স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া স্থিতি

Posted On: 02 APR 2020 5:39PM by PIB Guwahati

দেশত অব্যাহত থকা কভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ, প্ৰশমণ আৰু ইয়াৰ প্ৰৱন্ধনৰ বাবে ভাৰত চৰকাৰে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহৰ সহযোগিতাৰে ব্যাপক পৰিসৰত পদক্ষেপ গ্ৰহণ কৰি আছে। দেশজুৰি অব্যাহত ৰখা এই কভিড-১৯ বিৰোধী অভিযানৰ প্ৰতিটো কাৰ্যক্ৰম সৰ্বোচ্চ পৰ্যায়ত সুক্ষ্ম আৰু নিয়মীয়া ভাবে নিৰীক্ষণ কৰি থকা হৈছে।

এই উদ্দেশ্যে আজিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শীৰ্ষ  কাৰ্যবাহীসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যসমূহক দুৰ্যোগ প্ৰশমণৰ বাবে জিলা পৰ্যায়ত প্ৰবন্ধনৰ দিহা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে আক্ৰান্তসকলৰ পৰীক্ষণ,  সংস্পৰ্শহীনকৰণ আৰু আবদ্ধকৰণত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনোৱা হৈছে। ইফালে সাম্ভাব্য পৰিস্থিতি চম্ভালিব পৰাকৈ ৰাজ্যসমূহৰ স্বাস্থ্যসেৱাৰে জড়িত কৰ্মীসকলক শেহতীয়া বিভিন্ন-ব্যৱস্থাসমূহৰ অৱগতকৰণেৰে সষ্টম কৰি তোলাৰ লগতে চিকিত্সা সেৱা-কৰ্মীসকলৰ বাবে অন লাইন প্ৰশিক্ষণৰ দিহা কৰাৰ উপৰিও চিকিত্সকৰ লগতে অন্যান্য স্বাস্থ্য কৰ্মীৰ সংখ্যা অধিক কৰাৰ বাবে চৰকাৰী, বে-চৰকাৰী খণ্ডৰ চিকিত্সালয়, বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, এনএছএছ তথা এনএছঅ-ৰ পৰা অৱসৰ গ্ৰহণ কৰা কৰ্মীসকলকো অনাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ  ৰাজ্যসমূহক আহ্বান জনোৱা হয়।

ইফালে, ৰাজ্যই ৰাজ্যই কঠোৰ ভাবে সামাজিক ব্যৱধানবিধি পালনৰ লগতে লক ডাউন বলবত্ কৰাৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে সংশ্লিষ্টসকলে। ভ্ৰাম্যমান শ্ৰমিক আৰু আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ সংস্পৰ্শলৈ অহা সাম্ভাব্যসকলৰ ক্ষেত্ৰত বিশেষ অনুসন্ধান অভিযানো অব্যাহত ৰখাৰ বিষয়ে প্ৰধানমন্ত্ৰীক জানিবলৈ দিয়া হয়। আশ্ৰয় শিবিৰসমূহত থকা নাগৰিসকলক পৰ্যাপ্ত ভাবে মানসিক-সামাজিক সহযোগিতা নিশ্চিত কৰাৰ লগতে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ যোগানো অব্যাহত ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। কভিড-১৯ আক্ৰান্তসকলৰ বাবে আচুতীয়াকৈ সাজু কৰা হাস্পটাল, আইচিইউ, কোৱাৰেণ্টাইন ব্যৱস্থা, ভেণ্টিলেটৰ আৰু পাৰ্ছনেল প্ৰটেকশ্যন কিট আদিৰ প্ৰস্তুতি, অগ্ৰগতি আৰু পৰ্যাপ্ততা সম্পৰ্কেও ৰাজ্যসমূহে খটিয়ান দাঙি ধৰে।

ভুৱা বা-বাতৰিৰে অপপ্ৰচাৰ চলাই সমাজক ভিতিগ্ৰস্ত কৰাত লিপ্ত হোৱাসকলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত প্ৰভাৱশালী পদক্ষেপ গ্ৰহণৰ বাবে ৰাজ্যসমূহক নিৰ্দেশ দিয়া হয়।

ভিড-১৯ আক্ৰান্তসকলৰ ডায়েলেচিচ সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এলানি নিৰ্দেশনাৱলী প্ৰকাশ কৰিছে। এইলানি বিধি-নিৰ্দেশনা www.mohfw.gov.in ত উপলব্ধ হব।

সেইদৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে নেশ্যনেল ইনষ্টিটিউট অব মেণ্টেল হেল্থ এণ্ড নিউৰো-ছায়েন্স(এনএইএমএইচএএনএছ)ৰ সহযোগত কভিড-১৯ৰ প্ৰদুৰ্ভাবত সৃষ্টি হোৱা পৰিবেশত বৃদ্ধ আৰু শিশুসকলে প্ৰদৰ্শন কৰা উদ্বিগ্নতা প্ৰশমণৰ বাবে পালন কৰিব পৰা এলানি সাধাৰণ ৰাজহুৱা পদক্ষেপৰ পৰামৰ্শ আগবঢ়াইছে। এই পৰামৰ্শাৱলী www.mohfw.gov.in/পলব্ধ হব। আনহাতে যিকোনো আচৰণগত-স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ সমাধান বিচাৰিবৰ বাবেও এক হেল্পলাইন সেৱা মুকলি কৰা হৈছে। মাচুল বিহীন ফোন নম্বৰ 08046110007’ ৰ জৰিয়তে সংশ্লিষ্টসকলোৱে এই সেৱা গ্ৰহণ কৰিব পাৰিব।

প্ৰতিবেদন যুগুতোৱা সময়লৈকে দেশত ১৯৬৫ গৰাকী ব্যক্তি কৰোনা আক্ৰান্ত বুলি নিশ্চিত কৰাৰ বিপৰীতে ৫০গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে। ইফালে যোৱা ২৪ ঘণ্টাত ৩২৮ গৰাকী ব্যক্তি নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য পোৱাৰ বিপৰীতে ১২গৰাকী লোকৰ মৃত্যু হৈছে। অৱশ্যে এই সময়চোৱাত সুস্থ হৈ উঠা ১৫১ গৰাকী ব্যক্তিক হাস্পটালৰ পৰা ঘৰলৈ যোৱা অনুমতি প্ৰদান কৰা হৈছে।

ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰসংগ, বিধি-নিৰ্দেশনা তথা পৰামৰ্শাৱলী সম্পৰ্কীয় সকলো সত্য আৰু শেহতীয়া তথ্যৰ বাবে নিয়মীয়াকৈ ভিজিত কৰক https://www.mohfw.gov.in/.

ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰসংগৰ বাবে technicalquery.covid19[at]gov[dot]in আৰু অন্যান্য প্ৰসংগৰ সমাধান বিচাৰি ncov2019[at]gov[dot]in . লৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব।

আন যিকোনো সমস্যা সম্পৰ্কত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ হেল্প লাইন নম্বৰ +91-11-23978046  অথবা 1075 (মাচুল বিহীন) লৈ প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আনহাতে বিভিন্ন ৰাজ্যৰ কভিড-১৯ সংক্ৰান্তীয় তথ্যৰ বাবে থকা হেল্প লাইন নম্বৰৰ তালিকা উপলব্ধ হhttps://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত।

 

*****

MV/KB



(Release ID: 1610494) Visitor Counter : 190