ষাৰ বিষয়া-বৰ্গ, বিভিন্ন আৰক্ষী বাহিনীসমূহ, এনচিচি, নেহৰু যুৱ কেন্দ্ৰ সংগঠন, এনএছএছ, ভাৰতীয় ৰে’ড ক্ৰছ ছ’চাইটী, ভাৰত স্কাউট এণ্ড গাইড আৰু অন্যান্য স্বেচ্ছাসেৱী সংগঠনসমূহৰ বাবে প্ৰশিক্ষণ পাঠ্যক্ৰম সন্নিৱিষ্ট কৰা হৈছে।

অধিক বিৱৰণৰ বাবে

iGOT শীৰ্ষক ই-শিক্ষণ প্লেটফ’ৰ্মৰ জৰিয়তে ক’ভিড-১৯ৰ সন্মুখৰ শাৰীৰ যোদ্ধাসকলক সৱলীকৃত কৰাৰ বাবে ডিঅ’পিটিৰ প্ৰয়াস

কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে ক’ভিড-১৯ৰ সন্মুখৰ শাৰীৰ যোদ্ধাসকলৰ সহায়ক হোৱাকৈ এক শিক্ষণ প্লেটফ’ৰ্ম (https://igot.gov.in)মুকলি কৰিছে৷ ক’ভিড-১৯ৰ বিষয়ে অন্য সাম্ভাৱ্য কৰ্মশক্তিকো প্ৰশিক্ষণ প্ৰদান কৰি ভাৰতে জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্ৰস্তুত হৈ উঠিব৷

অধিক বিৱৰণৰ বাবে

দেশৰ সকলো গুৰুত্বপূৰ্ণ কেন্দ্ৰক সংযোজিত কৰিবৰ বাবে ৫৮ টা ৰেলপথত ভাৰতীয় ৰেলৱেই মুকলি কৰিলে ১০৯ খন সময়সূচীভুক্ত মালবাহী ৰে

সমগ্ৰ দেশতে খাদ্যবস্তুৰ যোগান শৃংখলা অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্য ভাৰতীয় ৰে’লৱেই সমগ্ৰ দেশতেই অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে অন্যান্য পণ্যদ্ৰৱ্য পৰিবহণ কৰিবৰ বাবে সময়সূচীভুক্ত মালবাহী ৰে’লৰ অনবদ্য পৰিবহণ সেৱা আৰম্ভ কৰিছে। আশা কৰা হৈছে, এই পদক্ষেপে দেশৰ সৰ্বসাধাৰণ ৰাইজ, উদ্যোগ আৰু কৃষিক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলব্ধতা পূৰণ কৰিবলৈ সক্ষম হ’ব।

অধিক বিৱৰণৰ বাবে

ভিড-১৯ লকডাউনৰ সময়ছোৱাত ডিজিটেল শিক্ষাৰ চমকপ্ৰদ উত্থান

বিদ্যালয় আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে অনলাইন ক্লাছৰ বিভিন্ন পদ্ধতি আৰম্ভ কৰিছে আৰু ছাত্ৰ-ছাত্ৰীৰ সকলক ইয়াৰ সৈতে সাঙুৰি লৈছে৷ শিক্ষকে সাধাৰণতে স্কাইপ, জুম, গুগল ক্লাছৰুম, গুগল হেংআউট, পিয়াজা আদিৰ মাধ্যমেৰে এই অনলাইন ক্লাছসমূহ চলাই আছে৷ আন কিছুমানে ইউটিউব, হোৱাটছ আপ আদিত শিক্ষকৰ ভাষণ আপলোড, ডিজিটেল শিক্ষাৰ লিংক শ্বেয়াৰ কৰি শিক্ষাৰ্থীক শিক্ষাৰ সুবিধা আগবঢ়াইছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত সাহায্য প্ৰক্ৰিয়া বৃদ্ধিৰ বাবে ইএছআইচিয়ে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ

দেশে ক’ভিড-১৯ মহামাৰীৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি থকাৰ সময়ছোৱাতে ৰাজ্যিক কৰ্মচাৰী বীমা নিগম (ইএছআইচি)য়ে সাহায্য প্ৰদান কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 ‘বন-উৎপাদন সংগ্ৰাহক’ জনজাতীয়সকলৰ লগতে আত্ম-সহায়ক গোটসমূহৰ নিৰাপদ কৰ্ম সম্পাদন নিশ্চিত কৰিবলৈইউনিচেফ সহযোগত ডিজিটেল অভিযান আৰম্ভ কৰিবট্ৰাইফেড’-য়ে

‘বন-উৎপাদন সংগ্ৰাহক’ জনজাতীয়সকলৰ লগতে আত্ম-সহায়ক গোটসমূহৰ নিৰাপদ কৰ্ম সম্পাদন নিশ্চিত কৰিবলৈ ‘ইউনিচেফ’ৰ সহযোগত ডিজিটেল অভিযান আৰম্ভ কৰিব ‘ট্ৰাইফেড’-য়ে। এই অভিযানৰ জৰিয়তে সাম্প্ৰতিক প্ৰেক্ষাপটত ‘সামাজিক ব্যৱধান বিধি’ৰ দৰে স্বাস্থ্য সুৰক্ষা সম্পৰ্কীয় বিধি-বিধানসমূহৰ ব্যাপক প্ৰচাৰ আৰু ব্যৱহাৰিক ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ নিশ্চিত কৰাৰ ব্যৱস্থা কৰা হ’ব।

অধিক বিৱৰণৰ বাবে

SCTIMST বিজ্ঞানীয়ে সাজি উলিয়াইছে সংক্ৰমিত থুঁ-খেকাৰৰ সুৰক্ষিত ব্যৱস্থাপনাৰ বাবে বিশেষ শোষক সামগ্ৰী

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনৰ এক স্বতন্ত্ৰ সংস্থা শ্ৰী চিত্ৰা তিৰুনাল ইনষ্টিটিউট ফৰ মেডিকেস ছায়েন্সেজ এণ্ড টেকন’ল’জী চমুকৈ SCTIMST ৰ বিজ্ঞানীসকলে এক অতি উচ্চ কাৰ্যকৰী ছুপাৰ-এবজৰ্বেণ্ট বা বিশেষ শোষক সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে।

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অৰুণাচল প্ৰদেশৰ চৰকাৰে কোৱাৰেণ্টাইন তথা ক’ভিড-ৰোগীসকলৰ বাবে মুকলি কৰিলে ক’ভিড কেয়াৰ এপ৷
  • ক’ভিড-১৯ৰ সংকটৰ সময়ছোৱাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক দ্বাদশ শ্ৰেণীলৈ পৰীক্ষা অনুষ্ঠিত নকৰাকৈ উত্তীৰ্ণ কৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
  • মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক ঘৰতে থকাৰ বাবে তথা স্বাস্থ্যবিধি পালন আৰু সামাজিক ব্যৱধানৰ বাবে সজাগতা প্ৰদান কৰিবলৈ এটা সংগীতৰ ভিডিঅ’ মুকলি কৰিছে৷
  • মিজোৰামৰ বাহিৰৰ পৰা আমদানি হোৱা শাক-পাচলিসমূহ ৰাজ্যৰ ক’ভিড-১৯ মেডিকেল অপাৰেচনেল দলে প্ৰথমে পৰীক্ষা কৰিব৷
  • ৩৪টা আচুতীয়া আৰু ৪৩টা কোৱাৰেণ্টাইন কেন্দ্ৰৰ সৈতে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ সাজু নাগালেণ্ড৷ সেৱাৰ বাবে মজুত আছে ৮৪খন চৰকাৰী আৰু ৫২খন ব্যক্তিগত এম্বুলেন্স৷
  • ছিক্কিমৰ ৰাজ্যপালে ৰাজ্য চৰকাৰক ক’ভিড-১৯ৰ পৰীক্ষণ গৱেষণাগাৰ স্থাপন ত্বৰান্বিত কৰিবলৈ আহ্বান জনাইছে৷
  • ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ একমাত্ৰ ৰোগীজন সুস্থিৰে আছে বুলি জানিবলৈ দিছে৷
  • বিগত দুটা দিনৰ পৰা কেৰালাত আক্ৰান্ত লোকৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ ক’ভিড আক্ৰান্ত ৰোগীসকলৰ বাবে প্লাজমা থেৰাপী কৰিবলৈ আইচিএমআৰৰ বাবে অনুমোদন লাভ কৰিছে কেৰালাই৷ মুম্বাইত দুগৰাকী মালায়লী নাৰ্চ আক্ৰান্ত হৈছে৷ কালিলৈকে মুঠ পৰিঘটনা ৩৪৫টা৷
  • তামিলনাডুত জিচিচি আৰু বাণিজ্যিক সংস্থাই লকডাউনৰ সময়ছোৱাত ভ্ৰাম্যমান শাক-পাচলি আৰু গেলামালৰ সামগ্ৰী সেৱা প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মুঠ পৰিঘটনা ৭৩৮টা৷
  • হায়দৰাবাদৰ বিটছ পিলানীয়ে স্বাস্থ্যকৰ্মীসকলৰ বাবে পুনৰ ব্যৱহৃত ত্ৰিমাত্ৰিক প্ৰিণ্টেড মুখৰ আৱৰণী বিকশিত কৰিছে৷ তেলেংগানাৰ নিজামাবাদত আঠটা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ মুঠ পৰিঘটনা ৪৬১টালৈ বৃদ্ধি পাইছে৷
  • অন্ধ্ৰ প্ৰদেশ চৰকাৰে কোৱাৰেণ্টাইনত থকা সকলৰ বাবে চিকিৎসাৰ সৈতে পুষ্টিকৰ খাদ্য যোগানৰো ব্যৱস্থা কৰিছে৷ এন৯৫ মাস্ক আৰু পিপিই সঁজুলি যোগান নধৰাৰ বাবে অনন্তপুৰ চৰকাৰী চিকিৎসালয়ত কৰ্মৰত কনিষ্ঠ চিকিৎসকসকলে বিক্ষোভ প্ৰদৰ্শন কৰে৷ পূৰ্বে দুগৰাকী চিকিৎসক আৰু দুগৰাকী নাৰ্ছ আক্ৰান্ত হৈছিল৷ মুঠ ধনাত্মক পৰিঘটনা ৩৪৮টা৷

#ক’ভিড-১৯ সন্দৰ্ভত ফেক্ট চেক

 

 

*****

 

 

 

 

 



(Release ID: 1612717) Visitor Counter : 487