অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

লাইফলাইন উড়ান বিমানে ৭এপ্ৰিলত সমগ্ৰ দেশত ৩৯ টন চিকিৎসা সামগ্ৰী যোগান ধৰে

Posted On: 08 APR 2020 5:37PM by PIB Guwahati

লাইফলাইন উড়ান বিমানে ৭এপ্ৰিল,২০২০ত সমগ্ৰ দেশত ৩৯.৩ টন চিকিৎসা সামগ্ৰী যোগান ধৰেভিড-১৯ লকডাউনৰ সময়ছোৱাত এই বিমানে কঢ়িওৱা মুঠ সামগ্ৰীৰ পৰিমাণ হল প্ৰায় ২৪০ টন৷ লাইফলাইন উড়ানৰ অধীনত এতিয়ালৈকে দেশত ১৬১খন বিমান উৰি আছে আৰু ই প্ৰায় ১,৪১,০৮০ কিলোমিটাৰ দৈৰ্ঘ অতিক্ৰম কৰিছে৷ ইয়াৰে ৯৯খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰে সঞ্চালিত কৰাৰ লগতে ৫৪খন সঞ্চালিত কৰিছে ভাৰতীয় বায়ু সেনা বাহিনীয়ে৷ আন্তঃৰাষ্ট্ৰীয় উৰণ পথত ৭ এপ্ৰিলত এয়াৰ ইণ্ডিয়াই হংকঙ আৰু আন স্থানৰ পৰা ৬.১৪ টন চিকিৎসা সামগ্ৰী কঢ়িয়াইছে৷ একেদৰে, এয়াৰ ইণ্ডিয়াই কলম্বোলৈ ৮.৮৫ টন সামগ্ৰী কঢ়িয়াই নিছে৷

পূৰ্ণাংগ মেডিকেল এয়াৰ কাৰ্গো সম্পৰ্কীয় ৱেবছাইট লাইফলাইন উড়ানত ফটোসহ লাইফলাইন উড়ান বিমানৰ দৈনিক স্থিতি উপলব্ধ হৈছে৷ লিংকটো উপলব্ধ হৈছে https://esahaj.gov.in/lifeline_udan.

তাৰিখ

এয়াৰ ইণ্ডিয়া

এলায়েন্স

আইএএফ

ইণ্ডিগো

স্পাইচজেট

মুঠ বিমান

০৭ এপ্ৰিল

০৪

০২

০৩

--

--

০৯

এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনা বাহিনীয়ে সমন্বয়েৰে জম্মু আৰু কাশ্মীৰ, লাডাখ, উত্তৰ-পূৰ্বাঞ্চল আৰু আন দ্বীপ অঞ্চলত অত্যাৱশীয় সামগ্ৰী কঢ়িয়াইছে৷

ব্লু ডাৰ্ট, স্পাইচজেট ৰু ইণ্ডিগোৱে ব্যৱসায়িক ভিত্তিত কাৰ্গো বিমান সঞ্চালিত  কৰিছে৷ স্পাইচজেটে ২৪মাৰ্চৰ পৰা ৭ এপ্ৰিললৈ ২০৩খন বিমান সঞ্চালিত কৰি ২,৭৭,০৮০ কিলোমিটাৰ অতিক্ৰম কৰিছে আৰু ১৬৪৭.৫৯ টন সামগ্ৰী কঢ়িয়াইছে৷ ইয়াৰে ৫৫খন হল আন্তঃৰাষ্ট্ৰীয় কাৰ্গো বিমান৷ একেদৰে, ব্লু ডাৰ্টে ২৫মাৰ্চৰ পৰা  ৭এপ্ৰিললৈ ৬৪খন ঘৰুৱা কাৰ্গো বিমানেৰে ৬২,২৪৫কিলোমিটাৰ অতিক্ৰম কৰি মুঠ ৯৫১.৭৩টন সমাগ্ৰী কঢ়িয়াইছে৷ ইণ্ডিগোৱেও ৩ আৰু ৪ এপ্ৰিলত ৮খন কাৰ্গো বিমানেৰে ৬১০৩কিলোমিটাৰ অতিক্ৰম কি ৩.১৪টন সামগ্ৰী যোগান  ধৰে৷

****

RJ/NG/MS



(Release ID: 1612311) Visitor Counter : 174