পোষ্ট কৰা হৈছে:
18 NOV 2026 4:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে 'শূন্য সহনশীলতা' নীতিৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে অহা ১৯ নৱেম্বৰ, ২০২৬ তাৰিখে নতুন দিল্লীত দুদিনীয়া 'সন্ত্ৰাসবাদ বিৰোধী সন্মিলন' উদ্বোধন কৰিব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশৰ সামূহিক সঁহাৰি শক্তিশালী কৰাৰ এক নিৰন্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (নিয়া) এই সন্মিলনখনৰ আয়োজন কৰিছে। চলিত বৰ্ষৰ সন্মিলনত 'সীমান্তপাৰৰ সন্ত্ৰাসবাদ' বিষয়বস্তুৰ ওপৰত আলোচনা কৰা হ'ব।
প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই সন্মিলনখনে ক্ৰমান্বয়ে কাৰ্যকৰী বাহিনীসমূহ, সন্ত্ৰাসবাদ বিৰোধী ক্ষেত্ৰত কৰ্মৰত সংস্থাসমূহৰ লগতে কাৰিকৰী, আইনী আৰু ফৰেনছিক ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ এক গুৰুত্বপূৰ্ণ সমাৱেশ হিচাপে পৰিচয় লাভ কৰিছে। এই সন্মিলনখনে সংস্থাসমূহ তথা বাহিনীসমূহক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত বিষয়সমূহ তথা সন্ত্ৰাসবাদৰ পৰা উদ্ভৱ হোৱা ভাবুকিসমূহ সামূহিকভাৱে পৰীক্ষা কৰাৰ এক সুযোগ প্ৰদান কৰে।
'সমগ্ৰ চৰকাৰী দৃষ্টিভংগী' অনুসৰণ কৰি এই সন্মিলনে সকলো অংশীদাৰৰ মাজত সমন্বয় গঢ়ি তোলাত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই সন্মিলনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমন্বিত আৰু ঐক্যবদ্ধ পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ আনুষ্ঠানিক তথা অনানুষ্ঠানিক মাধ্যম স্থাপন কৰাৰ প্ৰয়াস কৰে। এই সন্মিলনৰ উদ্দেশ্য হৈছে ভৱিষ্যতৰ নীতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱা।
সন্মিলনৰ অধিৱেশনসমূহত বিদেশী অধিকাৰ ক্ষেত্ৰৰ পৰা প্ৰমাণ সংগ্ৰহ কৰা, সন্ত্ৰাসবাদ বিৰোধী তদন্তত ডিজিটেল ফৰেনছিক আৰু তথ্য বিশ্লেষণৰ প্ৰয়োগ তথা গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ ফলপ্ৰসূ পৰিচালনাকে ধৰি বিভিন্ন বিষয় আলোচনা কৰা হ’ব। অধিৱেশনসমূহত মৌলবাদ প্ৰতিৰোধ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি উদ্ভৱ হোৱা হাইব্ৰিড ভাবুকিসমূহৰ বিষয়েও সামৰি লোৱা হ’ব। ইয়াৰ উপৰিও, পৰৱৰ্তী অধিৱেশনসমূহত সন্ত্ৰাসবাদী পুঁজি যোগান ধৰা নেটৱৰ্কসমূহ ধ্বংস কৰাৰ ক্ষেত্ৰত জড়িত সঁজুলি, কৌশল আৰু গোচৰৰ অভিজ্ঞতাসমূহৰ লগতে ভৱিষ্যতৰ বাবে সাজু সন্ত্ৰাসবাদ বিৰোধী কৌশল বিকাশ আৰু উদ্ভৱ হোৱা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ প্ৰতিষ্ঠানিক সক্ষমতা শক্তিশালী কৰাৰ বিষয়ে পৰীক্ষা কৰা হ’ব।
এই বছৰ সন্মিলনখনে ৰাজ্যিক আৰক্ষী কৰ্মী আৰু কৰ্মৰত পেছাদাৰীসকলৰ বাবে এক সক্ষমতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচীও আয়োজন কৰিব। অংশগ্ৰহণকাৰীসকলক কেইবাটাও ক্ষেত্ৰত দক্ষ কৰি তোলাৰ বাবে এই কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে। ইয়াৰ ভিতৰত সন্ত্ৰাসবাদী ঘটনাৰ তদন্তত নতুন অপৰাধমূলক আইনসমূহ প্ৰয়োগ কৰা, গোচৰ পৰিচালনাত ডিজিটেল প্ৰমাণৰ ব্যৱহাৰ আৰু বিচাৰৰ কৌশল তথা পৰিচালনা অন্তৰ্ভুক্ত আছে। এই কাৰ্যসূচীত সন্ত্ৰাসবাদী গোচৰৰ তদন্ত সম্পৰ্কীয় বিশেষ বিধানসমূহ, প্ৰতিপক্ষৰ দ্বাৰা উত্থাপিত সাধাৰণ প্ৰত্যাহ্বানসমূহ, সাক্ষীৰ সুৰক্ষা আৰু গোচৰ পৰিচালনা উন্নত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহো সামৰি লোৱা হ’ব।
দুদিনীয়া এই আলোচনাই আইন প্ৰয়োগকাৰী সংস্থাসমূহক তেওঁলোকৰ অভিজ্ঞতা বিনিময় কৰিবলৈ, সন্ত্ৰাসবাদ বিৰোধী বিষয়সমূহ চম্ভালি লোৱাৰ ক্ষেত্ৰত উত্তম পদ্ধতিসমূহ আলোকপাত কৰিবলৈ আৰু সন্ত্ৰাসবাদ সম্পৰ্কীয় তদন্তৰ পৰা লাভ কৰা শিক্ষাসমূহ আহৰণ কৰিবলৈ সক্ষম কৰি তুলিব।
এই সন্মিলনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ জ্যেষ্ঠ আৰক্ষী বিষয়া, সন্ত্ৰাসবাদ বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত কেন্দ্ৰীয় সংস্থা আৰু বিভাগসমূহৰ বিষয়া তথা আইন, ফৰেনছিক আৰু প্ৰযুক্তিবিদ্যাকে ধৰি আনুষংগিক ক্ষেত্ৰসমূহৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিব।
***
RK / RR / PR / PS/DB