কেবিনেট

২০১৮-১৯ বৰ্ষৰ স্বদেশ দৰ্শন আঁচনিৰ ১০টা প্ৰকল্পৰ কাম চলাই নিয়াৰ বাবে ৬২৭.৪০ কোটি টকাৰ পুঁজিত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 24 DEC 2019 4:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ২০১৮-১৯ বৰ্ষৰ স্বদেশ দৰ্শন আঁচনিৰ ১০টা প্ৰকল্পৰ কাম চলাই নিয়াৰ বাবে ৬২৭.৪০ কোটি টকা আৰু এই আঁচনি অধীনত ২০১৯-২০ বৰ্ষত নতুন প্ৰকল্পৰ বাবে অতিৰিক্ত ১৮.৫৪.৬৭ কোটি টকা মুকলি কৰিবলৈ অনুমোদন জনাইছে৷

পৰ্যটন মন্ত্ৰালয়ৰ স্বদেশ দৰ্শন আঁচনি হৈছে দেশৰ গুৰুত্বপূৰ্ণ পৰ্যটনৰ আন্তঃগাঁথনি বহনক্ষমভাৱে উন্নীত কৰাৰ লগতে ভাৰতক সামূহিকভাৱে এক বিশ্বমানৰ পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ এক পদক্ষেপ৷

এই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ ব্যৱস্থাই ৰাজহ আহৰণ প্ৰকল্পত ব্যক্তিগত খণ্ডৰ বিনিয়োগ বৃদ্ধি কৰিব, যিটোৱে সামগ্ৰিকভাৱে পৰ্যটকৰ আগমণ বৃদ্ধি কৰাত ইতিবাচক ভূমিকা পালন কৰাৰ লগতে সেই অঞ্চলবোৰত ৰাজহ আৰু সংস্থাপন বৃদ্ধি কৰিব৷

পটভূমিঃ

২০১৪-১৫ৰ বাজেটত ঘোষণা কৰা অনুসৰি পৰ্যটন মন্ত্ৰালয়ে ২০১৫ৰ জানুৱাৰীত স্বদেশ দৰ্শন আঁচনি(কেন্দ্ৰীয় খণ্ডৰ আঁচনি)ৰ শুভাৰম্ভ কৰে৷ এই আঁচনিৰ অধীনত ১৫টা চাৰ্কিট উন্নয়নৰ বাবে নামকৰণ কৰা হয়৷ সেইবোৰ হৈছে-হিমালয়ান চাৰ্কিট, উত্তৰ-পূব চাৰ্কিট, কৃষ্ণ চাৰ্কিট, বৌদ্ধ চাৰ্কিট আৰু উপকূলীয় চাৰ্কিট, মৰুভূমি চাৰ্কিট, জনজাতীয় চাৰ্কিট, ইকচাৰ্কিট, বন্যপ্ৰাণী চাৰ্কিট, গ্ৰামীণ চাৰ্কিট, আধ্যাত্মিক চাৰ্কিট, ৰামায়ণ চাৰ্কিট, ঐতিহাসিক চাৰ্কিট, তীৰ্থংকৰ চাৰ্কিট আৰু ছুফী চাৰ্কিট৷

*****

VRRK/SC/SH/DB


(रिलीज़ आईडी: 1597928) आगंतुक पटल : 116
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Marathi , Punjabi , Gujarati , Tamil , Kannada , Malayalam