মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ইউজিচিয়ে মুকলি কৰিলে শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য আৰু কল্যাণ শীৰ্ষক পৰামৰ্শৱলী
পোষ্ট কৰা হৈছে:
06 APR 2020 3:21PM by PIB Guwahati
ক’ভিড-১৯য়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ মন্ত্ৰালয়ৰ অধীনৰ স্বায়ত্বশাসিত অনুষ্ঠানসমূহক শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য আৰু কল্যাণৰ বাবে কিছুমান বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল৷ মন্ত্ৰীগৰাকীৰ সেই নিৰ্দেশ অনুসাৰে ইউজিচিয়ে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য আৰু কল্যাণৰ বাবে নিম্নোক্ত পদক্ষেপসমূহ পালন কৰিবলৈ অনুৰোধ জনাইছিলঃ
ক) বিশ্ববিদ্যালয়/মহাবিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য তথা কল্যাণৰ বাবে হেল্পলাইন নম্বৰ প্ৰস্তুত কৰা হ’ব৷ এয়া কাউন্সিলাৰ আৰু অন্যান্য শিক্ষকৰ দ্বাৰা নিয়মীয়াকৈ নিৰীক্ষণ কৰা হ’ব৷
২. বিশ্ববিদ্যালয়/মহাবিদ্যালয়সমূহৰ দ্বাৰা শিক্ষাৰ্থীসকলক শান্ত আৰু উদ্বিগ্নমুক্ত হৈ থাকিবলৈ নিয়মীয়াকৈ তেওঁলোকৰ সৈতে যোগাযোগ কৰা হ’ব৷ এয়া টেলিফোন, ই-মেইল, ডিজিটেল অথবা ছ’চিয়েল মিডিয়া প্লেটফ’ৰ্মৰ জৰিয়তে সম্পন্ন কৰিব পৰা হ’ব৷
৩. হোষ্টেল ৱাৰ্ডেন/জ্যেষ্ঠ শিক্ষকৰ নেতৃত্বত শিক্ষাৰ্থীসকলৰ ক’ভিড-১৯ সহায়ক গোটে প্ৰয়োজনাৰ্থী শিক্ষাৰ্থীক চিহ্নিত কৰি তেওঁলোকক সাহায্য প্ৰদান কৰিব পাৰে৷
৪. আপোনাৰ বিশ্ববিদ্যালয়/মহাবিদ্যালয়ৰ ৱেৱছাইটত, শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ সৈতে ই-মেইল, ছ’চিয়েল মিডিয়া লিংক যেনে ফে’চবুক, হোৱাটচএপ আৰু টুইটাৰ আদিৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৱেবছাইটৰ লিংক https://www.mohfw.gov.in/ বিনিময় কৰক৷
লকডাউনৰ সময়ছোৱাত আপোনাৰ মানসিক স্বাস্থ্যৰ পৰিচৰ্যাৰ ব্যৱহাৰিক উপায়ঃ
https://www.youtube.com/watch?v=uHB3WJsLJ8s&feature=youtu.be
ক’ভিড-১৯ৰ সময়ছোৱাত নিজৰ মানসিক অৱস্থাৰ বাবেঃ
https://www.mohfw.gov.in/pdf/MindingourmindsduringCoronaeditedat.pdf
ক’ভিড-১৯ৰ সময়ছোৱাত মানসিক স্বাস্থ্য আৰু কল্যাণ প্ৰতিপালনক বাবে বিভিন্ন স্বাস্থ্য বিশেষজ্ঞৰ উপায়ঃ
https://www.youtube.com/watch?v=iuKhtSehp24&feature=youtu.be
স্বাস্থ্য আচৰণঃ মানসিক-সামাজিক টোল ফ্ৰী হেল্পলাইন নম্বৰ- ০৮০৪৬১১০০৭
উপৰোক্ত পদক্ষেপসমূহৰ প্ৰণয়ন নিয়মীয়াকৈ নিৰীক্ষণ কৰা হ’ব আৰু এই সন্দৰ্ভত গ্ৰহণ কৰা কাৰ্যসূচীসমূহ ইউজিচিৰ ugc.ac.in/uampত প্ৰদান কৰিব পাৰিব৷
*****
NB/AKJ/AK/MANN
(ৰিলিজ আই ডি : 1611673)
অতিথি কক্ষ : 303