প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 04 APR 2020 9:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰী আৰু বিশ্ব কল্যান তথা অৰ্থনীতিত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত মত বিনিময় কৰে৷

 

প্ৰধানমন্ত্ৰীয়ে এই ৰোগত আমেৰিকাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আক্ৰান্ত হৈ থকা ৰোগীসকলৰ আশু আৰোগ্য কামনা কৰে।

 

দুয়োখন দেশৰ মাজত বিশেষ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে এই বিশ্ব সংকটৰ পৰা মুক্ত হ’বলৈ আমেৰিকাৰ কাষত থিয় দি একেলগে আগবাঢ়ি যোৱাৰ কথা দোঁহাৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ মোকাবিলা কৰিবলৈ ভাৰত-আমেৰিকাই সংকল্পবদ্ধ আৰু কাৰ্যকৰী ব্যৱস্থাৰে পূৰ্ণ শক্তিৰে যুঁজ দিয়াৰ বাবে সহমতত উপনীত হৈছে৷  

 

প্ৰধানমন্ত্ৰী আৰু মাৰ্কিন ৰাষ্ট্ৰপতিয়ে এই মহামাৰীয়ে স্বাস্থ্য আৰু অৰ্থনীতিত পেলোৱা প্ৰভাৱ দূৰ কৰাৰ বাবে প্ৰতিখন দেশে গ্ৰহণ কৰা সংশ্লিষ্ট পদক্ষেপসমূহো বিনিময় কৰে৷

 

দুয়োগৰাকী নেতাই এই জটিল সন্ধিক্ষণত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ কল্যান সুনিশ্চিত কৰাৰ বাবে যোগ আৰু আয়ুৰ্বেদ (পৰম্পৰাগত ভাৰতী হাৰ্বেল ঔষধ সেৱন)ৰ অনুশীলনৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

 

ভিড-১৯ৰ বাবে সৃষ্টি হোৱা সংকটক লৈ দুয়োখন দেশৰ বিষয়াবৰ্গই সদায়েই যোগসুত্ৰ স্থাপন কৰি থাকিব বুলিও তেওঁলোকে সহমত প্ৰকাশ কৰে৷

 

***

VRRK/AK/DB



(Release ID: 1611264) Visitor Counter : 151