সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

লকডাউনৰ সময়ছোৱাত দিব্যাঙ্গ লোকসকললৈ ন্যূনতম সাহায্য সেৱা নিশ্চিত কৰিবলৈ গৃহ মন্ত্ৰালয়ক আহ্বান দিব্যাঙ্গ সবলীকৰণ বিভাগৰ

Posted On: 28 MAR 2020 12:33PM by PIB Guwahati

সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ দিব্যাঙ্গ সবলীকৰণ দপ্তৰ (DEPwD)-এ সম্প্ৰতি দেশজুৰি চলি থকা লকডাউনৰ সময়ছোৱাত দিব্যাঙ্গসকললৈ ন্যূনতম সাহায্য সেৱা সুনিশ্চিত কৰাৰ বাবে অনুৰোধ জনাইছে।

গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা এখন পত্ৰত দিব্যাঙ্গ সবলীকৰণ দপ্তৰৰ সচিবে কৈছে যে সংকটপূৰ্ণ সময়বোৰত দিব্যাঙ্গসকল যথেষ্ট অসহায় হৈ পৰে। তেওঁলোকৰ দিব্যাঙ্গতাৰ বাবে তেওঁলোকক অবিৰতভাৱে চোৱাচিতা কৰা আৰু সহায় কৰাৰ প্ৰয়োজনীয়তা থাকে। তেওঁলোকৰ ভিতৰত অধিকাংশই নিজৰ দৈনন্দিন কাম-কাজৰ বাবে চোৱা-চিতা কৰা লোক, সহায়ক আৰু অন্যান্য সাহায্য সেৱা প্ৰদান কৰা লোকৰ ওপৰত নিৰ্ভৰশীল হয়। দিব্যাঙ্গ সবলীকৰণ দপ্তৰলৈ এই সময়ছোৱাত দেশৰ বিভিন্ন স্থানৰ পৰা ভালেমান ফোনকল আহিছে আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত দিব্যাঙ্গ লোকসকলক সহায় কৰিবলগীয়া ব্যক্তিসকল সহায় কৰিবলৈ আহিবলৈ সক্ষম হোৱা নাই বুলি জনাইছে, যাৰ বাবে এই লোকসকল যথেষ্ট অসুবিধাৰ সমূখীন হ’বলগীয়া হৈছে। অৱশ্যে সামাজিক দূৰত্ব বজাই ৰখা নিয়মটো যে পূৰ্ণ ৰূপত পালন হোৱাটো অত্যাৱশ্যকীয়, সেয়াও নস্যাৎ কৰা নাই, কিন্তু তাৰ সমান্তৰালকৈ দিব্যাঙ্গ লোকসকললৈ সাহায্য সেৱা সঠিক ৰূপত উপলব্ধ হোৱাটোও সুনিশ্চিত কৰাটোও চৰকাৰৰ দায়িত্ব।

পত্ৰখনত অনুৰোধ কৰা হৈছে যে দিব্যাঙ্গ লোকসকলক চোৱা-চিতা কৰা লোকসকললৈ তৎকালীনভাৱে অগ্ৰাধিকাৰ ভিত্তিত পাছ প্ৰদান কৰিবৰ বাবে ৰাজ্যসমূহক তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত আইন প্ৰণয়নকাৰী বিষয়াসকললৈ নিৰ্দেশ জাৰি কৰিব লাগে। প্ৰয়োজন সাপেক্ষে তৎকালীন সত্যাপনৰ বাবে দিব্যাঙ্গ লোকজনৰ সৈতে জড়িত জিলা বিষয়াৰো সহায় গ্ৰহণ কৰিব পাৰি। স্থানীয় আৰক্ষীকো নিজ নিজ এলেকাত অবিলম্বে দিব্যাঙ্গলোকসকলৰ অনুৰোধ লাভ কৰিবৰ বাবে ব্যাপক প্ৰচাৰ কাৰ্য চলোৱাৰ পৰামৰ্শ দিব পাৰি।

 

*****

NB/SK/Mosj&E/RD



(Release ID: 1608822) Visitor Counter : 88