প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আয়ুষ প্রেক্টিচনাৰসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

দেশক সুস্থ কৰি ৰখাত আয়ুষ খণ্ডৰ এক দীৰ্ঘদিনীয়া পৰম্পৰা আছে; ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধতো গুৰুত্বপূৰ্ণ ভূমিকা আছেঃ প্ৰধানমন্ত্ৰী

এই ৰোগৰ পৰা আৰোগ্য লাভৰ ক্ষেত্ৰত আয়ুষৰ অপ্ৰমাণিত দাবীৰ সপক্ষে প্ৰত্যুত্তৰ দিয়াটো গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী

টেলিমেডিচিন মঞ্চৰ সদ্ব্যৱহাৰ কৰি ৰাইজৰ মাজলৈ যাওক আৰু ধাৰাবাহিকভাৱে সজাগতা সৃষ্টি কৰকঃ প্ৰধানমন্ত্ৰী

#YogaAtHomeৰ প্ৰচাৰৰ বাবে আয়ুষ মন্ত্ৰালয়ৰ প্ৰচেষ্টাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 28 MAR 2020 1:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে আয়ুষ খণ্ডৰ একাংশ প্রেক্টিচনাৰৰ সৈতে মত বিনিময় কৰে৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে দেশক সুস্থ কৰি ৰখাত আয়ুষ খণ্ডৰ এক দীৰ্ঘদিনীয়া পৰম্পৰা আছে আৰু ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধতো এই চলিত প্ৰচেষ্টাৱলীৰ বিভিন্ন ধৰণে বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ৷ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ ইমুৰৰ পৰা সিমুৰলৈ তেওঁলোকৰ নেটৱৰ্ক প্ৰসাৰিত হোৱা বুলি উল্লেখ কৰি এই ভাইৰাছবিধৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি কাম কৰি ভাল অনুশীলনৰ বাৰ্তা প্ৰচাৰ কৰাৰ আহ্বান জনায়৷ তেওঁ লগতে আয়ুষ মন্ত্ৰালয়ে এই জটিল সময়ত মনৰ প্ৰশান্তি আৰু শৰীৰৰ শক্তি বৃদ্ধি কৰাৰ বাবে #YogaAtHomeৰ প্ৰচাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰি অহা প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰে৷

 

আয়ুষে এই ৰোগৰ পৰা আৰোগ্য লাভৰ ক্ষেত্ৰত কৰি অহা অপ্ৰমাণিত দাবীৰ সত্যতা প্ৰমাণৰ লগতে ইয়াৰ কাৰণ পৰীক্ষণ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে আয়ুষৰ বিজ্ঞানী, আইচিএমআৰ, চিএছআইআৰ আৰু অন্যান্য গৱেষণা সংস্থাসমূহে একেলগে এই তথ্যভিত্তিক গৱেষণাত সহযোগ কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে দেশৰ সমগ্ৰ স্বাস্থ্যকৰ্মী সাজু থাকিব লাগিব আৰু প্ৰয়োজন হ’লে আয়ুষৰ সৈতে জড়িত ব্যক্তিগত খণ্ডৰ চিকিসকৰো সহায় বিচাৰিব চৰকাৰে৷

প্ৰধানমন্ত্ৰীয়ে আয়ুষৰ ঔষধ প্ৰস্তুতকাৰীসকলক বৰ্তমান সময়ত সৰ্বাধিক চাহিদা থকা ছেনিটাইজাৰৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী উপাদনত তেওঁলোকৰ সম্পদৰাজি ব্যৱহাৰ কৰাৰ পৰামৰ্শ আগবঢ়ায়৷ টেলিমেডিচিনৰ মঞ্চৰ সদ্ব্যৱহাৰ কৰি ৰাইজৰ মাজলৈ যোৱাৰ লগতে ধাৰাবাহিকভাৱে মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সজাগতা সৃষ্টি কৰাৰ বাবে তেওঁলোকক আহ্বান জনায়৷ তেওঁ লগতে মহামাৰীৰ সংক্ৰমণ পূৰ্ণশক্তিৰে ৰোধ কৰাৰ ক্ষেত্ৰত সামাজিক দুৰত্ব বজাই ৰখাৰ গুৰুত্ব সম্পৰ্কেও আলোকপাত কৰে৷

আয়ুষ প্ৰেক্টিচনাৰ সকলে ক’ভিড-১৯ৰ বিৰুদ্ধে দেশে দিয়া যুঁজত দিয়া নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে৷ তেওঁলোকে ৰোগ প্ৰতিৰোধক শক্তি বৃদ্ধিত এই পৰম্পৰাগত অভ্যাসৰ প্ৰভাৱ সম্পৰ্কেও আলোচনা কৰে৷ তেওঁলোকে লগতে লক্ষণাত্মক চিকিসাৰ বাবে গৱেষণাৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ লগতে এই সংকট কালত দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ আগ্ৰহ প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বতে ভাৰতৰ পৰম্পৰাগত ঔষধ আৰু চিকিসা ব্যৱস্থাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰাটো অতি গুৰুত্বপূৰ্ণ৷ তেওঁ আয়ুষ পেক্টিচনাৰসকলক ধাৰাবাহিকভাৱে দেশৰ লোকসকলক সেৱা আগবঢ়াই অহাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত তেওঁলোকৰ পালন কৰিবলগীয়া গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে পুনৰ আলোকপাত কৰে৷

মত বিনিময় অনুষ্ঠানত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী, কেবিনেট সচিব আৰু আয়ুষ মন্ত্ৰালয়ৰ সচিবো উপস্থিত থাকে৷

******

VRRK/KP/DB



(Release ID: 1608868) Visitor Counter : 153