শক্তি মন্ত্ৰালয়

৫এপ্ৰিলৰ নিশা ৯বজাত সম্পন্ন হ’ব লগা কাৰ্যক্ৰমৰ সময়চোৱাত গ্ৰীড-সুস্থিৰতা থাকিব পৰাকৈ বাহাল আছে যথা বিধি যাৱতীয় ব্যৱস্থা

Posted On: 04 APR 2020 3:56PM by PIB Guwahati

দেশৰ জনসাধাৰণক ৯ এপ্ৰিলৰ নিশা ৯ বজাৰ পৰা ৯.০৯ বজালৈ স্বেচ্ছাই তেওঁলোকৰ ঘৰৰ লাইটসমূহ নুমুৱাবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই আহ্বানৰ পৰিপ্ৰেক্ষিততে বিদ্যুত-শক্তিৰ গ্ৰীডসমূহৰ নিয়মীয়া সুস্থিৰতা বিঘ্নিত হোৱাৰ লগতে ভল্টেজৰ তাৰতম্য ঘটিব পাৰে আৰু ই বৈদ্যুতিক উপকৰণসমূহৰ ব্যাপক ক্ষতিসাধন কৰিব পাৰে বুলি দেশজুৰি এক জনৰৱ সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে আজি এক বিজ্ঞপ্তি প্ৰকাশ কৰে। এনে কোনো ক্ষয়-ক্ষতিৰ সম্ভাৱনা নাই বুলি স্পষ্ট কৰি দি বি়জ্ঞপ্তিখনত কোৱা হয় যে এই ধাৰণা সত্য তথ্য আধাৰিত নহয়।

ভাৰতীয় বিদ্যুত গ্ৰীডসমূহৰ বিধি ব্যৱস্থা অতিকে বিস্তৃত আৰু ইয়াৰ সুস্থিৰতা অটুত ৰাখিব পৰাকৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা বাহাল আছে বুলি শক্তি মন্ত্ৰালয়ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে।

তলত উল্লেখ কৰা প্ৰসংগসমূহ বিবেচনা কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰালয়টোৱেঃ

প্ৰধানমন্ত্ৰীয়ে তেনেই সাধাৰণ ভাবে ৫এপ্ৰিলৰ নিশা ৯বজাৰ পৰা ৯.০৯বজালৈ ঘৰৰ লাইটসমূহৰ ছুইচ অফ কৰাৰ কথাহে কৈছে। ইয়াৰ বাহিৰে পথ-ঘাটসমূহৰ লাইট কিম্বা কম্পিউটাৰ, টিভি, ফেন, ৰিফ্ৰিজাৰেটৰ আৰু এ-চি আদিৰ দৰে উপকৰণৰ ছুইচ অফ কৰিবলৈও কোৱা হোৱা নাই। সেইদৰে হাস্পটালৰ উপৰি পৌৰ সেৱাৰে জড়িত কাৰ্যালয়সমূহ, আৰক্ষী থানা, উত্পাদন উদ্যোগ আদিৰ দৰে জৰুৰী সেৱাৰে জড়িত সেৱা ব্যৱস্থাসমূহৰো লাইট নুমুৱাৰ কথা কোৱা হোৱা নাই। প্ৰধানমন্ত্ৰীয়ে কেৱল আবাসিক এলেকাৰ ঘৰসমূহৰ লাইট নুমুৱাৰ বাবেহে আহ্বান জনাইছে।

এই সময়চোৱাত পথ-ঘাটৰ লাইটসমূহ জ্বলাই ৰখাৰ বাবে স্থানীয় নিকায়সমূহলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে।

 

RCJ/M/KB



(Release ID: 1611130) Visitor Counter : 161