পোষ্ট কৰা হৈছে:
18 NOV 2026 9:38AM by PIB Guwahati
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে ২০২৬ চনৰ ২০ নৱেম্বৰত ভূপালস্থিত আই চি এ আৰ -ৰ ৰাষ্ট্ৰীয় উচ্চ নিৰাপত্তাসম্পন্ন পশু ৰোগ প্ৰতিষ্ঠান (আই চি এ আৰ -নিহছাড)-ত ভাৰতৰ প্ৰথমটো থলুৱাভাৱে উদ্ভাৱিত নিষ্ক্ৰিয় 'এইচ ফাইভ এন ওৱান' (Clade 2.3.2.1a) উচ্চ সংক্ৰমণক্ষম পক্ষীজ ইনফ্লুৱেঞ্জা (এইচ পি এল আই) প্ৰতিষেধক ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। ভূপালৰ আই চি এ আৰ -নিহছাড-এ থলুৱাভাৱে উদ্ভাৱন কৰা এই প্ৰতিষেধকবিধ ভাৰতত Clade 2.3.2.1a-ৰ 'এইচ ফাইভ এন ওৱান' এইচ পি এল আই ভাইৰাছৰ বিৰুদ্ধে এই ধৰণৰ প্ৰথমবিধ প্ৰতিষেধক।
পটভূমি
উচ্চ সংক্ৰমণক্ষম পক্ষীজ ইনফ্লুৱেঞ্জা (এইচ পি এছ আই), যাক সাধাৰণতে ‘ বাৰ্ড ফ্লু ' বুলি জনা যায়, কুকুৰাক আক্ৰান্ত কৰা এবিধ গুৰুতৰ ৰোগ। এই ৰোগৰ প্ৰাদুৰ্ভাৱে সংক্ৰমিত চৰাইৰ প্ৰায় ১০০ শতাংশৰ মৃত্যু ঘটাব পাৰে। ফলত বৃহৎ পৰিসৰত চৰাই নিধন আৰু বাণিজ্যৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে কুকুৰা পালকসকল বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ প্ৰভাৱ কেৱল কুকুৰা পালনৰ পামতে সীমাবদ্ধ নহয়; ই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, কুকুৰাৰ পৰা উৎপাদিত সামগ্ৰীৰ মূল্য আৰু কৃষকসকলৰ জীৱিকাৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। ২০০৬ চনত ভাৰতত এই ৰোগ প্ৰথমবাৰৰ বাবে ধৰা পৰাৰ পাছৰে পৰা দেশখনত 'এইচ ফাইভ এন ওৱান' আৰু 'এইচ ফাইভ এন এইট' উপপ্ৰকাৰৰ মুঠ ৫০০ৰো অধিক প্ৰাদুৰ্ভাৱৰ ঘটনা পোহৰলৈ আহিছে।
বাৰ্ড ফ্লুৰ বৃহৎ প্ৰাদুৰ্ভাৱে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ ১.৫ শতাংশ পৰ্যন্ত হ্ৰাস কৰিব পাৰে। আনহাতে, এই ৰোগ নিয়ন্ত্ৰণ নকৰাকৈ বিয়পি পৰিলে দেশৰ ২০ শতাংশতকৈও অধিক হাৰত কুকুৰা বিপদৰ সন্মুখীন হ'ব পাৰে। ২০০৬ চনৰ বাৰ্ড ফ্লুৰ প্ৰাদুৰ্ভাৱৰ ফলত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আনুমানিক ২,২০০ৰ পৰা ৩,০০০ কোটি টকাৰ লোকচান হৈছিল। মণিপুৰত হোৱা এই প্ৰাদুৰ্ভাৱৰ ফলত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনৰ ০.৫ শতাংশৰ সমান পৰিমাণৰ লোকচান হৈছিল। এই ৰোগ জনস্বাস্থ্যৰ বাবেও উদ্বেগৰ কাৰণ। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ২০০৩ চনৰ পৰা ভাৰতকে ধৰি ২৫খন দেশত 'এইচ ফাইভ এন ওৱান' পক্ষীজ ইনফ্লুৱেঞ্জাত আক্ৰান্ত ১,০০৩টা মানৱ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে, যাৰ ভিতৰত ৪৭৯জন আক্ৰান্ত লোকৰ মৃত্যু হৈছে।
ভাইৰাছবিধৰ সন্দৰ্ভত চলোৱা অধ্যয়নসমূহে দেখুৱাইছে যে Clade 2.3.2.1a নামেৰে পৰিচিত 'এইচ ফাইভ এন ওৱান'ৰ প্ৰজাতিটোৱে কুকুৰাৰ ক্ষেত্ৰত হোৱা অধিকাংশ ‘বাৰ্ড ফ্লু’ৰ প্ৰাদুৰ্ভাৱৰ বাবে দায়ী। শেহতীয়াকৈ স্তন্যপায়ী প্ৰাণীকে ধৰি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৰ মাজতো এই প্ৰজাতিৰ ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰ উপৰি মানুহৰ মাজত এই প্ৰজাতিৰ ভাইৰাছৰ তিনিটা সংক্ৰমণৰ ঘটনাও ধৰা পৰিছে। সেয়েহে কুকুৰা পালকসকলৰ আৰ্থিক লোকচান হ্ৰাস কৰাৰ লগতে কুকুৰাৰ পৰা আন জীৱ-জন্তু আৰু মানুহৰ মাজলৈ এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ভাইৰাছবিধৰ বিস্তাৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ।
বৰ্তমানলৈ Clade 2.3.2.1a-ৰ 'এইচ ফাইভ এন ওৱান' ভাইৰাছৰ বিৰুদ্ধে কোনো নিৰ্দিষ্ট বাণিজ্যিক প্ৰতিষেধক উদ্ভাৱন কৰা হোৱা নাই। সেয়েহে ভাৰতৰ বাবে থলুৱাভাৱে উদ্ভাৱিত প্ৰতিষেধক প্ৰস্তুত কৰাটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । (আই চি এ আৰ -নিহছাড)-এ উদ্ভাৱন কৰা এই প্ৰতিষেধকবিধে দেশত প্ৰচলিত Clade 2.3.2.1a 'এইচ ফাইভ এন ওৱান' ভাইৰাছৰ প্ৰজাতিসমূহৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰি এই প্ৰয়োজনীয়তা পূৰণ কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে।
***
SS/MS/UD