ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        ক’ভিড-১৯ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ পেঞ্চনাৰসকলৰ সৈতে এক ৱেব সন্মিলনত মিলিত হয় ড০ জিতেন্দ্ৰ সিং
                    
                    
                        এইমছৰ আগশাৰীৰ চিকিৎসকেও পৰামৰ্শ প্ৰদান কৰে
                    
                
                
                    Posted On:
                09 APR 2020 4:15PM by PIB Guwahati
                
                
                
                
                
                
                কেন্দ্ৰীয় ড’নাৰ; প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক; চৰকাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন, আণৱিক শক্তি আৰু মহাকাশ মন্ত্ৰী শ্ৰী জিতেন্দ্ৰ সিঙৰ তত্ত্বাৱধানত পেঞ্চন আৰু পেঞ্চনাৰ্ছ কল্যাণ বিভাগে ক’ভিড-১৯ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে এক ৱেব সন্মিলনৰ আয়োজন কৰে৷ এই সন্মিলনত দেশৰ ২২খন চহৰৰ প্ৰায় ১০০গৰাকী পেঞ্চনাৰে এইমছৰ সঞ্চালক ড০ ৰণদ্বীপ গুলেৰিয়া আৰু এইমছৰ  মেডিছিন বিভাগৰ সহযোগী অধ্যাপক ড০ প্ৰসুন চেটাৰ্জীৰ সৈতে মতবিনিময় কৰে৷ এই বিশেষজ্ঞসকলে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ, বৰ্তমানৰ স্বাস্থ্য খণ্ডৰ পৰিৱেশ, সংক্ৰমণৰ পৰা আঁতৰি থাকিবলৈ কি কৰিব লাগে আৰু কি কৰিব নালাগে আদি বিষয়ত বিস্তৃতভাৱে বৰ্ণনা কৰে৷ প্ৰশ্ন-উত্তৰ শিতানত দেশৰ ভিন্ন প্ৰান্তৰ বহুকেইগৰাকী পেঞ্চনাৰে ক’ভিড-১৯ক লৈ নিজৰ নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰে৷ বিশেষজ্ঞ চিকিৎসকে সকলো প্ৰশ্নৰ বিশষভাৱে উত্তৰ দিয়ে৷  

 
পেঞ্চনাৰসকলক সম্বোধন কৰি ড০ জিতেন্দ্ৰ সিঙে কয় যে ক’ভিড-১৯ৰ সংক্ৰমণৰ ফলত বৃদ্ধ বসয়ৰ লোকৰ মৃত্যুৰ হাৰ অধিক আৰু কম বয়সৰ যুৱক-যুৱতীৰ মাজত সংক্ৰমণৰ হাৰ অধিক৷  গতিকে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ পৰিচ্ছাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ তেওঁ লগতে পেঞ্চনাৰসকলক আৰোগ্য সেতু এপ ডাউনলোড কৰিবলৈ আহ্বান জনায়৷ 

 
জনসাধাৰণৰ জীৱন ৰক্ষা কৰিবলৈ নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা চিকিৎসকসকলক মন্ত্ৰীগৰাকীয়ে ক’ৰোনা যোদ্ধা হিচাপে আখ্যা দিয়ে৷ তেওঁ পেঞ্চনাৰসকলক নিশ্চয়তা দিয়ে যে ভাৰতৰ স্বাস্থ্য খণ্ডই ইয়াৰ দায়িত্ব গ্ৰহণ কৰিব পৰাকৈ নিজকে সম্প্ৰসাৰিত কৰিছে আৰু ভাৰত চৰকাৰে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে৷ লগতে দেশবাসীৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত ৰাখিছে৷ 
<><><><><>
VG/SNC/MS
                
                
                
                
                
                (Release ID: 1612634)
                Visitor Counter : 200
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam