বিত্ত মন্ত্ৰালয়
আয়কৰ বিভাগে অনতিপলমে ৫ লাখলৈকে বাকীথকা সকলো আয়কৰ ৰিফাণ্ড আদায় দিব; প্ৰায় ১৪ লাখ কৰদাতা লাভান্বিত হ’ব
সকলো জি এচ টি আৰু কাষ্টম সম্পৰ্কীয় ৰিফাণ্ড আদায় দিয়া হ’ব; ইয়াৰ ফলত ক্ষূদ্ৰ লঘু আৰু মধ্যমীয়া উদ্যোগকে ধৰি প্ৰায় ১ লাখ ব্যাৱসায় প্ৰতিষ্ঠান লাভান্বিত হ’ব
তাৎক্ষণিকভাৱে ১৮০০০ কোটি টকাৰ মুঠ ৰিফাণ্ড আদায়ৰ বাবে অনুমোদন
পোষ্ট কৰা হৈছে:
08 APR 2020 6:16PM by PIB Guwahati
ক’ভিড-১৯ এ সৃষ্টি কৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ব্যক্তি আৰু ব্যাৱসায় প্ৰতিষ্ঠানসমূহক তাৎক্ষণিক সকাহ দিয়াৰ উদ্দেশ্যে আয়কৰ বিভাগে অনতিপলমে ৫ লাখলৈকে বাকীথকা সকলো আয়কৰ ৰিফাণ্ড আদায় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰপৰা প্ৰায় ১৪ লাখ কৰদাতা লাভান্বিত হ’ব।
ক্ষূদ্ৰ লঘু আৰু মধ্যমীয়া উদ্যোগকে ধৰি প্ৰায় ১ লাখ ব্যাৱসায় প্ৰতিষ্ঠান লাভান্বিত হ’ব পৰাকৈ সকলো জি এচ টি আৰু কাষ্টম সম্পৰ্কীয় কৰ ৰিফাণ্ড আদায় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেয়ে আনুমানিক ১৮০০০ কোটি টকাৰ মুঠ কৰ ৰিফাণ্ড আদায়ৰ বাবে অনুমোদন জনোৱা হৈছে।
****
RM/KMN/PRK
(ৰিলিজ আই ডি : 1612329)
অতিথি কক্ষ : 389
ত এই ৰিলিজটো পঢ়ক:
Odia
,
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam