কেবিনেট

কাপোৰ আৰু প্ৰস্তুত সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত কৰ ৰেহাইৰ ম্যাদ বৃদ্ধিত কেবিনেটৰ অনুমোদন

Posted On: 25 MAR 2020 3:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ৰপ্তানি সামগ্ৰীত শুল্ক আৰু কৰ ৰেহাই আঁচনি (আৰঅ’ডিটিইপি)ৰ সৈতে সমাযোজন ঘটাই ১ এপ্ৰিল, ২০২০ৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্য আৰু কেন্দ্ৰীয় কৰ তথা উপ-কৰ ৰেহাই(আৰঅ’এছচিটিএল)ৰ বাহাল ৰখাত অনুমোদন জনাইছে৷

আৰঅ’ডিটিইপিৰ সৈতে সমাযোজন ঘটাই আৰঅ’এছচিটিএলত বস্ত্ৰ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা আৰু হাৰৰ কোনো সাল-সলনি নকৰাকৈ ১ এপ্ৰিল, ২০২০ৰ পৰা কাৰ্যকৰী হোৱাকৈ সাজ-পাৰ আৰু ইয়াৰ পৰা প্ৰস্তত কৰা সা-সামগ্ৰীৰ ক্ষেত্ৰত আৰঅ’এছচিটিএল অব্যাহত থাকিব৷

বৰ্তমান কোনো ব্যৱস্থাৰ অধীনত ৰেহাই নথকা বস্ত্ৰ খণ্ডক ৩১ মাৰ্চ, ২০২০ৰ পাছত আৰঅ’এছচিটিএলৰ বৰ্তাই ৰাখি সকলো কৰ আৰু উপ-কৰ ৰেহাইৰে প্ৰতিযোগিতামুলক কৰি তোলাৰ আশা আছে৷

*****

PK/AK/DB



(Release ID: 1608213) Visitor Counter : 82