57th International Film Festival of India 2026
20 – 28 Nov 2026

মূল্যায়নৰ বাবে কাহিনীৰ মানৱীয় চৰিত্ৰ আৰু গান্ধীবাদী আদৰ্শৰ সৈতে থকা সংহতিক আটাইতকৈ আগত ৰখা বিবেচনা হিচাপে গণ্য কৰা হৈছে: আইচিএফটি-ইউনেস্কো গান্ধী পদক জুৰীৰ সদস্য মনোজ কদম

পোষ্ট কৰা হৈছে: 26 NOV 2026 7:50PMby PIB Guwahatiৰিলিজ আই ডি : 2342395Views: 10

৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ত সন্মানীয় আই চি এফ টি-ইউনেস্কো গান্ধী পদক (ICFT-UNESCO Gandhi Medal)-ৰ বাবে দহখন কাহিনীচিত্ৰ ভিত্তিক পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰই প্ৰতিযোগিতা আগবঢ়াইছে, য’ত শান্তি, সহনশীলতা, সহানুভূতি, সামাজিক ন্যায় আৰু আন্তঃসাংস্কৃতিক সংলাপৰ বিষয়বস্তুসমূহ অন্বেষণ কৰা হৈছে। মহোৎসৱৰ সমান্তৰালকৈ প্ৰেছ ইনফৰমেশ্যন ব্যুৰো (PIB)-ৰ দ্বাৰা আয়োজিত এখন সংবাদমেলত আই চি এফ টি-ইউনেস্কো গান্ধী পদক জুৰীৰ সদস্য শ্ৰী মনোজ কদম আৰু আই এফ এফ আই-ৰ কলাত্মক নিৰ্দেশক শ্ৰী পংকজ ছাক্সেনাই সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে।

সাংবাদিকসলৰ সৈতে কৰা মত বিনিময়ৰ কালত বক্তব্য প্ৰদান কৰি শ্ৰী মনোজ কদমে অৰ্থপূৰ্ণ ধাৰণাসমূহ প্ৰকাশ কৰাৰ আৰু শান্তিৰ সংস্কৃতিক প্ৰসাৰ ঘটোৱাৰ এক মাধ্যম হিচাপে চলচ্চিত্ৰক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিৰ্বাচিত চলচ্চিত্ৰসমূহৰ উমৈহতীয়া দায়বদ্ধতা প্ৰসংগত আলোকপাত কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-26at7.32.07PM_20261126195613_8f5776.jpeg

চলচ্চিত্ৰসমূহ মূল্যাংকন কৰাৰ ক্ষেত্ৰত জুৰীৰ দৃষ্টিভংগী ব্যাখ্যা কৰি কদমে কয় যে আটাইতকৈ আগত ৰখা বিবেচনা আছিল কাহিনীটোৰ মানৱীয় চৰিত্ৰ আৰু গান্ধীৰ আদৰ্শৰ সৈতে ইয়াৰ সামঞ্জস্য, বিশেষকৈ চলচ্চিত্ৰৰ জৰিয়তে অহিংসা আৰু শান্তিৰ প্ৰসাৰ ঘটোৱা। কোনো চলচ্চিত্ৰৰ নান্দনিক আৰু কাৰিকৰী গুণাগুণৰ লগতে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে দিব খোজা বাৰ্তাটো কিমান আন্তৰিকতা আৰু দৃঢ়তাৰে প্ৰকাশ কৰিছে, সেইবোৰো গুৰুত্বপূৰ্ণ বিবেচনা আছিল বুলি তেওঁ কয়।

এই বৰ্ষৰ আই এফ এফ আই-ৰ বিষয়বস্তু ‘Stories Beyond Borders’ (সীমান্তৰ সিপাৰৰ কাহিনী)-ৰ প্ৰসংগ উল্লেখ কৰি তেওঁ পৰ্যবেক্ষণ কৰে যে নিৰ্বাচিত চলচ্চিত্ৰসমূহে দৰ্শকসকলক বিশ্বৰ বিভিন্ন প্ৰান্তলৈ লৈ গৈছে আৰু অপৰিচিত সংস্কৃতি তথা দৃষ্টিভংগীৰ সম্ভেদ দিছে। "প্ৰতিখন চলচ্চিত্ৰৰে নিজস্ব সম্ভাৱনা আৰু নান্দনিক মূল্য আছে। ই সংশ্লিষ্ট দেশখনৰ সামাজিক-অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশসমূহক প্ৰতিফলিত কৰে। যিবোৰ চলচ্চিত্ৰই সমগ্ৰ বিশ্ব ভ্ৰমণ কৰি আছে, সেইবোৰে জ্যুৰীসকলকো তেওঁলোকৰ সংস্কৃতি জানিবলৈ লগত লৈ ফুৰিছে। সেয়াই হৈছে চলচ্চিত্ৰৰ শক্তি, যিয়ে আপোনালোকক বিশ্বৰ সৈতে চিনাকি কৰাই দিয়ে," তেওঁ কয়।

প্ৰতিযোগিতাখনত অংশ লোৱা কেইখনমান চলচ্চিত্ৰৰ কথা উল্লেখ কৰি কদমে ষ্ট্ৰবেৰিজ(Strawberries)-ক মহিলাৰ প্ৰতি অন্যায়ৰ বিৰুদ্ধে সংগ্ৰামৰ চিত্ৰায়ন আৰু মহিলাৰ শক্তিৰ এক সবল স্বীকৃতি হিচাপে অভিহিত কৰে। তেওঁ দি ফল অব দা কুইন (The Fall of the Quee)n-ৰ কথাও আঙুলিয়াই দিয়ে, যিয়ে ঔষধৰ পেটেন্ট আৰু স্বাস্থ্যসেৱালৈ অভিগমনৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰে, আৰু স্ক্ৰল(Scroll)-ৰ কথা উল্লেখ কৰে, যিয়ে যুৱ প্ৰজন্মৰ বাবে এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদানৰ প্ৰয়াস কৰিছে। তেওঁ লক্ষ্য কৰে যে কেইবাখনো চলচ্চিত্ৰই সামাজিক সমস্যাসমূহ চিত্ৰায়ন কৰাতকৈও আগবাঢ়ি গৈ দৰ্শকসকলক কাৰ্যকৰী সমাধানৰ বিষয়ে চিন্তা কৰিবলৈ উৎসাহিত কৰিছে। তেওঁ লগতে মত প্ৰকাশ কৰে যে কেৱল দৰ্শকৰ প্ৰতিক্ৰিয়াই কোনো চলচ্চিত্ৰৰ গুণাগুণ নিৰ্ণয় কৰিব নোৱাৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-26at7.32.19PM_20261126195842_ad48b0.jpeg

সংবাদমেলত বক্তব্য ৰাখি আই এফ এফ আইৰ কলাত্মক নিৰ্দেশক পংকজ ছাক্সেনাই কয় যে সহনশীলতা, শান্তি, বুজাবুজি আৰু আন্তঃসাংস্কৃতিক আদান-প্ৰদানক প্ৰসাৰিত কৰা চলচ্চিত্ৰ নিৰ্বাচনৰ বাবে আই চি এফ টি-ইউনেস্কোৰ কাৰ্যপ্ৰণালীয়ে এক স্পষ্ট কাঠামো প্ৰদান কৰিছে। তেওঁ সমাজ গঢ় দিয়াত চলচ্চিত্ৰৰ দায়িত্বৰ প্ৰসংগতো আলোকপাত কৰে আৰু মাধ্যমটো কেনেদৰে ব্যৱহাৰ কৰা হয় তাৰ ওপৰত নিৰ্ভৰ কৰি চলচ্চিত্ৰসমূহ হিতকৰ আৰু ক্ষতিকাৰক দুয়োটাই হ'ব পাৰে বুলি সতৰ্কবাণী প্ৰদান কৰে।

ছাক্সেনাই লক্ষ্য কৰে যে গ্লোবেল ছাউথ (Global South)-ৰ সমাজসমূহ, বিশেষকৈ দ্ৰুত সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈ যোৱাসমূহে চলচ্চিত্ৰৰ সৃষ্টিশীলতাৰ বাবে উৰ্বৰ ক্ষেত্ৰ প্ৰদান কৰিছে। তেওঁ লগতে কয় যে কেনিয়া, হাইটি আৰু তুৰ্কীৰ দৰে দেশৰ চলচ্চিত্ৰসমূহে দৰ্শকক বিকশিত সামাজিক বাস্তৱতা আৰু সাংস্কৃতিক গতিশীলতাৰ মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-26at7.32.33PM_20261126195813_553a39.jpeg

তেওঁ এই কথাতো গুৰুত্ব আৰোপ কৰে যে চলচ্চিত্ৰ নিৰ্মাতাসকলে সামাজিক সমস্যাৰ সদায় চূড়ান্ত সমাধান দিবই লাগিব বুলি কোনো কথা নাই, কিয়নো প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰা আৰু জনমতক উদ্দীপিত কৰাটোও কলাৰ সমানেই অপৰিহাৰ্য কাৰ্য। "এগৰাকী শিল্পীৰ কাম সমাধান প্ৰদান কৰাও হ'ব পাৰে, অথবা ই মুকলিকৈ এৰি দিয়া প্ৰশ্নও হ'ব পাৰে। এয়া সম্পূৰ্ণভাৱে ঠিক, আৰু আমি দুয়ো ধৰণৰ শিল্পীকেই গুৰুত্ব দিওঁ," তেওঁ কয়।

ভৌগোলিক আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰিবলৈ কাহিনীসমূহক কিহে সক্ষম কৰে—এই প্ৰশ্নৰ উত্তৰত ছাক্সেনাই নান্দনিকতা আৰু প্ৰাসংগিকতা, অৰ্থাৎ ৰূপ আৰু বিষয়বস্তুক অপৰিহাৰ্য উপাদান হিচাপে চিনাক্ত কৰে।

সংবাদমেলখন শ্ৰী মহেশ কুমাৰে পৰিচালনা কৰে।

আই চি এফ টি-ইউনেস্কো গান্ধী পদক-ৰ বিষয়ে

ইউনেস্কোৰ তত্ত্বাৱধানত পেৰিছস্থিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ, টেলিভিছন আৰু শ্ৰব্য-দৃশ্য যোগাযোগ পৰিষদ (ICFT)-ৰ সহযোগত আই এফ এফ আই-ৰ ৪৬ সংখ্যক সংস্কৰণত প্ৰতিষ্ঠা কৰা আই চি এফ টি-ইউনেস্কো গান্ধী পদকে মহাত্মা গান্ধীৰ অহিংসা, সহনশীলতা, আন্তঃসাংস্কৃতিক বুজাবুজি আৰু শান্তিৰ সংস্কৃতিৰ আদৰ্শসমূহ প্ৰতিফলিত কৰা চলচ্চিত্ৰসমূহক স্বীকৃতি দিয়ে। এই বৰ্ষৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত দহখন চলচ্চিত্ৰই (সাতখন আন্তঃৰাষ্ট্ৰীয় আৰু তিনিখন ভাৰতীয়) মানৱীয় সম্পৰ্ক, সামাজিক প্ৰত্যাহ্বান আৰু উমৈহতীয়া মূল্যবোধসমূহ দাঙি ধৰি বিভিন্ন সাংস্কৃতিক পটভূমিৰ কাহিনীসমূহ একত্ৰিত কৰিছে।

Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

* * *

PIB IFFI Team | Rabeehashmi/ LekshmiPriya/ Bibin/ Darshana | IFFI 57 – 111/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2342395
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026