স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড – ১৯ : শেহতীয়া স্থিতি

Posted On: 01 APR 2020 5:37PM by PIB Guwahati

দেশত ক’ভিড-১৯ ৰ প্ৰতিৰোধ, নিৰাময় আৰু সঠিক ব্যৱস্থাপনাৰ সামগ্ৰিক দিশবোৰৰ ওপৰত দেশৰ উৰ্ধ্বতন কৰ্তৃপক্ষই চোকা নজৰ ৰাখিছে আৰু ইতিমধ্যেই ৰাজ্য চৰকাৰসমূহৰ সহযোগত বিভিন্ন কাৰ্য আৰম্ভ কৰাও হৈছে

কেবিনেট সচিবে ইতিমধ্যেই দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলক লকডাউন সৰ্বাত্মকভাৱে সুনিশ্চিত কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰব্ৰজনকাৰী কৰ্মী বা শ্ৰমিকসকলৰ সৈতে সমন্বয় ৰক্ষা কৰা আৰু তেওঁলোকৰ পৰিস্থিতি পৰিচালনা কৰাৰ বাবে নিৰ্দেশ দিছে। তেওঁলোকে  আস্ৰয়গ্ৰহণ কৰা ঠাইত বা কোৰেণ্টাইন হৈ থকা ঠাইত খাদ্য, পানী, ঔষধ যোগান আৰু অনাময়ৰ সুব্যৱস্থা কৰি দিয়াৰ বাবেও ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিছে কেবিনেট সচিবে। কালি এই প্ৰব্ৰজনকাৰী কৰ্মীসকলৰ বাবে সঠিক কোৰেণ্টাইন সুবিধা আৰু মানসিক-সামাজিক দিশবোৰৰ সঠিক গুৰুত্ব প্ৰদানৰ বাবে এক নিৰ্দেশাৱলী প্ৰকাশ কৰিছিল কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে। এই নিৰ্দেশাৱলী এই লিংকত চাব পাৰিব https://www.mohfw.gov.in/pdf/RevisedPsychosocialissuesofmigrantsCOVID19.pdf.

সন্মানীয় উচ্চতম ন্যায়ালয়ৰ অধীনত ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিয়া হৈছে যে এই প্ৰব্ৰজনকাৰী কৰ্মীসকল বসবাস কৰা সাহায্য শিবিৰলৈ গৈ প্ৰশিক্ষিত পৰামৰ্শদাতা আৰু/বা সমাজৰ সকলো ধৰ্মাৱলম্বী নেতৃস্থানীয় ব্যক্তিসকলে মানসিক-সামাজিকভাৱে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব। কাৰিকৰী অনুসন্ধানৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি স্বাস্থ্য মন্ত্ৰালয়ে এক ইমেইল আগবঢ়াইছে (technicalquery.covid19[at]gov[dot]in), যিটোৱে কাৰিকৰী প্ৰশ্নাৱলীৰ বাবে নতুন দিল্লীৰ এইমছৰ লেখীয়া প্ৰতিষ্ঠানৰ পৰা অহা যুক্তি আৰু বাস্তৱসন্মত তথ্য প্ৰদান কৰিব। উল্লেখ্য যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৱেবছাইটত সকলোধৰণৰ কাৰিকৰী নিৰ্দেশাৱলী উপলব্ধ হৈছে (https://www.mohfw.gov.in/). ইফালে কিছু কিছু সময়ত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰশ্নাৱলীৰ বাবে এক টোলফ্ৰী নম্বৰ (1075) আৰু এটা হেল্পলাইন ইমেইল আইডি (ncov2019[at]gov[dot]in) ও সাজু কৰা হৈছে।

ইয়াৰ উপৰিও, নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি চমুকৈ এনপিপিএ-ই জাননী জাৰি কৰিছে যে চিকিৎসা সঁজুলিৰ আটাইকেইটা শ্ৰেণী অৰ্থাৎ সমস্ত ২৪ টা শ্ৰেণীকেই মানদণ্ড নিয়ন্ত্ৰণ আৰু মূল্য তদাৰকীৰ বাবে ১ এপ্ৰিল, ২০২০ তাৰিখৰ পৰা ড্ৰাগ (মূল্য নিয়ন্ত্ৰণ) নিৰ্দেশ, ২০১৩ৰ ধাৰা অনুসৰি ‘ড্ৰাগছ’ বা ঔষধ হিচাপে গণ্য কৰা হ’ব, ইয়াৰ দ্বাৰা এইটো সুনিশ্চিত কৰা হ’ব যে কোনো উৎপাদকে বিগত ১২ মাহত সৰ্বাধিক খুচুৰা মূল্যৰ ১০ শতাংশতকৈ অধিক মূল্য বৃদ্ধি কৰিব নোৱাৰে।

ইফালে আয়ুষ মন্ত্ৰালয়ে প্ৰতিৰোধমূলক চিকিৎসাৰ ক্ষেত্ৰত স্ব-যতন নিৰ্দেশাৱলীৰ বাবে এলানি দিশ আগবঢ়াইছে, যিয়ে ক’ভিড-১৯ ৰ এই সংকটকালত শ্বাসপ্ৰশ্বাসজনিত সমস্যাৰ ক্ষেত্ৰত বিশেষভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব।

উল্লেখ্য যে লকডাউন সম্বন্ধীয় নিৰ্দেশনাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে সামাজিক দূৰত্বৰ দিশটোৰ ওপৰতো আলোকপাত কৰা হৈছে আৰু কোনোধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ বৃহৎ সংখ্যক লোকৰ সমাগম আঁতৰাই চলাৰ বিষয়েও কোৱা হৈছে।

এই পৰ্যন্ত দেশত ১৬৩৭ জন লোক আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে আৰু ৩৮ জন লোকৰ মৃত্যু হৈছে। বিগত ২৪ ঘণ্টাত, ৩৭৬ গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে আৰু ইয়াৰে ৩ গৰাকী লোকৰ মৃত্যু হৈছে। চিকিৎসাৰ পিছত আৰোগ্য লাভ কৰা বাবে চিকিৎসালয়ৰ পৰা ১৩২ গৰাকী লোকক যাবলৈ দিয়া হৈছে।

 

*****

MV/RD


(Release ID: 1610091)