পোষ্ট কৰা হৈছে:
09 NOV 2026 1:15PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১১ নৱেম্বৰ, ২০২৬ত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত ২০২৫-২৬ বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা প্ৰদান কৰিব।
‘স্বচ্ছতা কি নই পেহেল- বঢ়ায়ে হাত, কৰিয়ে ছাফাই সাথ’ শীৰ্ষক স্বচ্ছ সৰ্বেক্ষণৰ দশম সংস্কৰণ সফলতাৰে সম্পূৰ্ণ হৈছে। নগৰ উন্নয়ন বিভাগ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ তত্ত্বাৱধানত স্বচ্ছ সৰ্বেক্ষণ (এছ এছ) বঁটা ২০২৫-২৬ৰ জৰিয়তে ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰসমূহক সন্মান জনোৱাৰ লগতে স্বচ্ছ ভাৰত মিছন-নগৰলৈ তেওঁলোকৰ অসাধাৰণ অৱদানক উদযাপন কৰা হ’ব। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজন কৰা অনুষ্ঠানত কেন্দ্ৰীয় আবাস আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মনোহৰ লালৰ লগতে কেন্দ্ৰীয় আবাস আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী টোখান চাহুৰ উপস্থিতিত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিভিন্ন শিতানত এই বঁটাসমূহ প্ৰদান কৰিব।
স্বচ্ছ সৰ্বেক্ষণ ২০২৫-২৬ৰ বঁটাসমূহে যোৱা এটা দশকত দেশৰ বিভিন্ন চহৰ আৰু ৰাজ্যই সামূহিক প্ৰচেষ্টাৰে অৰ্জন কৰা সফলতাক উদ্যাপন কৰাৰ লগতে তৃণমূল পৰ্যায়ত লাভ কৰা সাফল্যসমূহ অব্যাহত ৰখাৰ বাবে এক নতুন সংকল্পৰ প্ৰতিফলন ঘটাইছে।
স্বচ্ছ ভাৰত অভিযান-নগৰৰ অন্যতম গুৰুত্বপূৰ্ণ মূল্যায়ন কাৰ্যসূচী স্বচ্ছ সৰ্বেক্ষণৰ পৰিসৰ ২০১৬ চনত ৭৩টা নগৰ স্থানীয় নিকায়ৰ (ULB) পৰা সম্প্ৰসাৰিত হৈ শেহতীয়া সংস্কৰণত ৪,৭৫১টাতকৈও অধিক চহৰলৈ বৃদ্ধি পাইছে। স্বচ্ছ সৰ্বেক্ষণ ২০২৫-২৬ত কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰা হৈছে। ইয়াৰ ভিতৰত নাগৰিকৰ মতামতক অধিক গুৰুত্ব প্ৰদান, নগৰাঞ্চলৰ নদীৰ পাৰ, সাগৰীয় উপকূল আৰু জলাশয়সমূহৰ মূল্যায়নৰ পৰিসৰ বৃদ্ধি, মুকলিত শৌচ আৰু প্ৰস্ৰাৱ ৰোধ, পৰ্যটন আৰু ঐতিহ্যক্ষেত্ৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা বিদ্যালয়সমূহত আচৰণগত পৰিৱৰ্তনৰ পদক্ষেপৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
স্বচ্ছ সৰ্বেক্ষণৰ দশম সংস্কৰণত নগৰ স্থানীয় নিকায়সমূহৰ মূল্যায়ন ১০টা প্ৰধান ক্ষেত্ৰৰ ৪৩টা সূচকৰ ভিত্তিত কৰা হৈছে। এই ক্ষেত্ৰসমূহৰ ভিতৰত আছে— পৃথকীকৰণ, আৱৰ্জনা সংগ্ৰহ আৰু পৰিবহণ, কঠিন আৱৰ্জনা ব্যৱস্থাপনা, দৃশ্যমান পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনাময়ৰ সুবিধা, আৱৰ্জনা নিষ্কাশন সেৱাৰ যান্ত্ৰিকীকৰণ, প্ৰতিষ্ঠানিক ব্যৱস্থা আৰু সংশ্লিষ্ট পৰিৱেশ তন্ত্ৰৰ শক্তিশালীকৰণ, ব্যৱহৃত পানীৰ ব্যৱস্থাপনা, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সজাগতা আৰু জনসাধাৰণৰ অংশগ্ৰহণ, চাফাই কৰ্মচাৰীসকলৰ সামগ্ৰিক কল্যাণ, নাগৰিকৰ মতামত আৰু অভিযোগ নিষ্পত্তি।
এই মূল্যায়ন প্ৰক্ৰিয়াত সমগ্ৰ দেশৰ ৩,০০০ৰো অধিক প্ৰশিক্ষিত মূল্যায়নকাৰীয়ে অংশগ্ৰহণ কৰি ব্যাপক পৰ্যায়ত ক্ষেত্ৰভিত্তিক সমীক্ষা সম্পন্ন কৰে। ইয়াৰ বাবে বাস্তৱ সময়ৰ জিপিএছ-ভিত্তিক নিৰীক্ষণ ব্যৱস্থাৰো সহায় লোৱা হয়। তথ্য-প্ৰমাণ দাখিলৰ পৰা আৰম্ভ কৰি সেইসমূহৰ সত্যতা নিৰূপণলৈকে সমগ্ৰ মূল্যায়ন প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে ডিজিটেল আৰু স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰা হৈছে। প্ৰতিটো পৰ্যায়তে কঠোৰ গুণগত মান অনুসৰণ কৰা হৈছে।
দেশৰ সৰ্বাধিক পৰিষ্কাৰ-পৰিচ্ছন্ন চহৰসমূহৰ লগতে এইবাৰ ‘স্বচ্ছ শ্বেহৰ জোড়ি’ পদক্ষেপত উৎকৃষ্ট প্ৰদৰ্শন কৰা চহৰসমূহকো বঁটাৰে সন্মানিত কৰা হ’ব। এই পদক্ষেপৰ জৰিয়তে ৩৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭০খন পথপ্ৰদৰ্শক চহৰ আৰু ১৯১খন অংশগ্ৰহণকাৰী চহৰৰ মাজত পাৰস্পৰিক অভিজ্ঞতা বিনিময় আৰু উত্তম পদ্ধতিৰ আদান-প্ৰদানক উৎসাহিত কৰা হৈছে। নগৰাঞ্চলৰ আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত উৎকৃষ্টতা বৃদ্ধি কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মনোহৰ লালে ২০২৫ চনৰ ২৭ ছেপ্টেম্বৰত এই পদক্ষেপৰ শুভাৰম্ভ কৰিছিল। নগৰাঞ্চলৰ আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত এয়া এক বিশেষ পথপ্ৰদৰ্শন আৰু পাৰস্পৰিক শিক্ষণৰ কাৰ্যসূচী। এই পদক্ষেপৰ শুভাৰম্ভৰ সময়ত সকলো পথপ্ৰদৰ্শক আৰু অংশগ্ৰহণকাৰী চহৰৰ মাজত এখন বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰা হৈছিল।
স্বচ্ছ সৰ্বেক্ষণ ২০২৪ আৰু ২০২৫ৰ মাজৰ সময়ছোৱাত অংশগ্ৰহণকাৰী চহৰসমূহে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিভিন্ন প্ৰধান সূচকত উল্লেখযোগ্য উন্নতি সাধন কৰিছে। স্বচ্ছ সৰ্বেক্ষণ ২০২৫-২৬ৰ শেহতীয়া সংস্কৰণতো এই চহৰসমূহৰ প্ৰদৰ্শনত যথেষ্ট অগ্ৰগতি পৰিলক্ষিত হৈছে।
‘দৃশ্যমান পৰিষ্কাৰ-পৰিচ্ছন্নতা’ৰ পৰিমাপত মেণ্টী চহৰসমূহ এছ এছ ২০২৪ত ৪৮ শতাংশৰ পৰা শেহতীয়া সংস্কৰণত ৭০ শতাংশলৈ আগুৱাইছে। ‘ঘৰে ঘৰে সংগ্ৰহ’ত মেণ্টী চহৰসমূহ এছ এছ ২০২৪ত ৫২ শতাংশ আছিল আৰু এতিয়া সামগ্ৰিকভাৱে ৭৪ শতাংশত উপনীত হৈছে। মেণ্টী চহৰসমূহ মূল পৰিমাপসমূহৰ মাজেৰেও উল্লেখযোগ্য উন্নতি সাধন কৰিছে যেনে: উৎস পৃথকীকৰণ (১৬ শতাংশৰ পৰা ৩০ শতাংশ), অনাময়ৰ সুবিধা (১১ শতাংশৰ পৰা ৩৮ শতাংশ), ব্যৱহৃত পানী ব্যৱস্থাপনা (৩২ শতাংশৰ পৰা ৫৩ শতাংশ) আৰু স্বচ্ছতাৰ প্ৰতি সমৰ্থন (৪৮ শতাংশৰ পৰা ৬৬ শতাংশ)। ইয়ে উচ্চ প্ৰদৰ্শনকাৰী চহৰসমূহৰ উৎসৰ্গিত মেণ্টৰশ্বিপৰ দ্বাৰা শক্তিশালী অনাময় ব্যৱস্থা আৰু উন্নীত সেৱা প্ৰদানক প্ৰতিফলিত কৰিছে।
বছৰজোৰা নিষ্ঠাপূৰ্ণ প্ৰচেষ্টা, সুস্থ প্ৰতিযোগিতা আৰু স্বচ্ছতাৰ প্ৰতি অটল দায়বদ্ধতাৰ পিছত এতিয়া সমগ্ৰ দেশৰ চহৰসমূহে ১১ নৱেম্বৰ, ২০২৬ত স্বচ্ছ সৰ্বেক্ষণ ২০২৫-২৬ৰ বঁটা বিজয়ীসকলৰ নাম ঘোষণাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

****
SK/HS