নৌ-পৰিবহন মন্ত্ৰালয়

ক’ভিড-১৯ৰ বাবে দেশত চলি থকা লকডাউনৰ সময়ত জাহাজসমূহ সঠিকভাৱে চলি থকাত জাহাজ পৰিৱহণ মন্ত্ৰালয়ৰ অতি-সক্ৰিয় ভূমিকা পালন

মূখ্যা বন্দৰসমূহত এপ্ৰিলৰপৰা মাৰ্চ ২০২০ লৈ চলাচল কৰা মুঠ যান-বাহন টন হিচাপত ০.৮২% বৃদ্ধি

বন্দৰত ৪৬,০০০ তকৈও অধিক কৰ্মী আৰু যাত্ৰীৰ তাপমাত্ৰা পৰীক্ষণ সম্পন্ন

সকলো বন্দৰ ব্যৱহাৰকাৰীৰ ওপৰত থকা জৰিমনা, মাচুল আদি মাফ

মূখ্যা বন্দৰসমূহৰ লগত থকা চিকিৎসালয়সমূহ ক’ভিড-১৯ৰ বাবে সাজু

পি এম কেয়াৰ্চ পুঁজিলৈ দৰমহা আৰু চি এচ আৰ পুঁজিৰপৰা ৫৯ কোটিতকৈও অধিক বৰঙণি

জাহাজ পৰিৱহণ বিভাগৰ সঞ্চালক প্ৰধানৰদ্বাৰা নাবিকসকলৰ বাবে চেনিটাইজেশ্যন তথা অন্যান্য সুৰক্ষা সামগ্ৰী সুনিশ্চিত

Posted On: 07 APR 2020 12:45PM by PIB Guwahati

’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ সময়ত লকডাউনৰ সীমাৱদ্ধতাক নেওচি জাহাজ পৰিৱহণ মন্ত্ৰালয়ে অতি-সক্ৰিয়ভাৱে কাম কৰি জাহাজসমূহ সুচাৰূৰূপে চলাই থকাৰ লগতে বন্দৰসমূহৰ ব্যৱস্থাপনাৰ কাম নিয়াৰিকৈ সম্পন্ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

মূখ্য বন্দৰসমূহত চলাচল কৰা যান-বাহন

মূখ্যা বন্দৰসমূহত এপ্ৰিলৰপৰা মাৰ্চ ২০২০ লৈ চলাচল কৰা মুঠ যান-বাহন টন হিচাপত ০.৮২% বৃদ্ধি পাইছে। আগৰ বছৰৰ ৬৯৯৯.১০ মিলিয়ন টনৰ বিপৰীতে এইবাৰ ই ৭০৪.৬৩ মিলিয়ন টন হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/UntitledXBFX.gif

এপ্ৰিলৰপৰা মাৰ্চ ২০২০ লৈ কন্টেইনাৰত কঢ়িওৱা সামগ্ৰীৰ ওজন ক্ৰমে ১৪৬৯৩৪ হাজাৰ আৰু ৯৯৮৮ হাজাৰ টন যিটো এপ্ৰিলৰপৰা মাৰ্চ ২০১৯ ত লৈ ক্ৰমে ১৪৫৪৫১ হাজাৰ আৰু ৯৮৭৭ হাজাৰ টন আছিল। অৰ্থা ১.১২ % বৃদ্ধি পালে।

https://static.pib.gov.in/WriteReadData/userfiles/image/Untitled11DAE2.png

মাৰ্চ ২০২০ ত মুঠ কঢ়িওৱা সামগ্ৰীৰ ওজন ৬১১২০ টন যিটো ফেব্ৰুৱাৰী ২০২০ ৰ ৫৭২৩৩ তকৈ বেছি কিন্তু মাৰ্চ ২০১৯ ত কৈ ৫.২৫ % কম আছিল।

কঢ়িওৱা ভেছেলচৰ সংখ্যা

বন্দৰসমূহে ২০১৯-২০ বৰ্ষত চাল-চলন কৰোৱা ভেছেলচৰ সংখ্যা ২০৮৩৭, যিটো ২০১৮-১৯ বৰ্ষত ২০৮৩৭ আছিল। অৰ্থা যোৱা বছৰৰ তুলনাত ০.০৮ % হ্ৰাস পালে।  

’ভিড-১৯ৰ পৰা সুৰক্ষিত থাকিবলৈ লোৱা ব্যৱস্থাসমূহঃ

১. তাপমাত্ৰাৰ পৰীক্ষণ

ভাৰতৰ বন্দৰসমূহত ২৭ জানুৱাৰী ২০২০ ৰ পৰা ৪ এপ্ৰিল ২০২০ লৈকে ৪৬,০০০ তকৈও অধিক কৰ্মী আৰু যাত্ৰীৰ তাপমাত্ৰা পৰীক্ষণ সম্পন্ন হৈছে।

২. মাচুল মাফ

৩১ মাৰ্চ তাৰিখে জাহাজ পৰিৱহণ মন্ত্ৰালয়ে জাৰি কৰা আদেশ নং PD-14300/4/2020-PD VII, অনুসৰি মূল বন্দৰসমূহত ব্যৱহাৰকাৰীৰ ওপৰত থকা জৰিমনা, মাচুল আদি মাফ কৰা হৈছে।

৩. অপ্ৰত্যাশিত পদক্ষেপ

মাৰ্চ তাৰিখে জাহাজ পৰিৱহণ মন্ত্ৰালয়ে জাৰি কৰা আদেশ নং PD-14300/4/2020-PD VII, অনুসৰি পিপিপি বা আন যিকোনো ৰূপত চলি থকা প্ৰকল্পসমূহ বন্দৰসমূহে অনিৰ্দিষ্ট কাললৈ পিছুৱাব পাৰিব।

৪. চিকিসালয়সমূহৰ প্ৰস্তুতি

মূখ্যা বন্দৰসমূহৰ লগত থকা চিকিসালয়সমূহ ক’ভিড-১৯ৰ বাবে যাৱতীয় কৰ্মী তথা স-সৰঞ্জামেৰে সৈতে সাজু কৰি তোলা হৈছে।

৫. চি এচ আৰ পুঁজিৰপৰা পি এম কেয়াৰ্চ পুঁজিলৈ বৰঙণি

জাহাজ পৰিৱহণ মন্ত্ৰালয়ৰ অধীনৰ বন্দৰসমূহে পি এম কেয়াৰ্চ পুঁজিলৈ চি এচ আৰ পুঁজিৰপৰা ৫৯ কোটিতকৈও অধিক বৰঙণি আগবঢ়াইছে।

৬. কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা বৰঙণি

বন্দৰসমূহ তথা জাহাজ পৰিৱহণ মন্ত্ৰালয়ৰ অধীনৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমহৰ কৰ্মচাৰীসকলে নিজৰ দৰমহাৰ পৰা ৭ কোটি টকাৰ বৰঙণি পি এম কেয়াৰ্চ পুঁজিলৈ আগবঢ়াইছে। 

৭ জাহাজ পৰিৱহণ বিভাগৰ সঞ্চালক প্ৰধানৰ পদক্ষেপ

জাহাজ পৰিৱহণ বিভাগৰ সঞ্চালক প্ৰধানে নাবিকসকলৰ বাবে চেনিটাইজেশ্যন তথা অন্যান্য সুৰক্ষা সামগ্ৰী সুনিশ্চিত কৰিছে। জাহাজ পৰিৱহণ বিভাগৰ অতিসক্ৰিয় সহযোগিতাৰ ফলস্বৰূপে ক’ভিড-১৯ৰ বাবে দেশত চলি থকা লকডাউনৰ সময়তো জাহাজসমূহ সুচাৰুৰূপে চলি আছে।

****

YB/AP/PRK



(Release ID: 1611990) Visitor Counter : 178