প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ চলাই থকাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰদৰ্শন কৰাৰ বাবে দেশবাসীক প্ৰধানমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন
‘জয়যাত্ৰাৰ আৰম্ভণি এয়া’: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
22 MAR 2020 6:32PM by PIB Guwahati
ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে সাহসিকতাৰে অহৰহ সমূখত থাকি যুদ্ধ কৰা লোকসকলৰ প্ৰতি কৃতজ্ঞতা জনোৱা প্ৰতিগৰাকী দেশবাসীলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ধন্যবাদ জনাইছে। আজি এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে লিখিছে, “ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে আৰম্ভ কৰা যুঁজখনত সাহসিকতাৰে সমূখত থিয় হৈ নেতৃত্ব বহন কৰা প্ৰতিগৰাকী লোককে দেশবাসীয়ে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছে। দেশবাসীক ধন্যবাদ জনাইছো।”
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিশ্বত্ৰাস মহামাৰী ক’ভিড ১৯ৰ বিৰুদ্ধে আৰম্ভ হোৱা দীৰ্ঘকালীন এই যুঁজত দেশৰ জয়যাত্ৰাৰ এয়াই আৰম্ভণি। তেওঁ লগতে দেশবাসীক আহ্বান জনায় যে যিদৰে এতিয়া আছে, ঠিক তেনেদৰেই আগন্তুক দিনতো সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত দেশবাসী অটল থাকে যেন।
(रिलीज़ आईडी: 1608108)
आगंतुक पटल : 202
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam