স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

যক্ষ্মা নিৰ্মূলৰ দিশত ভাৰতৰ বৃহৎ অগ্ৰগতি: যক্ষ্মাজনিত মৃত্যুৰ হাৰ ৩৮ শতাংশ হ্ৰাস, চিকিৎসা সফলতাৰ হাৰ ৯৪ শতাংশ

ডব্লিউএইচঅ’ৰ গোলকীয় যক্ষ্মা প্ৰতিবেদন ২০২৬-ত যক্ষ্মাজনিত মৃত্যু হ্ৰাস আৰু চিকিৎসাৰ ফলাফল শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য অগ্ৰগতিৰ কথা প্ৰকাশ পাইছে

গোলকীয় পৰ্যায়ত ৩৫ শতাংশ হ্ৰাসৰ তুলনাত ভাৰতত যক্ষ্মাজনিত মৃত্যুৰ হাৰ সৰ্বকালৰ সৰ্বাধিক ৩৮ শতাংশ হ্ৰাস পাইছে

প্ৰধানমন্ত্ৰী মোদীৰ ‘টিবি-মুক্ত ভাৰত’ৰ দৃষ্টিভংগীয়ে আগতীয়া চিনাক্তকৰণ, উন্নত ৰোগ নিৰ্ণয়, পুষ্টিগত সহায় আৰু জন ভাগীদাৰীৰ জৰিয়তে দেশজুৰি পৰিৱৰ্তন আনিছে

‘টিবি মুক্ত ভাৰত অভিযানে’- ২৫ কোটিৰো অধিক লোকক সামৰি লৈছে; ১১ কোটিৰো অধিক বুকুৰ এক্স-ৰে আৰু ৩ কোটি আণৱিক পৰীক্ষা সম্পন্ন কৰা হৈছে

তীক্ষ্ণ স্ক্ৰীণিঙৰ জৰিয়তে ১৪.৯৭ লাখ লক্ষণবিহীন ৰোগীকে ধৰি মুঠ ৪৮.৬৪ লাখ যক্ষ্মা ৰোগী চিনাক্ত কৰা হৈছে

যক্ষ্মা কাৰ্যসূচীৰ ৯৬ শতাংশ পুঁজিৰ প্ৰয়োজনীয়তা ঘৰুৱা সম্পদৰ জৰিয়তে পূৰণ কৰা হৈছে, যিয়ে যক্ষ্মা নিৰ্মূলৰ প্ৰতি ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে

পোষ্ট কৰা হৈছে: 12 NOV 2026 8:40PM by PIB Guwahati

যক্ষ্মা (টিবি)-ৰ বিৰুদ্ধে যুঁজত ভাৰতে এক উল্লেখযোগ্য মাইলৰ খুঁটি দখল কৰিছে। গোলকীয়ভাৱে ৩৫ শতাংশ হ্ৰাসৰ তুলনাত ২০১৫ চনৰ পৰা ভাৰতত যক্ষ্মাজনিত মৃত্যুৰ হাৰ ৩৮ শতাংশ হ্ৰাস পাইছে আৰু ঔষধ-সংবেদনশীল যক্ষ্মা ৰোগীৰ ক্ষেত্ৰত চিকিৎসা সফলতাৰ হাৰ ৯৪ শতাংশলৈ বৃদ্ধি পাইছে। ১২ নৱেম্বৰ, ২০২৬ তাৰিখে প্ৰকাশিত বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউএইচঅ’)-ৰ গোলকীয় যক্ষ্মা প্ৰতিবেদন ২০২৬-ত প্ৰকাশ কৰা এই সাফল্যসমূহে আগতীয়া চিনাক্তকৰণ, সময়মতে চিকিৎসা, প্ৰযুক্তিগত উদ্ভাৱন আৰু সামগ্ৰিক ৰোগী সেৱাৰ জৰিয়তে যক্ষ্মা নিৰ্মূলৰ দিশত ভাৰতৰ নিৰন্তৰ অগ্ৰগতিক প্ৰতিফলিত কৰিছে।

যক্ষ্মাজনিত মৃত্যুৰ হাৰ হ্ৰাস পোৱাটোৱে যক্ষ্মা সম্পৰ্কীয় মৃত্যু কমোৱাৰ ক্ষেত্ৰত দেশখনৰ শক্তিশালী পাৰদৰ্শিতাক সূচায়। এই অগ্ৰগতিয়ে ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী (এনটিইপি)-ৰ অধীনত গ্ৰহণ কৰা তীব্ৰ পদক্ষেপসমূহৰ প্ৰভাৱক প্ৰতিফলিত কৰিছে, যাৰ ভিতৰত এআই-সক্ষম এক্স-ৰেৰ ব্যৱহাৰকে ধৰি সক্ৰিয়ভাৱে ৰোগী চিনাক্তকৰণ, দ্ৰুত ৰোগ নিৰ্ণয়, ক্ষিপ্ৰ চিকিৎসা আৰম্ভণি, পৃথক যক্ষ্মা সেৱা, আৰু নি-ক্ষয় পোষণ যোজনা তথা নি-ক্ষয় মিত্ৰ পদক্ষেপৰ জৰিয়তে পুষ্টিগত সহায় অন্তৰ্ভুক্ত আছে। এই পদক্ষেপসমূহক হটস্পট চিনাক্তকৰণ, বিৰূপ ফলাফলৰ আশংকা থকা উচ্চ-বিপদাপন্ন যক্ষ্মা ৰোগীৰ পূৰ্বানুমান, খুশী - এআই চেটবট আৰু অৱতাৰ ভিডিঅ’বট আদিৰ দৰে এআই সঁজুলিসমূহে সমৰ্থন আগবঢ়াইছে।

৯৪ শতাংশৰ উচ্চ চিকিৎসা সফলতাৰ হাৰে ভাৰতৰ ৰোগী-কেন্দ্ৰিক দৃষ্টিভংগী, শক্তিশালী চিকিৎসা সেৱা প্ৰদান আৰু যক্ষ্মা আক্ৰান্ত লোকসকলৰ প্ৰতি থকা নিৰন্তৰ সমৰ্থনৰ ফলপ্ৰসূতাক অধিক স্পষ্টকৈ প্ৰমাণ কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত যক্ষ্মাৰ বিৰুদ্ধে ভাৰতৰ যুঁজখনে এক দেশজোৰা জন আন্দোলনৰ ৰূপ লৈছে, যিয়ে ‘টিবি-মুক্ত ভাৰত’ গঢ়ি তোলাৰ লক্ষ্যৰে চৰকাৰী প্ৰতিষ্ঠান, স্বাস্থ্যসেৱা পেছাদাৰী, সমাজ আৰু নাগৰিকসকলক একত্ৰিত কৰিছে। প্ৰধানমন্ত্ৰীৰ জন ভাগীদাৰীৰ গুৰুত্বৰ দ্বাৰা পৰিচালিত হৈ ‘টিবি মুক্ত ভাৰত অভিযান’-এ সমাজ-ভিত্তিক স্ক্ৰীণিং, এআই-সক্ষম বুকুৰ এক্স-ৰে, দ্ৰুত আণৱিক ৰোগ নিৰ্ণয়, যক্ষ্মা প্ৰতিৰোধমূলক চিকিৎসা আৰু পুষ্টিগত সহায় ত্বৰান্বিত কৰি দুৰ্বল জনগোষ্ঠীসমূহৰ অধিক ওচৰলৈ অত্যাৱশ্যকীয় সেৱাসমূহ লৈ গৈছে।

যক্ষ্মা কাৰ্যসূচীৰ ৯৬ শতাংশ পুঁজিৰ প্ৰয়োজনীয়তা ঘৰুৱা সম্পদৰ জৰিয়তে পূৰণ হোৱাটোৱে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক অধিক দৃঢ়ভাৱে প্ৰতিফলিত কৰিছে, যিয়ে নিৰন্তৰ ৰাষ্ট্ৰীয় বিনিয়োগ, দৃঢ় ৰাজনৈতিক প্ৰতিশ্ৰুতিবদ্ধতা আৰু যক্ষ্মা নিৰ্মূলৰ ক্ষেত্ৰত সমগ্ৰ চৰকাৰ তথা সমগ্ৰ সমাজৰ দৃষ্টিভংগীক প্ৰদৰ্শন কৰে।

টিবি মুক্ত ভাৰত অভিযান: ২৫ কোটিৰো অধিক লোকক তীক্ষ্ণ স্ক্ৰীণিঙৰ আওতালৈ অনা হৈছে

সক্ৰিয় স্ক্ৰীণিং, প্ৰযুক্তি-সক্ষম ৰোগ নিৰ্ণয় আৰু সামূহিক প্ৰসাৰৰ জৰিয়তে যক্ষ্মা চিনাক্তকৰণৰ পদ্ধতিত আমূল পৰিৱৰ্তন আনি ‘টিবি মুক্ত ভাৰত অভিযানে’ যক্ষ্মা নিৰ্মূলৰ ক্ষেত্ৰত ভাৰতৰ দ্ৰুত প্ৰচেষ্টাৰ এক মুখ্য চালিকা শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।

২০২৪ চনৰ ৭ ডিচেম্বৰত ৩৩খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৩৪৭খন উচ্চ-অগ্ৰাধিকাৰপ্ৰাপ্ত জিলাত আৰম্ভ কৰা প্ৰথমটো ১০০ দিনীয়া তীক্ষ্ণ অভিযান পাছলৈ বিশেষকৈ দুৰ্বল আৰু উচ্চ-বিপদাপন্ন জনগোষ্ঠীসমূহৰ মাজত আগতীয়া চিনাক্তকৰণ শক্তিশালী কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশলৈ সম্প্ৰসাৰিত কৰা হয়। সেই অভিজ্ঞতা আৰু গতিশীলতাৰ ওপৰত ভিত্তি কৰি চৰকাৰে ২০২৬ চনৰ ২৪ মাৰ্চত ১.৫৮ লাখ উচ্চ-বিপদাপন্ন গাঁও আৰু ৱাৰ্ড, জনসমাগমস্থলী তথা দুৰ্বল জনগোষ্ঠীসমূহৰ মাজত যক্ষ্মা স্ক্ৰীণিঙৰ ওপৰত গুৰুত্ব আৰোপ কৰি আন এক ১০০ দিনীয়া তীক্ষ্ণ অভিযান আৰম্ভ কৰে।

২০২৪ চনৰ ৭ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ৮ নৱেম্বৰৰ ভিতৰত এই অভিযানটোৱে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে:

  • ২৫ কোটিৰো অধিক লোকক চিনাক্ত কৰি যক্ষ্মা স্ক্ৰীণিং কাৰ্যকলাপৰ আওতালৈ অনা হৈছে।
  • আগতীয়া চিনাক্তকৰণ শক্তিশালী কৰাৰ বাবে ১১ কোটিৰো অধিক বুকুৰ এক্স-ৰে সম্পন্ন কৰা হৈছে।
  • দ্ৰুত আৰু সঠিক ৰোগ নিৰ্ণয়ৰ বাবে ৩ কোটিৰো অধিক নিউক্লিক এচিড এম্প্লিফিকেচন টেষ্ট (এনএএটি) কৰা হৈছে।
  • ১৪.৯৭ লাখ লক্ষণবিহীন ৰোগীকে ধৰি মুঠ ৪৮.৬৪ লাখ নতুন যক্ষ্মা ৰোগী চিনাক্ত কৰা হৈছে।

প্ৰায় ১৫ লাখ লক্ষণবিহীন ৰোগী চিনাক্ত হোৱাটো বিশেষভাৱে তাৎপৰ্যপূৰ্ণ, যিয়ে অন্যথা চিনাক্ত নোহোৱাকৈ থাকিব পৰা ব্যক্তিসকলক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সক্ৰিয় স্ক্ৰীণিঙৰ ফলপ্ৰসূতাক প্ৰমাণ কৰিছে। আগতীয়া চিনাক্তকৰণে সময়মতে চিকিৎসা আৰম্ভ কৰাত সহায় কৰে আৰু যক্ষ্মা সংক্ৰমণ হ্ৰাস কৰাৰ লগতে জটিল ৰোগ প্ৰতিৰোধ কৰাৰ সুযোগ প্ৰদান কৰে।

এই অভিযানে চিকিৎসাৰ ফলাফল উন্নত কৰাৰ বাবে ক্ষিপ্ৰ চিকিৎসা আৰম্ভ, পৃথক ৰোগী সেৱা, পুষ্টিগত সাহায্য আৰু নিৰন্তৰ সমাজ-ভিত্তিক সমৰ্থনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। এই প্ৰচেষ্টাসমূহৰ ফলস্বৰূপে ২০২৫ চনত ৬৭,৯৩৩খন পঞ্চায়তক যক্ষ্মা মুক্ত বুলি ঘোষণা কৰা হৈছে।

যক্ষ্মা নিৰ্ণয় আৰু সেৱাত পৰিৱৰ্তন অনা প্ৰযুক্তি আৰু উদ্ভাৱন

যক্ষ্মা স্ক্ৰীণিং আৰু ৰোগ নিৰ্ণয়ক অধিক দ্ৰুত, সঠিক আৰু সুলভ কৰি তুলিবলৈ ভাৰতে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ ক্ৰমাৎ বৃদ্ধি কৰিছে।

প’ৰ্টেবল এআই-সক্ষম ডিজিটেল এক্স-ৰেৰ প্ৰয়োগ, এনএএটি-কে ধৰি দ্ৰুত আণৱিক ৰোগ নিৰ্ণয় প্ৰযুক্তিৰ সম্প্ৰসাৰণ আৰু ৰোগ নিৰ্ণয় আন্তঃগাঁথনিৰ শক্তিশালীকৰণে বিভিন্ন ভৌগোলিক তথা সামাজিক পৰিৱেশৰ জনসাধাৰণৰ কাষ চাপিবলৈ কাৰ্যসূচীটোৰ সামৰ্থ্য যথেষ্ট বৃদ্ধি কৰিছে।

নিক্ষয় (Ni-kshay) ডিজিটেল প্লেটফৰ্মে ৰোগীৰ গতিবিধি নিৰীক্ষণ (ট্ৰেকিং), চিকিৎসাৰ তদাৰক আৰু কাৰ্যসূচী পৰিচালনাত সহায় কৰে, যাৰ ফলত চিকিৎসাৰ ধাৰাবাহিকতা আৰু সময়মতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো অধিক শক্তিশালী হৈছে।

যক্ষ্মা (TB) ৰোগৰ পৰীক্ষাৰ সৈতে মধুমেহ (ডায়েবেটিছ), পুষ্টিহীনতা আৰু অন্যান্য আনুষংগিক ৰোগ চিনাক্তকৰণ তথা পৰিচালনাৰ সংযোগ সাধনে সামগ্ৰিক আৰু ৰোগী-কেন্দ্ৰিক চিকিৎসাক অধিক কাৰ্যকৰী কৰি তুলিছে।

ভাৰতৰ যক্ষ্মা বিৰোধী অভিযানত পুষ্টিগত সাহায্য এক মূল স্তম্ভ হৈ আছে। নিক্ষয় পোষণ যোজনাৰ অধীনত যোগ্য ৰোগীসকলে চিকিৎসা চলি থকা অৱস্থাত পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আৰ্থিক সাহায্য লাভ কৰে। আনহাতে, নিক্ষয় মিত্ৰ পদক্ষেপে ৰোগীসকলক পুষ্টিগত আৰু মানসিক-সামাজিক (ছাইক’ছ’চিয়েল) সমৰ্থন আগবঢ়াবলৈ ব্যক্তি, প্ৰতিষ্ঠান আৰু সংগঠনসমূহক একত্ৰিত কৰে।

উন্নত ৰোগ নিৰ্ণয় ব্যৱস্থা আৰু ৰোগীৰ নিয়মীয়া অনুসৰণৰ (ফল’-আপ) সৈতে এই পদক্ষেপসমূহে মিলি চিকিৎসাৰ উন্নত ফলাফল আৰু যক্ষ্মাজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাত অৰিহণা যোগাইছে।

 

শক্তিশালী বৈজ্ঞানিক নিৰীক্ষণ আৰু প্ৰমাণৰ দ্বাৰা সমৰ্থিত ভাৰতৰ যক্ষ্মা অগ্ৰগতি

ভাৰতৰ সাফল্যসমূহ শক্তিশালী মহামাৰী বিজ্ঞানভিত্তিক নিৰীক্ষণ, বৈজ্ঞানিক গৱেষণা আৰু প্ৰমাণ-ভিত্তিক যক্ষ্মা আকলনৰ দ্বাৰাও সমৰ্থিত।

ডব্লিউএইচঅ’ গোলকীয় যক্ষ্মা প্ৰতিবেদন ২০২৬-ত যক্ষ্মাজনিত মৃত্যুৰ আকলন শক্তিশালী কৰিবলৈ ভাৰতৰ মহাপঞ্জীয়কৰ নমুনা পঞ্জীয়ন ব্যৱস্থা (আৰজিআই/এছআৰএছ), সমাজ-ভিত্তিক মৌখিক মৰণোত্তৰ মূল্যায়ন আৰু নি-ক্ষয় প’ৰ্টেলৰ কাৰ্যসূচীগত তথ্যকে ধৰি একাধিক পৰিপূৰক উৎসৰ প্ৰমাণ অন্তৰ্ভুক্ত কৰা হৈছে।

এই মূল্যায়নসমূহৰ ভিত্তিত, প্ৰতিবেদনখনত ভাৰতৰ আনুমানিক যক্ষ্মা (টিবি) মৃত্যু হাৰ ৩৮% হ্ৰাস হোৱা বুলি নথিভুক্ত কৰা হৈছে, য’ত ২০১৫ চনত প্ৰতি লাখ জনসংখ্যাত ২৮ জনৰ পৰা হ্ৰাস পাই ২০২৫ চনত প্ৰতি লাখ জনসংখ্যাত ১৮ জন হৈছেহি। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ-ৰাষ্ট্ৰীয় যক্ষ্মা গৱেষণা প্ৰতিষ্ঠান (ICMR-NIRT)-এ ২০২৫ চনত সমগ্ৰ দেশক প্ৰতিনিধিত্ব কৰা এক যক্ষ্মা প্ৰাদুৰ্ভাৱৰ জৰীপ চলাইছিল, যিটো বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ সৈতে বিনিময় কৰা হৈছে আৰু বৰ্তমান কাৰিকৰী আলোচনা চলি আছে; ইয়াৰ পিছত বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ বাবে এটা সংশোধিত দেশভিত্তিক প্ৰফাইল প্ৰকাশ কৰিব।

 

জন ভাগীদাৰী: যক্ষ্মা নিৰ্মূলত এক জন আন্দোলন

ভাৰতৰ যক্ষ্মা নিৰ্মূল প্ৰচেষ্টাৰ এক অন্যতম বৈশিষ্ট্য হৈছে ৰাষ্ট্ৰীয় মিছনত সক্ৰিয় অংশীদাৰ হিচাপে সমাজ আৰু প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰা।

পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় নিকায়, নিৰ্বাচিত প্ৰতিনিধি, নাগৰিক সমাজৰ সংগঠন, ব্যক্তিগত খণ্ডৰ স্বাস্থ্যসেৱা প্ৰদানকাৰী, কৰ্প’ৰেট অংশীদাৰ আৰু সমাজৰ নেতাসকলৰ অংশগ্ৰহণে তৃণমূল পৰ্যায়ত সজাগতা, স্ক্ৰীণিং, পুষ্টিগত সাহায্য আৰু ৰোগীৰ সমৰ্থন শক্তিশালী কৰি তুলিছে।

নি-ক্ষয় মিত্ৰ পদক্ষেপে যক্ষ্মা (TB) চিকিৎসাধীন লোকসকলৰ আৰোগ্য আৰু কল্যাণৰ বাবে পোনপটীয়াকৈ অৱদান আগবঢ়াবলৈ নাগৰিক আৰু প্ৰতিষ্ঠানসমূহক অধিক উৎসাহিত কৰিছে, যিয়ে যৌথ দায়িত্ববোধক অধিক শক্তিশালী কৰি তুলিছে।

এই গতিশীলতাৰ ওপৰত ভিত্তি কৰি, 'যোশ টিম' (JOSH Teams) পদক্ষেপে যক্ষ্মা নিৰ্মূল আন্দোলনত যুৱচামৰ অধিক অংশগ্ৰহণ কঢ়িয়াই আনিছে। নিৰ্দিষ্ট প্ৰথম শ্ৰেণীৰ (Class-I) বিষয়াৰ নেতৃত্বত তথা পাঁচজন এন.চি.চি. (NCC) কেডেট আৰু পাঁচজন 'মাই ভাৰত' (MY Bharat) স্বেচ্ছাসেৱকৰ সহযোগত ব্লক আৰু ৱাৰ্ড পৰ্যায়ত এই দলসমূহ গঠন কৰা হৈছে।

সজাগতা সৃষ্টি, সমাজৰ সৈতে পোনপটীয়া যোগাযোগ আৰু জনসাধাৰণক একত্ৰিত কৰাৰ জৰিয়তে, 'যোশ টিম'সমূহে তৃণমূল পৰ্যায়ত জনসাধাৰণৰ অংশগ্ৰহণ শক্তিশালী কৰাত আৰু এক 'যক্ষ্মা-মুক্ত ভাৰত' (TB-Mukt Bharat)ৰ দৃষ্টিভংগী আগবঢ়াই নিয়াত সহায় কৰিছে।

 

টিবি-মুক্ত ভাৰতৰ দিশত গতিশীলতা অব্যাহত ৰখা

ডব্লিউএইচঅ’ গোলকীয় যক্ষ্মা প্ৰতিবেদন ২০২৬-ত আলোকপাত কৰা সাফল্যসমূহে জনস্বাস্থ্য, প্ৰযুক্তিগত উদ্ভাৱন, বৈজ্ঞানিক নিৰীক্ষণ আৰু সমাজ-পৰিচালিত পদক্ষেপসমূহত ভাৰতৰ নিৰন্তৰ বিনিয়োগকে প্ৰতিফলিত কৰিছে।

যক্ষ্মাজনিত মৃত্যুৰ হাৰ ৩৮ শতাংশ হ্ৰাস, চিকিৎসা সফলতাৰ হাৰ ৯৪ শতাংশ আৰু ‘টিবি মুক্ত ভাৰত অভিযান’-ৰ অধীনত অভূতপূৰ্ব হাৰত সম্পন্ন হোৱা স্ক্ৰীণিঙে যক্ষ্মা নিৰ্মূলৰ দিশত ভাৰতৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি চিহ্নিত কৰিছে।

চৰকাৰে তীব্ৰতৰ পৰীক্ষা (স্ক্ৰীনিং), উন্নত মানৰ ৰোগ নিৰ্ণয় ব্যৱস্থাৰ সম্প্ৰসাৰিত সুবিধা, তৎকালীন আৰু ফলপ্ৰসূ চিকিৎসা, যক্ষ্মা প্ৰতিৰোধমূলক চিকিৎসা, পুষ্টিকৰ খাদ্যৰ সহায় আৰু সমাজৰ সৈতে অধিক গভীৰ সম্পৃক্ততাৰ জৰিয়তে এই সফলতাসমূহক আগবঢ়াই নিয়াৰ ধাৰা অব্যাহত ৰাখিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ডব্লিউএইচঅ’, গৱেষণা প্ৰতিষ্ঠান, ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল, উন্নয়নমূলক অংশীদাৰ তথা সমাজৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে কাম কৰি গোলকীয় যক্ষ্মা লক্ষ্যসমূহৰ দিশত অগ্ৰগতি ত্বৰান্বিত কৰিবলৈ আৰু ‘টিবি-মুক্ত ভাৰত’ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ ভাৰত দৃঢ়প্ৰতিজ্ঞ।

টিবি হাৰেগা, দেশ জিতেগা!

 

*****

SR/MM


(ৰিলিজ আই ডি : 2335705) অতিথি কক্ষ : 12