স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ আপডেটসমূহ

Posted On: 05 APR 2020 6:48PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এম্পাৱাৰ্ড গ্ৰুপৰ সৈতে যুটীয়া বৈঠকত সভাপতিত্ব কৰি সমগ্ৰ দেশতে ক’ভিড-১৯ৰ মোকাবিলাৰ বাবে পৰিকল্পনা, প্ৰস্তুতি আৰু প্ৰণয়নৰ নিশ্চিতিৰ খতিয়ান লয়৷ গোটটোক এই পৰ্যন্ত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰোৱা হয় যাতে চিকিৎসালয়, আইচ’লেচন আৰু কোৱাৰেণ্টাইনৰ সুবিধা, পৰীক্ষণ আৰু জৰুৰীকালীন শুশ্ৰূষাৰ প্ৰশিক্ষণ ইত্যাদিৰ সংখ্যা বৃদ্ধি কৰিব পাৰি৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে ঝাঝৰিৰ এইমছ পৰিদৰ্শন কৰি ক’ভিড-১৯ৰ প্ৰস্তুতিৰ বিষয়ে খতিয়ান লয়৷ তেওঁ কয় যে ৩০০খন বিচনাযুক্ত ঝাঝৰিৰ এইমছখনত সম্পূৰ্ণৰূপে ক’ভিড-১৯ৰ চিকিৎসাৰ বাবে উৎসৰ্গীকৃত কৰা হ’ব৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘সমগ্ৰ বিশ্বতে লোকে দিনে-নিশাই এই মাৰাত্মক ভাইৰাছবিধৰ বিৰুদ্ধে ভেকচিনৰ সন্ধানৰ বাবে কাম কৰি আছে যদিও এই পৰ্যন্ত ইয়াৰ ভেকচিন প্ৰস্তুত কৰিব পৰা হোৱা নাই৷ আমি নিশ্চিতভাৱে লকডাউন আৰু সামাজিক ব্যৱধানৰ বিধি মানি চলিব লাগিব৷’’

আজি কেবিনেট সচিবে সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য সচিব আৰু স্বাস্থ্য সচিব আৰু সকলো জিলাৰ ডিএম, এছএছপি, চিএমঅ’, আইডিএছপি কৰ্মীৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে আলোচনাত মিলিত হয়৷ তেওঁ সকলো ডিএমক ফাৰ্মা উদ্যোগসমূহত যাতে ঔষধ প্ৰস্তুতি তথা চিকিৎসা সঁজুলিসমূহৰ নিৰ্মাণ মসৃণ গতিত সম্পন্ন হয় সেয়া নিশ্চিত কৰিবলৈ আহ্বান জনাইছে৷ সকলো জিলা প্ৰশাসনক ক’ভিড-১৯ সংকট ব্যৱস্থাপনা পৰিকল্পনাৰ বিষয়ে পৰামৰ্শ প্ৰদান কৰা হয়৷ আজিৰ বৈঠকখনত ভিলৱাৰা, আগ্ৰা, গৌতম বুদ্ধ নগৰ, পাথানামথিট্টা (কেৰেলা), পূব দিল্লী আৰু মুম্বাই পৌৰনিগমকে ধৰি ছয়খন  জিলাৰ উপাযুক্ত আৰু নিগমৰ আয়ুক্তই তেওঁলোকৰ কৌশল আৰু অভিজ্ঞতা বিনিময় কৰে৷

আজিৰ তাৰিখ পৰ্যন্ত দেশত ২৭৪খন জিলা ক’ভিড-১৯ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে৷

আইচিএমআৰে ক’ভিড-১৯ৰ বাবে দ্ৰুতগতিত এণ্টিব’ডীভিত্তিক ৰক্ত পৰীক্ষণৰ বাবে ক্লাষ্টাৰ (নিয়ন্ত্ৰণ মণ্ডলকে ধৰি), বৃহৎ সমাবেশ হোৱা অঞ্চল আদিৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ এখন পৰামৰ্শৱলী জাৰি কৰিছে৷ সেই পৰামৰ্শৱলী অনুসৰি সুবিধা কেন্দ্ৰসমূহে পৰীক্ষাৰ প্ৰতিবেদনসমূহ প্ৰত্যক্ষভাৱে আইচিএমআৰ প’ৰ্টেলত আপলোড হোৱাটো নিশ্চিত কৰিব৷ ইয়াৰ জৰিয়তে বাস্তৱিক সময় অনুসৰি অনুসৰণ আৰু সময়মতে চিকিৎসা কাৰ্য সমাপন কৰিব পৰা হ’ব৷ তাৰোপৰি আইচিএমআৰে জাৰি কৰা পৰামৰ্শৱলী অনুসৰি ৰাজহুৱা স্থানত থু পেলোৱাৰ পৰা ক’ভিড-১৯ৰ বিস্তৃতি বৃদ্ধি হয় বুলি প্ৰকাশ পাইছে৷ ইয়াৰ জৰিয়তে ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত জনসাধাৰণক ৰাজহুৱা স্থানত ধোঁৱাবিহীন ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰি থুৱাবলৈ মানা কৰা হৈছে৷

এই পৰ্যন্ত এই পৰ্যন্ত ৩৩৭৪টা ক’ভিড-১৯ৰ নিশ্চিত পৰিঘটনা আৰু ৭৯টা মৃত্যুৰ ঘটনা প্ৰতিবেদিত হৈছে৷ ২৬৭জন ব্যক্তি সুস্থ হোৱাৰ পিছত মুকলি কৰি দিয়া হৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ  https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

  

*****

MV/MANN


(Release ID: 1611511) Visitor Counter : 169