পোষ্ট কৰা হৈছে:
12 NOV 2026 12:59PM by PIB Guwahati
গোৱাত অনুষ্ঠিত হ’বলগীয়া ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই )-ৰ সমান্তৰালকৈ আয়োজিত 'ৱেভছ বজাৰ'ৰ 'ৱেভএক্স ষ্টাৰ্টআপ পেভিলিয়ন'ৰ বাবে পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ আৰু প্ৰদৰ্শনীৰ বিথিকাৰ আৰক্ষণ কৰিবলৈ যোগ্য ষ্টাৰ্টআপসমূলৈ অন্তিম বাৰ্ত্তা প্ৰেৰণ কৰিছে তথ্য আৰু সম্প্রচাৰ মন্ত্ৰালয়ে। পঞ্জীয়নৰ সময়সীমা কাইলৈ অৰ্থাৎ ২০২৬ চনৰ ১৩ নৱেম্বৰত অন্ত পৰিব।
মন্ত্ৰালয়ৰ ধ্বজাবাহী ষ্টাৰ্টআপ এক্সেলেৰেটৰ উদ্যোগ 'ৱেভএক্স'ৰ অধীনত চলচ্চিত্ৰ, সংবাদ মাধ্যম আৰু ইয়াৰ সৈতে জড়িত প্ৰযুক্তি খণ্ড যেনে, এনিমেশ্যন, ভিজুৱেল ইফেক্টছ, গে’মিং, কমিকছ আৰু এক্সটেণ্ডেড ৰিয়েলিটী (এভিজিচি-এক্সআৰ)ত কাম কৰি থকা ডিপিআইআইটি-পঞ্জীভুক্ত ষ্টাৰ্টআপসমূহক এই অনুষ্ঠানত তেওঁলোকে নিৰ্মাণ কৰা সামগ্ৰী, প্ৰযুক্তি আৰু উদ্ভাৱনীমূলক সমাধানসমূহ প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।
ৱেভএক্স ষ্টাৰ্টআপ পেভিলিয়নে নিৰ্বাচিত ষ্টাৰ্টআপসমূহক 'ৱেভছ বজাৰ'ত তেওঁলোকৰ উদ্ভাৱন প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰিব। এয়া হৈছে এক প্ৰধান নেটৱৰ্কিং কেন্দ্ৰ যিয়ে বিশ্বৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ আগশাৰীৰ অংশীদাৰসকলৰ পৰা যথেষ্ট জনসমাগম আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে। তদুপৰি ষ্টাৰ্টআপসমূহে দেশী আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিৰ্মাতা, নিৰ্মাণ সংস্থা, ষ্টুডিঅ' আৰু বিনিয়োগকাৰীসকলৰ সৈতে মত-বিনিময় কৰাৰ সুযোগ লাভ কৰিব, যিয়ে সহযোগিতা আৰু ব্যৱসায়িক অংশীদাৰিত্বৰ পথ প্ৰশস্ত কৰিব।
২০২৬ চনৰ ২০ৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত ৫৭ সংখ্যক আইএফএফআই অনুষ্ঠিত হ’ব, আনহাতে ৱেভছ বজাৰ-ৰ ষ্টাৰ্টআপ প্ৰদৰ্শনীখন ২০২৬ চনৰ ২০ৰ পৰা ২৪ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব।
পঞ্জীয়ন আৰু যোগ্যতা
চলচ্চিত্ৰ, সংবাদ মাধ্যম আৰু ইয়াৰ সৈতে জড়িত প্ৰযুক্তি খণ্ডত কাৰ্যনিৰ্বাহ কৰা কেৱল ডিপিআইআইটি-পঞ্জীভুক্ত ষ্টাৰ্টআপসমূহৰ বাবেহে পঞ্জীয়ন মুকলি কৰা হৈছে। আবেদনসমূহ ৱেভএক্স-এ গঠন কৰা এক নিৰ্বাচনী সমিতিৰ দ্বাৰা মূল্যায়িত আৰু তালিকাভুক্ত কৰা হ’ব।
আগ্রহী ষ্টাৰ্টআপসমূহে ২০২৬ চনৰ ১৩ নৱেম্বৰৰ ভিতৰত wavex.wavesbazaar.com পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন সম্পূৰ্ণ কৰিব পাৰিব আৰু প্ৰদৰ্শনীৰ বীথিকাসমূহৰ আৰক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব।
ৱেভএক্স সম্পৰ্কে
ভাৰতৰ সংবাদ মাধ্যম, মনোৰঞ্জন আৰু এভিজিচি-এক্সআৰ পৰিতন্ত্ৰত উদ্ভাৱন, উদ্যোগী মনোভাৱ আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ প্ৰসাৰণৰ লক্ষ্যৰে গঠিত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক উৎসর্গীকৃত ষ্টাৰ্টআপ এক্সেলেৰেটৰ উদ্যোগ হ’ল ৱেভএক্স।
আইএফএফআই সম্পৰ্কে
প্ৰতিবছৰে গোৱাত অনুষ্ঠিত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই ) এছিয়াৰ অন্যতম প্ৰধান চলচ্চিত্ৰ মহোৎসৱ। ই ভাৰত তথা বিশ্বৰ চলচ্চিত্ৰ নিৰ্মাতা, উদ্যোগৰ পেছাদাৰী লোক আৰু চিনেমা প্ৰেমীসকলক চিনেমাৰ উৎকৰ্ষ উদযাপন কৰিবলৈ আৰু সৃজনশীল বিনিময় তথা আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰিবলৈ এক মঞ্চ প্ৰদান কৰে।
****
Mahesh Kumar/ Vivek Vishwash/KB