অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

লাইফলাইন উড়ান বিমানেৰে যোৰহাট, লেংপুই, ডিমাপুৰ, ইম্ফল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন অঞ্চলত চিকিৎসা সামগ্ৰী যোগান ধৰা হৈছে

আগতীয়া পৰিকল্পনা আৰু পৰ্যালোচনাৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে দৈনিক আয়োজন কৰিছে চিন্তন আৰু মন্থন বৈঠক


১৫২খন লাইফলাইন উড়ান বিমানে সমগ্ৰ ভাৰতত ২০০ টনৰো অধিক চিকিৎসা সামগ্ৰী যোগান ধৰিছে

Posted On: 07 APR 2020 5:03PM by PIB Guwahati

ভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ সময়ছোৱাত দেশৰ কোনো প্ৰান্ততে যাতে সামগ্ৰীৰ নাটনি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে অনলাইন বৈঠক আৰু ভাৰ্চুৱেল ৱাৰ ৰূমৰ মাধ্যমেৰে উন্নত পৰিকল্পনা যুগুত কৰিছে৷

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে দিনটোৰ পৰিকল্পনা আৰু পাৰ হৈ যোৱা দিনটোৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ পুৱা ৮বজাত চিন্তন বৈঠকত মিলিত হয়৷ একেদৰে, দিনটোৰ পৰিকল্পনা কাৰ্যকৰী কৰা আৰু কোনো পৰ্যায়ত কোনো ৰদবলৰ প্ৰয়োজন আছে নেকি, সেয়া পৰ্যালোচনা কৰিবলৈ বিয়লি ৩বজাত মন্থন বৈঠকৰ আয়োজন কৰে৷

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ লাইফলাইন উড়ান আঁচনিৰ অধীনত এইপৰ্যন্ত ১৫২খন কাৰ্গো বিমানে দুৰ্গম আৰু পাহাৰীয়া অঞ্চলকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তলৈ চিকিৎসা সামগ্ৰী কঢ়িয়াই নিছে৷ লকডাউনৰ সময়ছোৱাত এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, ভাৰতীয় বায়ু সেনা বাহিনী আৰু ব্যক্তিগত বিমানৰ সহায়ত এতিয়ালৈকে ২০০ টনৰো অধিক চিকিৎসা সামগ্ৰী দেশৰ ভিন্ন প্ৰান্তলৈ যোগান ধৰা হৈছে৷

৬ এপ্ৰিল,২০২০ত লাইফলাইন উড়ান বিমানে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য তথা মধ্য আৰু পূব প্ৰান্তৰ ৰাজ্যলৈ আইচিএমআৰ কিটছ, এইচএলএল সামগ্ৰী আৰু অন্যানা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিছে৷ সবিশেষ তলত আগবঢ়োৱা ধৰণৰ

লাইফ লাইন ১(আএএফ) দিল্লী-ৰাঁচী-পাটনা-যোৰহাট-লেংপুই-ইম্ফল-ডিমাপুৰ আৰু গুৱাহাটীলৈ যাত্ৰা কৰা লাইফলাইন-১ বিমানে গুৱাহাটীৰ বাবে ৫০কেজি আইচিএমআৰ কিটছ, ৰেড ক্ৰছকে ধৰি অসমৰ বাবে  ৮০০ কেজি সামগ্ৰী, মেঘালয়ৰ বাবে ৬৭২ কেজি সামগ্ৰী, মণিপুৰ-নাগালেণ্ডৰ বাবে অৱশিষ্ট সামগ্ৰী, ডিব্ৰুগড়ৰ বাবে আইচিএমআৰ সামগ্ৰী, মিজোৰামৰ বাবে ৩০০ কেজি সামগ্ৰী, ৰাঁচীৰ বাবে ৫০০ কেজি সামগ্ৰী, পাটনাৰ বাবে ৫০কেজি আইচিএমআৰ কিটছ কঢ়িয়াই আনে৷

লাইফ লাইন ২ এলায়েন্স এয়াৰ(এটিআৰ): দিল্লী-ৱাৰাণসী-ৰাইপুপ-হায়দৰাবাদ-দিল্লীলৈ উৰা মৰা লাইফ লাইন ২ এলায়েন্স এয়াৰে ৱাৰাণসীৰ বাবে ৫০কেজি আইচিএমআৰ কিটছ, ৰাইপুৰৰ বাবে ৫০কেজি আইচিএমআৰ কিটছ, হায়দৰাবাদৰ বাবে ৫০ কেজি আইচিএমআৰ কিটছ, বিজয়বাড়াৰ বাবে ৫০কেজি আইচিএমআৰ কিটছ আৰু হায়দৰাবাদৰ বাবে ১৬০০কেজি সামগ্ৰী কঢ়িয়াই আনে৷

লাইফ লাইন ৩ এয়াৰ ইণ্ডিয়া(এ৩২০) : মুম্বাই-বাংগালুৰু-চেন্নাই-মুম্বাই পৰিভ্ৰমণ কৰা এই বিমানে বস্ত্ৰশিল্প মন্ত্ৰালয়ৰ বাবে সামগ্ৰী, বাংগালুৰুৰ বাবে এইচএলএল সামগ্ৰী, চেন্নাইৰ বাবে এইচএলএল সামগ্ৰী কঢ়িয়ায়৷

লাইফ লাইন ৪: স্পাইচ জেট এছজি(৭০৬১) দিল্লীৰ পৰা চেন্নাইলৈ উৰা মৰা এই বিমানে চেন্নাইৰ বাবে আইচিএমআৰ সামগ্ৰী কঢ়িয়াই নিয়ে৷

লাইফ লাইন ৫:এয়াৰ ইণ্ডিয়া চাৰ্টাৰ (এ৩২০) দিল্লীৰ পৰা ডেৰাডুনলৈ উৰা মৰা এই বিমানে ডেৰাডুনৰ বাবে আইচিএমআৰ সামগ্ৰী কঢ়িয়া নিয়ে৷

*এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনা বাহিনীয়ে লাডাখ, কাৰ্গিল, ডিমাপুৰ, ইম্ফল, গুৱাহাটী, চেন্নাই, আহমেদাবাদ, পাটনা, লেংপুই, মহীশূৰ, হায়দৰাবাদ, ৰাঁচী, জম্মু, শ্ৰীনগৰ, চণ্ডীগড় আৰু পৰ্ট ব্লেয়াৰলৈ সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত সমন্বয়েৰে কাম কৰিছে৷

*****

RJ/NG/MS



(Release ID: 1612049) Visitor Counter : 182