কেবিনেট
ভাৰত আৰু থাইলেণ্ডৰ মাজত জ্যোতিৰ্বিদ্যাৰ ক্ষেত্ৰত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন
Posted On:
12 JUN 2019 8:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু থাইলেণ্ডৰ মাজত জ্যোতিৰ্বিদ্যা/জ্যোতিপদাৰ্থবিদ্যা/বায়ুমণ্ডলীয় বিজ্ঞানৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সন্দৰ্ভত অৱগত কৰা হয়৷
এই বুজাবুজি চুক্তিয়ে যুটীয়াভাৱে বৈজ্ঞানিক আন্তঃগাঁথনি ইত্যাদিৰ ব্যৱহাৰেৰে বিজ্ঞানসন্মত বাৰ্তালাপ আৰু প্ৰশিক্ষণ কাৰ্যসূচী বৃদ্ধিৰ জৰিয়তে নতুন বিজ্ঞানসন্মত ফলাফল, মানৱ সম্পদৰ উন্নয়নত অগ্ৰণী ভূমিকা পালন কৰিব৷
২০১৮ৰ নৱেম্বৰত এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হয়৷
******
AKT/AK/DB
(Release ID: 1574366)